কেগৰ পৃষ্ঠাই পৃষ্ঠাই হিমন্ত বিশ্বৰ দুৰ্নীতি-অনিয়ম আৰু প্ৰতাৰণাৰ অভিলেখ : প্ৰদেশ কংগ্ৰেছ


গুৱাহাটী,৯ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিথ্যাচাৰৰ আশ্ৰয় লৈ সাধাৰণ ৰাইজৰ লগতে কেন্দ্ৰীয় চৰকাৰক দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি আহিছে। কেগৰ প্ৰতিবেদনৰ দৃষ্টান্ত দাঙি ধৰি আজি অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাই ৰাজীৱ ভৱনত এক সংবাদমেলযোগে কয় যে কেগৰ প্ৰতিবেদনে হিমন্ত বিশ্ব শৰ্মা যে এজন মিছলীয়া ব্যক্তি সেই কথা প্ৰমাণ কৰিছে। বৰাই কয় যে কেগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া বিত্তীয় বৰ্ষৰ হিচাপ-নিকাচ পৰীক্ষা কৰি এই কথা নিশ্চিত হৈছে যে অসম চৰকাৰে নীতি-নিয়ম ভৰিৰে গচকি পুঁজি ব্যয় কৰিছিল। কেগে প্ৰতিবেদনত উল্লেখ কৰিছে, "ভোগৰ বাবে নহয়, বিনিয়োগৰ বাবেহে ঋণ" নীতি অৰ্থাৎ ঋণ লোৱা হয় উৎপাদনশীল কামৰ বাবেহে, কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঋণ লৈ উপভোগমূলক কাম-কাজত বিশেষকৈ হিতাধিকাৰীক আঁচনি প্ৰদানত ব্যৱহাৰ কৰিছে। ৰাজ্যৰ বিত্তীয় ব্যৱস্থাপনাত থকা ব্যাপক ত্ৰুটি আৰু অনিয়মৰ ভয়াৱহতা উদঙাই দি কেগৰ প্ৰতিবেদনৰ উধৃতিৰে সংবাদমেলখনত প্ৰাক্তন সাংসদ ৰিপুন বৰাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বিত্তীয় শৃংখলতা ভংগ কৰি নতুন অভিলেখ ৰচনা কৰিছে। প্ৰতিবেদনমতে, ২০২৩-২৪ বৰ্ষৰ বাবে ধাৰ্য্য কৰা হোৱা ১,৬৯,৯৬৬ কোটি টকাৰ বাজেটৰ প্ৰকৃত খৰচ হৈছিল মাত্ৰ ১,৩৯,৪৪৯ কোটি টকা। ইয়াৰ পিছতো চৰকাৰে ৩০,৫১৬ কোটি টকা সঞ্চয় হোৱা বুলি প্ৰকাশ কৰিছে। কিন্তু সেই বৰ্ষত মুঠ ৰাজহ সংগৃহীত হৈছিল মাত্ৰ ১,৩৮,৮৩০ কোটি টকা, যাৰ ফলত প্ৰকাশ কৰা সঞ্চয়ৰ টকা বাজেটত উল্লেখেই হোৱা নাছিল বুলি প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ আছে। ইয়াৰ উপৰি, চৰকাৰৰ ৫০টা বিভাগে প্ৰায় ১৮,৬৬৯ কোটি টকাৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ দাখিল কৰা নাই, যিটো বিত্তীয় নীতিৰ এক সুস্পষ্ট উলংঘা। এই তালিকাত বিত্ত, শিক্ষা, সমাজকল্যাণ আদিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগসমূহো আছে। এইদৰে হাজাৰ কোটি টকা হিচাপ-নিকাচৰ বাহিৰত ৰখা বিষয়টোৱে ৰাজহুৱা ধনৰ অপব্যৱহাৰ হোৱাতো স্পষ্ট কৰি তুলিছে বুলিও কয় বৰাই। ৰাজ্যৰ ঋণৰ স্তৰ সম্পৰ্কেও প্ৰতিবেদনত উল্লেখ থকা উদ্বেগজনক তথ্য সম্পৰ্কেও সংবাদমেলত উল্লেখ কৰে বৰাই। তেওঁ কয় যে বৰ্তমানৰ গতিত গৈ থাকিলে ২০২৬ চনৰ ৩১ মাৰ্চলৈকে ৰাজ্যৰ মুঠ ঋণ প্ৰায় ১,৭৪,০০০ কোটি টকা হোৱাৰ সম্ভাৱনা আছে। এই ঋণৰ প্ৰায় ৯৯ শতাংশ অহা দহ বছৰৰ ভিতৰতে সুদ সহ পৰিশোধ কৰিব লাগিব, যাৰ বাবে ভৱিষ্যতে কৰ বৃদ্ধি বা উন্নয়নমূলক খৰচ কৰ্তন কৰিবলগীয়া হ'ব পাৰে। ২০১৯-২০ৰ তুলনাত ২০২৩-২৪ বৰ্ষত ৰাজ্যৰ ঋণ ১০৩ শতাংশ বৃদ্ধি পাই ১,৪৬,৯২৭ কোটি টকা হৈছে। লগতে, ঋণৰ সুদ পৰিশোধৰ বোজাও ২০১৬-১৭ত ২,৯৬৩ কোটিৰ পৰা বৃদ্ধি পাই ২০২৩-২৪ত ৯,৪৬৭ কোটি টকালৈ উপনীত হৈছে। প্ৰতিবেদনত উল্লেখ থকা অনুযায়ী ২০২৩-২৪ত গৃহীত ৩০,২১০ কোটি টকাৰ চাপ্লিমেণ্টাৰী বাজেটৰ প্ৰকৃত আৱশ্যকতা মাত্ৰ ৭৪ শতাংশ আছিল। ইয়াৰোপৰি, ২০২১ৰ পৰা ২০২৪ লৈকে চৰকাৰে লোৱা ঋণৰ ৬৫ শতাংশ বিভিন্ন হিতাধিকাৰী আঁচনি আৰু অনুদানত খৰচ কৰা হৈছে, যিটো "ভোগৰ বাবে নহয়, বিনিয়োগৰ বাবেহে ঋণ" নীতিৰ স্পষ্ট উলংঘা বুলিব পাৰি। বৰাই আন কেতবোৰ উদ্বেগজনক দিশো উদঙাই দিয়ে। উল্লেখ্য যে, ৭৫খন স্বায়ত্ত্বশাসিত পৰিষদ আৰু উন্নয়ন সংস্থা আৰু ৩৯খন ৰাজ্যিক উদ্যোগৰ অসংখ্য বিষয়ত হিচাপ-নিকাচ আজি পৰ্যন্ত দিয়া নাই। লগতে শিক্ষাখণ্ডত ১৭.৭০ শতাংশ আৰু স্বাস্থ্যখণ্ডত ৫.২১ শতাংশ খৰচ কৰ্তন কৰাৰ বিপৰীতে ঋণ পৰিশোধৰ নামত ২,১৭২ কোটি টকা বাজেট বহির্ভূতভাৱে খৰচ কৰা হৈছে। ৰিপুন বৰাই এই তথ্যসমূহক ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে এক সকীয়নি বুলি অভিহিত কৰি ৰাজ্য চৰকাৰক স্বচ্ছতা আৰু জবাবদিহিতা ৰক্ষা কৰিবলৈ আহ্বান জনাইছে। তেওঁ জনসাধাৰণক এই বিত্তীয় ব্যৱস্থাপনাৰ প্ৰতি সজাগ হোৱাৰ লগতে চৰকাৰক জবাবদিহি কৰিবলৈকো আহ্বান জনায়। আজিৰ সংবাদমেলখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰ, মুখপাত্ৰ অৰূপজ্যোতি ভূঞা আৰু ৰীতম সিঙো উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment