বাংলাদেশী বিধায়কক লৈ চৰকাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই : প্ৰদেশ কংগ্ৰেছ


গুৱাহাটী,১৯ ডিচেম্বৰঃ "অচিনাকি মানুহৰ সপোনত বিভোৰ হৈ থকা ড° হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী বিধায়কৰ দ্বাৰা মুখ্যমন্ত্ৰী হৈ থকাতো অসমীয়া জাতিৰ বাবে লজ্জাজনক কথা। বাংলাদেশী এজন লোক কেনেকৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হৈ নিৰ্বাচনত অংশগ্ৰহণ কৰি বিধায়ক হ’ল তাৰ উত্তৰ নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰে দিব লাগে।" - গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত আজি এইদৰে দাবী উত্থাপন কৰে কংগ্ৰেছৰ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে। বিধায়ক দিগন্ত বৰ্মনে সংবাদমেলত কয়, ''গোটেই ভাৰতবৰ্ষত এতিয়া ভোট চুৰিক লৈ চৰ্চা হৈ আছে৷ তেনে সময়তে ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ ভাৰতীয় নাগৰিক নহয় বুলি খবৰ এটা ওলাইছে৷ ব্ৰজগোপাল সিনহা আৰু বিজয় কুমাৰ কানু নামৰ দুজন লোকে ৰিট আবেদন দাখিল কৰিছে৷ এই ক্ষেত্ৰত ন্যায়াধীশ কাৰ্দিক ইকে ৰাজ্য চৰকাৰ, ভাৰতৰ নিৰ্বাচন আয়োগক জাননী জাৰি কৰিছে৷ ১৯৭১ চন ২৫ মাৰ্চৰ আগত যিসকল লোকে অসমলৈ আহিছে তেওঁলোকৰ ভোটাধিকাৰ থকাত কাৰো আপত্তি নাই৷ অসম চুক্তি মতে এয়া হৈ গৈছে৷ কিন্তু ২৫ মাৰ্চৰ পিছত অহাসকলৰ ভোটাধিকাৰ কেনেকৈ পালে? তেওঁ দুবাৰকৈ বিধায়ক হৈছে আৰু দুখন ঠাইৰ ভোটাৰ তালিকাত তেওঁৰ নাম নথিভুক্ত হৈ থকাৰ কথাও ওলাইছে। এনে ব্যক্তি এজনৰ ভোটাৰ তালিকাত নাম সোমোৱাটো আইনীভাৱে কিদৰে সম্ভৱ হ'ল? এই বিষয়ে কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন আয়োগে স্পষ্টীকৰণ দিয়াটো অত্যন্ত প্ৰয়োজন।" ভোটাৰ তালিকা সংশোধনৰ বিতৰ্কৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, "বিএলঅ’ বা ছুপাৰভাইজাৰসকলে বহুতক ‘সন্দেহজনক ভোটাৰ’ হিচাপে চিহ্নিত কৰি তালিকাৰ পৰা নাম কাটি দিছে। সাধাৰণতে ঘৰত মানুহ নাথাকিবও পাৰে, কিন্তু ইয়াৰ অজুহাতত নিৰ্দিষ্ট লোকৰ নাম কাটি পেলোৱাৰ এক কৌশলী প্ৰচেষ্টা চলি আছে। ৰাহুল গান্ধীয়ে ভোট চুৰিৰ কথা কৈছে, ইয়াৰ লগত এই কাৰ্য্যই সাদৃশ্য ৰাখিছে। কংগ্ৰেছ দলৰ সমৰ্থকসকলৰ নাম তালিকাৰ পৰা আঁতৰালেহে তেওঁলোকে নিৰ্বাচনত জয়ী হ'ব বুলি ভাবিছে, যাৰ বাবে এই চুৰিৰ আশ্ৰয় লোৱা হৈছে।" বৰ্মনে বাংলাদেশ ভ্ৰমণৰ অভিজ্ঞতা আৰু তাত সংগৃহীত তথ্যৰ উল্লেখ কৰি কয়, "আমি শ্বেখ মুজিবুৰ ৰহমানৰ জন্মগাঁৱৰ মিউজিয়ামৰ পৰা জানিব পাৰিছোঁ যে ১৯৭১ চনত অসমত ২৮টা শিবিৰত মুঠ ৩ লাখ ১২ হাজাৰ ৭১৩ জন শৰণাৰ্থী আছিল। ২৫ মাৰ্চৰ পিছত যিসকলে ইয়ালৈ আহিছিল, তেওঁলোক বিদেশী হিচাপেই ৰৈ গ'ল। এনে পৰিস্থিতিত বিজয় মালাকাৰৰ দৰে ব্যক্তিজনক বিধায়ক হোৱাৰ সুযোগ দিয়াতো এক দুৰ্ভাগ্যজনক ঘটনা।" নিৰ্বাচন আয়োগৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয়, "সমষ্টিৰ সীমা পুনৰ্নিৰ্ধাৰণৰ সময়তো আমাৰ অভিযোগ উপেক্ষা কৰা হৈছিল। বিজেপিৰ সুবিধাৰ কাৰণে কোনো সমষ্টি ৩০-৩৫ লাখ লোকেৰে, আকৌ কোনো সমষ্টি ১২-১৫ লাখ লোকেৰে গঠন কৰা হ'ল। নিৰ্বাচন আয়োগৰ প্ৰতি আমাৰ আস্থা কমি গৈছে।’’ আনহাতে, সংবাদমেলত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ বেদব্ৰত বৰাই কয়, "বিজেপি বিধায়ক বিজয় মালাকাৰে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত পৰিয়ালসহ ভাৰতলৈ আহিছে৷ এনে এজন লোকে বিজেপি দলে কেনেকৈ বিধায়ক পদত নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থিত্ব দিলে? সেইটো এটা ডাঙৰ প্ৰশ্ন৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ জাননী জাৰি কৰিছে৷" তেওঁ আৰু কয়, "প্ৰধানমন্ত্ৰীয়ে ২০১৪ত কৈছিল যে ১৬ মে’ৰ পিছত এজনো বাংলাদেশী নাথাকিব৷ এতিয়া বাংলাদেশী বিধায়কৰ জৰিয়তে তেওঁলোকে কি কৰিব বিচাৰিছে? তেওঁলোকে ‘কা’ (নাগৰিকতা সংশোধনী আইন) আনি বাংলাদেশী বিধায়কৰ জৰিয়তে চৰকাৰ চলাব বিচাৰিছে৷ ২০২৪ চনত ‘কা’ আইন ইয়াত বলবৎ হৈছে৷ কিন্তু বিজয় মালাকাৰে ২০২১ চনতেই বিধায়ক হ’ল৷ ইয়াৰ স্পষ্টীকৰণ বিজেপিয়ে ৰাইজক দিব লাগিব।" বৰাই অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰসকলক অসম আৰক্ষীৰ তৰফৰ পৰা বিভিন্ন ধৰণে হাৰাশাস্তি কৰি থকা সন্দৰ্ভতো সংবাদমেলত সৰৱ হৈ পৰে। তেওঁ কয়, "আজি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙৰ ঘৰৰ সন্মুখত পুলিচ আছে। তেওঁক ঘৰৰ পৰা ওলাবলৈ দিয়া হোৱা নাই। ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত কৰ্মী এজনকো গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰক সমালোচনা কৰিলে, চৰকাৰৰ নীতিৰ বিৰুদ্ধে কিবা ক’লেই প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰসকলক হাৰাশাস্তি কৰি থকা হৈছে৷ এনে ঘটনাক গৰিহণা দিছো৷ ভৱিষ্যতে অসম আৰক্ষীক এনে ঘটনাৰ সৈতে জড়িত নহ’বলৈ সকীয়াই দিছো৷ কাৰ নিৰ্দেশত এনে কৰা হৈছে তাৰ তদন্ত কৰিবলৈ দাবী জনাইছো৷’’ সংবাদমেলত মুখপাত্ৰ কংকন দাসো উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment