অসম চৰকাৰৰ উদ্যোগত ২৮গৰাকী সাহিত্যিকলৈ ২০২৫বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান


গুৱাহাটী,৭ ডিচেম্বৰঃ অসম চৰকাৰৰ  উচ্চ শিক্ষা বিভাগৰ উদ্যোগত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্ম দিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত আয়োজিত "কথাশিল্পীলৈ শ্ৰদ্ধাঞ্জলি" অনুষ্ঠানত আজি ৰাজ্যৰ ২৮গৰাকীকৈ সাহিত্যিক আৰু লেখকক "সাহিত্যিক বঁটা আৰু পেন্সন প্ৰদান"কৰা হয়। সৃষ্টিশীল সাহিত্য চৰ্চাৰে অসমৰ ভাষা-সাহিত্যৰ ক্ষেত্ৰখন সমৃদ্ধ কৰি অহা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিভিন্ন ভাষাৰ ১৮গৰাকী লেখক-লেখিকাক সাহিত্যিক বঁটা আৰু আৰু ১০গৰাকী লেখক-লেখিকাক পেন্সন প্ৰদানেৰে সন্মানিত কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যত নতুন প্ৰজন্মৰ মাজত সাহিত্যক অধিক জনপ্ৰিয়কৰণৰ বাবে ডিজিটেল মাধ্যমৰ ব্যৱহাৰ অত্যন্ত প্ৰয়োজনীয় আৰু যুগসাপেক্ষ দাবী বুলি উল্লেখ কৰি কয় যে সাহিত্য চৰ্চা আৰু অধ্যয়নৰ সৈতে আধুনিক প্ৰযুক্তিৰ সংযোগ স্থাপন কৰাটোৱে অসমৰ ভাষা-সাহিত্যৰ ক্ষেত্ৰখনক অধিক ব্যাপ্তি আৰু গতিশীলতা প্ৰদান কৰিব। মন্ত্ৰীগৰাকীয়ে বিশ্বৰ বিভিন্ন ভাষাত সাহিত্যই ডিজিটেল ৰূপ পৰিগ্ৰহণ কৰাৰ উদাহৰণ দি কয় যে সাহিত্য গ্ৰন্থ একোখন এতিয়া ডিজিটেল মাধ্যম যোগে পঢ়িব পৰাৰ দৰে শুনিব পৰাও হৈছে। এইক্ষেত্ৰত অসমৰ উল্লেখনীয় সাহিত্যও ডিজিটেল ৰূপত প্ৰসাৰৰ প্ৰতি মনোযোগ দিলে নতুন প্ৰজন্মৰ মাজত অসমীয়াৰ লগতে অসমৰ আন ভাষাৰ সাহিত্যই জনপ্ৰিয়তা লাভ কৰিব বুলি তেখেতে আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে বিজ্ঞানৰ ক্ষেত্ৰখনৰ দৰে সাহিত্যৰ ক্ষেত্ৰখনতো দক্ষতাৰ প্ৰয়োজন আৰু ইয়াৰ বাবে সাহিত্যৰ সৃষ্টিৰ দক্ষতা বিকাশৰ প্ৰয়োজনীয়তা আছে। আজিৰ এই অনুষ্ঠানত দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা তথা প্ৰয়াত সাহিত্যিক হোমেন বৰগোহাঞিৰ পুত্ৰ প্ৰদীপ্ত বৰগোহাঞিৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment