মহানগৰীৰ ফাঁচীবজাৰৰ এছ এছ ৰোডত বিধ্বংসী অগ্নিকাণ্ড, এজন নিহত



গুৱাহাটী,৩ অক্টোবৰ : মহানগৰীৰ ফাঁচীবজাৰৰ এছ এছ ৰোডত পুৱতিনিশা সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় তিনিজন লোক। পুৱতিনিশা ৩.৩০ বজাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় চাইবাৰ মাৰ্ট নামৰ প্ৰতিষ্ঠানত ৷ ভয়ংকৰ অগ্নিকাণ্ডৰ মাজত আবদ্ধ হৈ পৰে চাৰিজন লোক। অগ্নিকাণ্ডত প্ৰাণ গ'ল এজনৰ আৰু সংকটজনক অৱস্থাত তিনিজনক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ। কৰুণ মৃত্যুক সাৱটি লোৱা লোকজনৰ নাম ছলমান কুৰেশ্বি। আনহাতে অগ্নিকাণ্ডৰ ফলত ধোৱাৰে আবৰি ধৰি সমগ্ৰ অঞ্চলটো। ঘটনাস্থলীত অগ্নিনির্বাপক বাহিনীৰ লগতে এছ ডি আৰএফৰ জোৱান  উপস্থিত হৈ অহৰহ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ জুইত চাইবাৰ মাৰ্ট নামৰ প্ৰতিষ্ঠান খনৰ সা-সামগ্ৰী জুইত জাহ যায়।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment