১৮ নবেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন : ৰাজ্যজুৰি অগপৰ জাতীয় স্বাভিমান দিৱস


গুৱাহাটী,১২ নবেম্বৰ : অহা ১৮ নবেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনটো ৰাজ্যজুৰি অসম গণ পৰিষদ দলে জাতীয় স্বাভিমান দিৱস ৰূপে পালন কৰিব। আজি এই সন্দৰ্ভত আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত এখন সংবাদমেলত দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই কয় যে, "সিদিনা দলৰ প্ৰতিখন বিধানসভা সমষ্টি সমিতিয়ে বিস্তৃত কাৰ্য্যসূচীৰে জাতীয় স্বাভিমান দিৱস পালন কৰিব। কাৰ্য্যসূচীৰ ভিতৰত আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, নাহৰকে ধৰি গছ পুলি ৰোপন, প্ৰকৃতি বন্ধু আৰু কিতাপৰ বন্ধুক সম্বৰ্ধনা, প্ৰাণৰ শিল্পী জুৱিন গাৰ্গৰ গীত পৰিবেশন, জুবিন গাৰ্গৰ স্বাভিমানী সত্বাৰ ওপৰত নিৰ্দিষ্ট বক্তাৰ ভাষণ, সন্ধিয়া দলীয় কাৰ্য্যালয় অথবা ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন কাৰ্যসূচী। ইয়াৰ উপৰি দলৰ যুৱ সংগঠন আৰু ছাত্ৰ সংগঠন অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ সহস্ৰাধিক সদস্যই প্ৰতিখন জিলা সদৰত ৰক্তদান কৰিব। ইতিমধ্যে কেইবাশতাধিক সদস্যই ৰক্তদানৰ বাবে নাম পঞ্জীয়ন কৰিছে।" সংবাদমেলত দলৰ সাধাৰণ সম্পাদক সুনীল ডেকা, প্ৰচাৰ সম্পাদক অংশুমান দত্ত আদি উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment