ৰাজ্যজুৰি কংগ্ৰেছৰ বৃহৎ যোগদান : বিজেপি নেতাসহ ৯৫০০ জন কংগ্ৰেছলৈ


গুৱাহাটী,১০ নৱেম্বৰ : কংগ্ৰেছৰ চৰকাৰ আহিলে 'মামী টেক্স’ বন্ধ কৰা হ’ব। অসমত কোনোবাই উদ্যোগ স্থাপন কৰিব খুজিলে বা নিয়োগ সৃষ্টিৰ কাম কৰিব বিচাৰিলে 'মামী টেক্স' দিয়াৰ ব্যৱস্থা হৈছে। 'মামী টেক্স'ৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। তিনিচুকীয়াৰ ফিল’বাৰীত আজি হাজাৰ হাজাৰ লোকৰ উপস্থিতিত কংগ্ৰেছ দলৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে অসমত অবৈধভাৱে মামী টেক্স চলি আছে। কয়লা ছিণ্ডিকেট, বালি ছিণ্ডিকেট, ছুপাৰি ছিণ্ডিকেট আৰু মামি টেক্সৰ বাবে আজি সাধাৰণ ৰাইজ জুৰুলা হৈছে। অসমত চাহ উদ্যোগৰ অৱস্থা বেয়া হৈছে। জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিল যে অসমৰ ৰাইজে চাহ, গঁড়, তেল আৰু জুবিন গাৰ্গক সম্পদ বুলি ভাবে। কিন্তু এতিয়া সেই সম্পদৰ ওপৰত হাতোৰা চলিছে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে। তিনিচুকীয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি লক্ষেশ্বৰ মৰাণকে ধৰি জিলাখনৰ একাংশ বিজেপি নেতা-কৰ্মীয়ে আজি কংগ্ৰেছ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দল আৰু চৰকাৰক চোকা সমালোচনা কৰি কংগ্ৰেছ দলত যোগদান কৰে। তিনিচুকীয়াৰ ফি’লবাৰীত আজি বিভিন্ন দল-সংগঠনৰ প্ৰায় ১০০০ লোকে কংগ্ৰেছ দলৰ সদস্যপদ গ্ৰহণ কৰে। ইফালে, গুৱাহাটী মহানগৰত মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত আজি শতাধিক লোকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, প্ৰাক্তন সভাপতি ৰিপুণ বৰা, ভূপেন বৰা, প্ৰাক্তন সাংসদ আব্দুল খালেক, মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰৰ উপস্থিতিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেবাজনো অধিবক্তা, বিজেপি দলৰ গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা সদস্য আৰু জ্যেষ্ঠ নাগৰিকে কংগ্ৰেছত যোগদান কৰে। যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, কামৰূপ গ্ৰাম্য জিলাতো আজি শ শ লোকে কংগ্ৰেছ দলত যোগদান কৰে। সাংসদ ৰকিবুল হুছেইনৰ আহ্বানত ধুবুৰী জিলাতো আজি কেবাশ লোকে কংগ্ৰেছ দলত নতুনকৈ যোগদান কৰে। একেদৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উদ্যোগত নগাঁও আৰু মৰিগাঁও জিলাতো বিজেপি দলৰ নেতা-কৰ্মীৰ লগতে আন দলৰ বহু নেতাই কংগ্ৰেছ দলত যোগদান কৰে। বৰপেটা জিলাত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত কেবাশ লোকে কংগ্ৰেছত যোগদান কৰে। একেদৰে বিয়লিৰ ভাগত নলবাৰীত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাৰ কেবাশ লোকে দলত যোগদান কৰে। শোণিতপুৰ জিলাত প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী আৰু বিধায়িকা শিৱামণি বৰাৰ তত্ৱাৱধানত প্ৰায় ২০০ লোকে কংগ্ৰেছত যোগদান কৰে। দৰং আৰু ওদালগুৰি জিলাতো কেবাশ লোকে কংগ্ৰেছ দলত যোগদান কৰে। ৰাজ্যখনৰ ৩৫খন জিলাৰ পৰা লাভ কৰা তথ্য অনুসৰি প্ৰায় ৯৫০০ লোকে আজি কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। গোৱালপাৰা, বঙাইগাঁও, দক্ষিণ শলমাৰা-মানকাছাৰ, বাক্সা আদি জিলাসমূহতো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি কংগ্ৰেছ দলত বহু লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদান কাৰ্যসূচীৰ পিছত তিনিচুকীয়াত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে আমি কথা দি কথা ৰাখিলো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ তাৰিখত যি কয় অসমৰ ৰাইজে সেয়া বিশ্বাস নকৰে বুলি উল্লেখ কৰি গগৈয়ে কয় যে ১০ ছেপ্টেম্বৰত আমি ৰাজীৱ ভৱনত কেন্দ্ৰীয়ভাৱে যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিলো। ১০ অক্টোবৰত গুৱাহাটীত কেন্দ্ৰীয়ভাৱে যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পিছত বিজেপি দল আৰু চৰকাৰৰ প্ৰতি আশা ভংগ হৈ হাজাৰ হাজাৰ লোকে কংগ্ৰেছ দলত যোগদান কৰিব বিচাৰিলে আৰু সেইবাবে আমি জিলাই জিলাই যোগদানৰ কাৰ্যসূচী আৰম্ভ কৰিবলগীয়া হ’ল। গগৈয়ে লগতে কয় যে অহা ১০ ডিচেম্বৰতো পুনৰ যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment