বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী : কাইলৈ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রীয়ে


গুৱাহাটী,৪ জানুৱাৰী : "২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু ৰাজ্যিক বিজেপি। ইতিমধ্যে ৰাজ্যৰ প্ৰতিতো বিধানসভা সমষ্টি আৰু পঞ্চায়তত বিজেপিৰ নির্বাচন প্রৱন্ধন কমিটি সমূহ গঠন কৰা হৈছে।" এই কথা সদৰি কৰে অসম প্রদেশ বিজেপিৰ ২০২৬ ৰ বিধানসভা নির্বাচন প্ৰৱন্ধন সমিতিৰ আহ্বায়ক তথা লখিমমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱাই। আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সংবাদমেলত সাংসদ প্রদান বৰুৱাৰ সৈতে নির্বাচন প্ৰৱন্ধন সমিতিৰ সহঃআহ্বায়ক তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক অনুপ বর্মনো উপস্থিত থাকে। সংবাদমেলৰ যোগেৰে সাংসদ প্রদান বৰুৱাই ৰাজ্যজুৰি হ'বলগীয়া দেৱাল লিখন কাৰ্যসূচীৰো বিস্তৃত বর্ণনা দাঙি ধৰে। সাংসদ গৰাকীয়ে জনাই যে, অহা ৫ জানুৱাৰীত প্রদেশ বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত দেৱাল লিখন কাৰ্যসূচীৰ শুভাৰম্ভকৰিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই। গুৱাহাটীৰ ৰাজধানী মণ্ডলৰ অন্তৰ্গত খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত ৫ জানুৱাৰীত মুখ্যমন্ত্রী ৬০ শৰ্মাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে সমগ্ৰ অসমতে বিজেপিৰ সাংসদ, মন্ত্রী-বিধায়ক, ৰাজ্যিক মৰ্চাৰ সভাপতি, জিলা সভাপতি, জিলা পৰিষদৰ সদস্য, মেয়ৰ-পৌৰপতি তথা আঞ্চলিক পঞ্চায়তৰ সদস্য সকলে নিজ নিজ এলেকাত দেৱাল লিখন কার্যসূচী ৰূপায়ণ কৰিব বুলি সাংসদ গৰাকীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে, প্রথম পৰ্যায়ত দেৱাল লিখনৰ বাবে বাচনি কৰা শ্লোগানসমূহ হৈছে-"বিজেপি আমাক কিয় লাগে-সভ্যতা, সংস্কৃতি আৰু জীৱন সুৰক্ষাৰ বাবে-আকৌ এবাৰ বিজেপি চৰকাৰ", "বিজেপি আমাক কিয় লাগে-আমাৰ মাটি, আমাৰ অধিকাৰৰ বাবে-আকৌ এবাৰ বিজেপি চৰকাৰ", "বিজেপি আমাক কিয় লাগে-মহিলাৰ আৰ্থিক সৱলীকৰণৰ বাবে-আকৌ এবাৰ বিজেপি চৰকাৰ", "বিজেপি আমাক কিয় লাগে-মেধাৰ ভিত্তিত স্বচ্ছ নিযুক্তিৰ বাবে- আকৌ এবাৰ বিজেপি চৰকাৰ", "বিজেপি আমাক কিয় লাগে-বিকশিত, সুৰক্ষিত আৰু আত্মনিৰ্ভৰ অসমৰ বাবে-আকৌ এবাৰ বিজেপি চৰকাৰ", "অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা-অসমৰ দৰকাৰ বিজেপি চৰকাৰ", "বিকশিত অসমৰ বাবে বিজেপিক ভোট দিওঁ আহক"।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment