বীৰকুছিৰ বিহগী নগৰত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ আবক্ষ মূৰ্তি উন্মোচন চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ
গুৱাহাটী,১৮ নৱেম্বৰ : চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ প্ৰচেষ্টাত চত্তিছগড়ৰ ৰাজভৱনৰ অনুদানৰ সহায়ত বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ উদ্যোগত আজি গুৱাহাটীৰ নাৰেংগী-বীৰকুছিৰ বিহগী নগৰত আত্মনিৰ্ভৰশীল অসমৰ অন্যতম পথ প্ৰদৰ্শক, বিহগী কবি ৰঘুনাথ চৌধাৰীৰ এক ব্ৰঞ্জৰ আবক্ষ মূৰ্তি উন্মোচন কৰে চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই। চৌধাৰীৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তিটো ৰাজ্যপাল ৰমেন ডেকাৰ প্ৰচেষ্টাত ৰাজভৱনৰ অনুদানেৰে চত্তিছগড়ৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ চাগেন্দ্ৰ উছেন্দিৰ নেতৃত্বত ভাস্কৰ্য শিল্পীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ সভাপতি ৰীণা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মূল অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ৰাজ্যপাল ডেকাই কয়, "মোগলৰ আক্ৰমণ, বদন বৰফুকনৰ দিনত মানৰ আক্ৰমণ, প্ৰবল ভূমিকম্প আৰু তাৰ পাছতো আকৌ খণ্ড খণ্ড প্ৰলয়ৰ মাজতো অসমীয়া জাতি জীয়াই আছে। অসমীয়া ভাষাত দীপিকা ছন্দ, ডাকৰ বচন আদি থকা দিনৰ পৰাই অসমীয়া ভাষা জীয়াই আছে আৰু জীয়াই থাকিব। বানপানী অথবা পছোৱা বতাহত আমাৰ ভাষা উৰি নাযায় বুলি ৰঘুনাথ চৌধাৰীয়ে ইতিমধ্যে কৈ গৈছে। কেৱল আমি চৰ্চা অব্যাহত ৰাখিব লাগিব। বৰ্তমান ইলেকট্ৰনিক আৰু আৰ্টিফিচিয়েল ইণ্টালিজেনৰ সময় আহিছে। তথাপিও কিন্তু ছপা মাধ্যম সদায় জীয়াই থাকিব। ছপা মাধ্যমক জীয়াই ৰাখিবলৈ হলে নতুন প্ৰজন্মৰ উপৰিও সৰ্বস্তৰৰ নাগৰিকৰ মাজত কিতাপ পঢ়াত গুৰুত্ব দিব লাগিব। জাতি মাটি আৰু প্ৰকৃতি এই তিনিটাৰ মাজত সদায় সমন্বয় থাকিব লাগিব। যদি সমন্বয় নাথাকে তেনেহলে প্ৰলয় হ'ব। ৰঘুনাথ চৌধুৰীয়ে বীৰকুচিত থাকিয়ে দহিকতৰা লিখিখিছিল। গীতমাত আৰু চৰাইৰ কবিতা লিখিছিল। লগতে কৃষিকৰ্ম কৰিছিল। বিহগীৰ কবিতাৰ মাজত প্ৰকৃতিৰ প্ৰেম প্ৰতিফলিত হৈছিল। মণিৰাম দেৱানৰ পাছতে অসমক অৰ্থনৈতিকভাৱে আগবঢ়াই নিয়াৰ আদৰ্শ প্ৰতিস্থা কৰিছিল ৰঘুনাথ চৌধাৰীয়ে। অসমৰ প্ৰায় ৮০ শতাংশ কৃষিজীৱী লোকক তেওঁ অনুপ্ৰাণিত কৰিছিল। তেওঁ সেই সময়ত গোপীনাথ বৰদলৈক কৈছিল অসম অৰ্থনৈতিক ভাৱে আগবাঢ়িবলৈ হলে কৃষিয়ে হৈছে একমাত্ৰ উপায়।" ভাষণ প্ৰসংগত ৰাজ্যপাল ডেকাই বিহগী কবি ৰঘুনাথ চৌধাৰীৰ কৰ্মৰাজি জীয়াই ৰাখিবলৈ বীৰকুচি বিহগী নগৰত কবি গৰাকীৰ স্মৃতিত এটি ন্যাস গঠন কৰিবলৈ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীক দায়িত্ব দিয়ে আৰু বিহগী নগৰবাসী ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনায়। লগতে মাৰ্চৰ ভিতৰত এই কাম সম্পূৰ্ণ হলে ন্যাসৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহাৰ্য দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে সভাত ৰাজ্যপাল ডেকাই। প্ৰথমে ৰাজ্যপাল ৰমেন ডেকাক আনন্দি বুংৰুং পথৰ পৰা বিহগী নগৰ নামঘৰৰ বাকৰিলৈ আদৰণি অনা হয়। তাৰ পাছত প্ৰথমে তেওঁ প্রতিমূর্তি উন্মোচন কৰে আৰু প্রদর্শনীৰ দ্বাৰ উন্মোচন আৰু 'ৰঘুনাথ' শীর্ষক স্মৰণিকাখন উন্মোচন কৰে।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ শিশু সাহিত্য ন্যাসৰ সচিব তথা বিশিষ্ট লেখক হৃষীকেশ গোস্বামীযে কয়, "যি সকলে জাতিটোৰ ভেটি নিৰ্মান কৰিছিল তাৰ নিদৰ্শন স্বৰূপে বিহগী নগৰবাসীযে বিহগী কবি ৰঘুনাথ চৌধাৰীৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি উন্মোচন কৰি সেই সকল ব্যক্তিক শ্ৰদ্ধা জনোৱাৰ উদাহৰণ দাঙি ধৰিলে সেই কৰ্মই নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগাব। চৌধাৰীয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত থাকি তাহানিতে তেওঁৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে। আমি গছ গছনি, পাহাৰ,নদী আদিক পূজা কৰো কিয় ? কাৰণ প্ৰকৃতি হৈছে ভগবান। হিন্দু ধৰ্মই আমাক শিকাইছে যে প্ৰকৃতিয়ে ভগবান। প্ৰকৃতি যাতে সুৰক্ষিত হৈ থাকে, জীৱজন্তুৰ মাজত যাতে সদায় বেলেন্স হৈ থাকে তাৰবাবে প্ৰকৃতিক পূজা কৰিব লাগে। অনুষ্ঠানত লেখিকা অনুপমা চৌধুৰীক সম্বৰ্ধনা জনোৱা হয় । ইপিনে সভাৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ সম্পাদক ৰবীন ভট্টাচার্যই । মুখ্য বক্তা হিচাপে ভাগ লয় পৰীক্ষিত বৈশ্যই। পৰিয়ালৰ ফালৰ পৰা ভাষণ দিয়ে মৃণাল চৌধাৰীযে। নির্মাণ উপ-সমিতিৰ সভাপতি বিপিন চন্দ্ৰ ঠাকুৰীয়াই দু-আষাৰ কয়। বৃহত্তৰ বীৰকুচি সাহিত্য সভাৰ মুখ্য উপদেষ্টা তথা প্রতিষ্ঠাপক সভাপতি শশধৰ ডেকাৰ ভাষণৰ পাছতে সভাৰ সভাপতি ৰীণা শৰ্মাৰ মন্তব্য আৰু শলাগৰ শৰাই আগবঢ়াই নিৰ্মাণ সমিতিৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধাৰীযে। তদুপৰি সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে এক উৎসৰ্গিত সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় ।

0 Comments:
Post a Comment