প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান
গুৱাহাটী,৭ জানুৱাৰী : উত্তৰ-পূব বিজেপিৰ পিতামহ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ আৰু নাই। বুধবাৰে সন্ধিয়া ৫.০৬ বজাত শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ । জানিব পৰা মতে, বিগত কেইবাদিনো ধৰি তেওঁ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল । তেওঁ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ আই চি ইউত ভেণ্টিলেশ্যনত আছিল । হৃদযন্ত্ৰ, বৃক্ক, শ্বাস-প্ৰশ্বাস আৰু বাৰ্ধক্যজনিত কাৰণত তেওঁ কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল ৷ ইফালে তেওঁৰ মৃত্যুত বিভিন্ন মহলে শোক প্ৰকাশ কৰিছে । ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিক তথা বিজেপিৰ পিতামহস্বৰূপ কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত বাংলা ভাষাত প্ৰকাশ কৰা এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘‘অসমৰ ভাৰতীয় জনতা পার্টীৰ ধ্বজাবাহক, দূৰদর্শী তথা জনদৰদী নেতা, প্রাক্তন কেন্দ্রীয় মন্ত্রী শ্রদ্ধেয় কবীন্দ্র পুৰকায়স্থ মহাশয়ৰ মহাপ্রয়াণৰ বার্তাত মই গভীৰভাৱে মর্মাহত । তেওঁৰ নেতৃত্বত অসমত ভাৰতীয় জনতা পার্টী তথা ৰাষ্ট্রীয়তাবাদী আদর্শৰ ভেটি স্থাপন হয়, যিয়ে আজি এক বিশাল বটবৃক্ষৰ ৰূপ ধাৰণ কৰিছে । বৰাক উপত্যকা আৰু অসমৰ লগতে দেশৰ সামাজিক-ৰাজনৈতিক ক্ষেত্রতো শ্রদ্ধেয় পুৰকায়স্থদেৱৰ অৱদান অনবদ্য আৰু অনন্য । তেওঁৰ প্রয়াণ আমাৰ সামাজিক জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি ।’’ আনহাতে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যম যোগে সোণোৱালে শোক প্ৰকাশ কৰি কয়, "ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়াৰ বিয়োগত গভীৰভাৱে মৰ্মাহত হ’লোঁ। বিজেপিৰ এগৰাকী সমৰ্পিত নেতা হিচাপে তেখেতে নিঃস্বাৰ্থ সেৱাৰে তৃণমূল পৰ্যায়ৰপৰাই দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি তোলাৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। তেখেতৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা আছিল দেশ আৰু দলৰ প্ৰতি অটল দায়বদ্ধতা আৰু সমৰ্পণৰ উজ্জ্বল নিদৰ্শন। মোৰ দৰে হাজাৰ হাজাৰ কাৰ্যকৰ্তাৰ বাবে তেখেতৰ অম্লান কৰ্মৰাজি আৰু আদৰ্শ অহৰহ প্ৰেৰণাৰ উৎস হৈ ৰ'ব। তেখেতৰ মৃত্যু মোৰ ব্যক্তিগত জীৱনৰ বাবেও এক অপূৰণীয় ক্ষতি। কাৰণ নিজৰ নিষ্ঠা আৰু মাৰ্গদৰ্শনেৰে তেখেত মোৰ বাবে পিতৃস্বৰূপ আছিল৷ তেখেতৰ বিয়োগে অসমৰ ৰাজনৈতিক পৰিৱেশত এনে এক শূন্যতাৰ সৃষ্টি কৰিলে, যাক পূৰণ কৰাটো অত্যন্ত কঠিন হ’ব। এই দুখৰ ক্ষণত তেখেতৰ শোকসন্তপ্ত পুত্ৰ তথা ৰাজ্যসভাৰ সাংসদ কনাদ পুৰকায়স্থ, পৰিয়াল আৰু অগণন গুণমুগ্ধৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ৷"

0 Comments:
Post a Comment