এছ আৰৰ বিৰুদ্ধে গুৱাহাটীত যুৱ কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ


গুৱাহাটী,২১ নবেম্বৰ : ভোটাৰ তালিকাৰ বিশেষ সংশোধনী চমুকৈ এছ আৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ শুকুৰবাৰ গুৱাহাটীত আটক হয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয়ভানু শিৱ। লগতে যুৱ কংগ্ৰেছৰ অসমৰ তত্ত্বাৱধায়ক মিতেন্দ্ৰ দৰ্শন সিং, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেইৰ আনমসহ বহু সংখ্যক প্ৰতিবাদকাৰীক আটক কৰা হয়। দিছপুৰৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা তেওঁলোকক আটক কৰা হয়। শুকুৰবাৰে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয়ভানু শিৱৰ উপস্থিতিত গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত বিজেপিৰ ভোট চুৰিৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্ত্বাৱধায়ক মিতেন্দ্ৰ দৰ্শন সিং, সহঃ তত্ত্বাৱধায়ক ৰাকেশ মিনাকে আদি কৰি বহু সংখ্যক যুৱ কংগ্ৰেছৰ বিষয়ববীয়া, সদস্যই এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে দেশৰ নিৰ্বাচন আয়োগ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। দেশৰ গণতন্ত্ৰত আঘাট সানি বিজেপিয়ে চৰকাৰ গঠনৰ পোষকতা কৰি সমগ্ৰ নিৰ্বাচনী ব্যৱস্থাটোক ভেঙুচালি কৰাৰ অভিযোগ তুলি প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি ৰাজপথলৈ ওলাই আহে। প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয়ভানু শিৱে কয়, "ভোটচুৰিৰে বিহাৰৰ নিৰ্বাচন জয়ৰ পাছত এইবাৰ নৰেন্দ্ৰ মোদীৰ টাৰ্গেটত অসমৰ বিধানসভা নিৰ্বাচন। এছ আৰক অস্ত্ৰ হিচাপে লৈ ভুৱা ভোটাৰ সৃষ্টিৰ আৰম্ভণি হৈ গ'ল। নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে আজি গুৱাহাটীত যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। এছ আৰৰ বিৰুদ্ধে এই যুদ্ধ কেৱল এখন ৰাজ্যৰ নহয়, দেশজুৰি ইয়াৰ বিৰোধীতাৰে প্ৰতিবাদ সাব্যস্ত হ'ব। ভোট চুৰি দেশৰ গণতন্ত্ৰত এক কোঠাৰাঘাট। ভোট চুৰিয়ে দেশৰ প্ৰতিজন ভোটাৰ, ব্যক্তিৰ অধিকাৰ খৰ্ব কৰে। সংবিধান পদত্ত এই অধিকাৰ ক্ষুন্ন কৰিব বিচৰা প্ৰতিজনৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে অনাগত দিনটো এনে কাৰ্যসূচী ৰূপায়ণ কৰি যাব।" প্ৰতিবাদকাৰী সকলে আৰক্ষীৰ বাধা নেওচি আগুৱাই যাব বিচৰাত আৰক্ষীয়ে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয়ভানু শিৱ, যুৱ কংগ্ৰেছৰ অসমৰ তত্ত্বাৱধায়ক মিতেন্দ্ৰ দৰ্শন সিং, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেইৰ আনমসহ বহু সংখ্যক প্ৰতিবাদকাৰীক আটক কৰে। আটক কৰা প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে কাহিলিপাৰাৰ দশম অসমৰ আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় চৌহদত আৱদ্ধ কৰি ৰাখে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment