কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰিলে গ্ৰন্থ ‘ভূপেন দা কা সুৰিলা চফৰ'


গুৱাহাটী,২৮ ডিচেম্বৰ : ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিশীল কৰ্মৰাজিক সামৰি প্ৰাতঃ খবৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক আজহাৰ আলমে লিখা হিন্দী গ্ৰন্থ ‘ভূপেন দা কা সুৰিলা চফৰ' দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে উন্মোচন কৰে। গুৱাহাটীৰ জ্যোতিকুছিস্থিত ১নং কাৰ্বি পথত থকা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাসগৃহত আয়োজন কৰা এক অনুষ্টুপীয়া অনুষ্ঠানত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা প্ৰকাশিত ১৮৪ পৃষ্ঠাৰ এই গ্ৰন্থখনত ড° ভূপেন হাজৰিকাৰ জীৱন, সৃষ্টিশীল প্ৰতিভা আৰু সাংস্কৃতিক অৱদানৰ বিভিন্ন দিশ সুস্পষ্টভাৱে উপস্থাপন কৰা হৈছে। গ্ৰন্থখন উন্মোচন কৰি মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰন্থখনৰ সাহিত্যিক মান আৰু সাংস্কৃতিক গুৰুত্বৰ প্ৰশংসা কৰি কয় যে ড° ভূপেন হাজৰিকা কেৱল অসমৰে কণ্ঠ নহয়, তেওঁ আছিল সমগ্ৰ ভাৰতীয় আত্মাৰ প্ৰতিধ্বনি। সোণোৱালে কয়, "ভূপেন দাদাৰ সংগীত মানৱিক সংবেদনশীলতা, সামাজিক দায়বদ্ধতা আৰু জাতীয় ঐক্যৰ গভীৰ চেতনাৰ পৰা উদ্ভৱ হৈছিল। হিন্দী ভাষাত ৰচিত এই গ্ৰন্থখন উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য ৰাষ্ট্ৰীয় স্তৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এক শক্তিশালী সেঁতু হিচাপে কাম কৰিব।” সোণোৱালে লগতে কয় যে এইধৰণৰ সাহিত্যিক প্ৰয়াসসমূহে সাংস্কৃতিক সংলাপ অধিক সমৃদ্ধ কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ বাকী অংশৰ মাজত মানসিক আৰু বৌদ্ধিক সংযোগ শক্তিশালী কৰে। তেওঁ আশা প্ৰকাশ কৰে যে এই গ্ৰন্থখনে বিশেষকৈ যুৱ প্ৰজন্মক ড° ভূপেন হাজৰিকাৰ চিন্তা, মূল্যবোধ আৰু চিৰকালীন শিল্পদৰ্শনৰ সৈতে পৰিচিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।অনুষ্ঠানটোৰ পৰিচালনা কৰে জ্যেষ্ঠ সাংবাদিক শৈলেন কলিতাই। আৰম্ভণিত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ সম্পাদক ড° ক্ষিৰদা কুমাৰ শইকীয়াই কয় যে ড° ভূপেন হাজৰিকাৰ জন্ম শতাব্দী বৰ্ষত এই গ্ৰন্থখন প্ৰকাশ কৰিব পাৰি সমিতিয়ে গৌৰৱ আৰু আত্মতৃপ্তি অনুভৱ কৰিছে। তেওঁ লগতে কয় যে লেখকে অতি যত্ন আৰু সংবেদনশীলতাৰে এই মহান শিল্পীৰ জীৱনক শব্দৰূপ দিছে। গ্ৰন্থখনৰ লেখক আজহাৰ আলমে নিজৰ বক্তব্যত কয় যে ‘ভূপেন দা কা সুৰিলা চফৰ’ তেওঁৰ দ্বিতীয় সাহিত্যিক কৃতি। এই গ্ৰন্থখনৰ জৰিয়তে তেওঁ ড° হাজৰিকাৰ জন্মৰ পৰা আৰম্ভ কৰি এজন ৰাষ্ট্ৰীয় তথা বৈশ্বিক সাংস্কৃতিক প্ৰতীকৰূপে গঢ় লৈ উঠাৰ যাত্ৰাক বিস্তৃতভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। তেওঁ আশা প্ৰকাশ কৰে যে পাঠকসমাজে এই গ্ৰন্থখন আদৰৰে গ্ৰহণ কৰিব আৰু ভূপেন হাজৰিকাৰ অমৰ উত্তৰাধিকাৰ নতুন প্ৰজন্মলৈ আগবঢ়াব। অনুষ্ঠানটোত সমিতিৰ দায়িত্বপ্ৰাপ্ত সাহিত্য সম্পাদক ৰামনাথ প্ৰসাদ, সমিতিৰ অন্যান্য বিষয়ববীয়া, সাংবাদিক আৰু সাহিত্যনুৰাগী উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment