ডকমকাত মহিলাৰ উদ্যমিতা আঁচনি : ৩৩ হেজাৰ মহিলাক আঁচনিৰ ধন বিতৰণ মুখ্যমন্ত্ৰীৰ


হাওৰাঘাট,১২ জানুৱাৰী : কাৰ্বি আংলং জিলাৰ ডকমকাত ডকমকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সোমবাৰে মহিলাসকলৰ সবলীকৰণৰ উদেশ্যে মহিলাৰ উদ্যমিতা আঁচনিৰ অধীনত ১০ হেজাৰ টকাৰ চেক ৩৩ হেজাৰ মহিলাৰ বাবে বিতৰণ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । ডকমকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হেজাৰ হেজাৰ মহিলাৰ বিশাল সমাগম হোৱা সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰ যোগেদি আহি বিয়লি ১.৩০ বজাত সভাত উপস্থিত হৈ  ভাষণ প্ৰদান কৰি কয় যে উদ্যমিতা আঁচনিৰ জৰিয়তে যি ১০ হেজাৰ কৈ দিয়া হৈছে সেয়া মুঠ ৩৩ কোটি খৰছ কৰা হৈছে। পৰবৰ্তী সময়ত ২৫ হেজাৰকৈ টকা দিয়া হ'ব তেতিয়া  ৮০ কোটি খৰছ হ'ব । ইয়াৰ পৰবৰ্তী সময়ত মহিলাসকলক পুনৰ ৫০ হেজাৰ টকা উদ্যমিতা আঁচনিৰ জৰিয়তে দিয়া হ'ব বুলি ঘোষণা কৰাৰ লগতে তেতিয়াই মহিলা সকল লাখপতি বাইদেউ হ'ব বুলি কয়। আনহাতে অৰুণোদয় নোপোৱাকৈ থকা সকলক পুনৰ ২৫০০ মহিলা সকলৰ বাবে নতুনকৈ অৰুণোদয় দিয়া হ'ব বুলি ঘোষণা কৰে ড° হিমন্ত বিশ্ব শৰ্মাই । ফ্ৰেব্ৰুৱাৰী মাহত ৮০০০ টকা দিয়া হ'ব বুলি ঘোষণা কৰি তেওঁলোকক নিৰ্বাচনৰ সময়ত ভোট দি পুনৰ জিকাই দিবৰ বাবে আহ্বান জনায়। ইপিনে ভাষণ প্ৰসংগত সমবায় সমিতিৰ জৰিয়তে ১০০ টকাৰ বিনিময়ত চেনি, দালি আৰু নিমখ দিয়াৰ কথা ঘোষণা কৰাৰ লগতে পুৰুষৰ বাবে বাবু আঁচনি দিয়া হ'ব বুলি ঘোষণা কৰাৰ লগতে কয় যে তেওঁক যিমানেই গালি দিব সিমানে মিঠা চেনি  দিব বুলি কয় । দুৰ্ভাগ্যজনকভাৱে গৰমৰ বাবে তিনি গৰাকীতকৈও  মহিলা অজ্ঞান হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সভাত মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং, সাংসদ অমৰছিং তিছ' আৰু হৰেণছিং বে, বিধায়কদ্বয় দৰছিং ৰংহাং আৰু বিদ্যাছিং ইংলেং, জিলা আয়ুক্ত আৰু কাৰ্যবাহী সদস্য সকল  উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment