নতুন শিক্ষানীতিৰ আধাৰত শিক্ষাৰ প্ৰসাৰ আৰু প্ৰয়োজনীয়তা : গুৱাহাটীত দুদিনীয়াকৈ আন্তৰ্জাতিক সন্মিলন


গুৱাহাটী,২৯ জানুৱাৰী : নতুন শিক্ষানীতি বলৱৎ আৰু প্ৰয়োগৰ লগে লগে শিক্ষাৰ আন্তৰ্জাতিকীকৰণ এক প্ৰাসংগিক বিষয় ৰূপে পৰিগণিত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰে প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত “Internationalization of Higher Education” শীৰ্ষক এক আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উদ্বোধনী কাৰ্যসূচীৰ অংশস্বৰূপে আয়োজিত অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ভাৰ্ছুৱেলী উপস্থিত থকাৰ লগতে অসম চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটা, উচ্চ শিক্ষা বিভাগৰ উপদেষ্টা ড০ দেৱব্ৰত দাস, আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ উপস্থিত থাকে। অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই সন্মিলনখনত অংশ লোৱা ১৩খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি তথা দেশৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ প্ৰবক্তা উপাচাৰ্যসকলৰ উপস্থিতিয়ে নতুন শিক্ষানীতিৰ আন্তৰ্জাতিকীকৰণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক উল্লেখনীয় মাধ্যম হিচাপে পৰিগণিত হ’ব, য’ত ইজনে সিজনৰ লগত নিজৰ ভাব আৰু পৰামৰ্শ আদান প্ৰদান কৰিব পাৰিব। তেওঁ লগতে কয় যে এই অনুষ্ঠানৰ জৰিয়তে আমাৰ মাজত শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন সময়ত দেখা দিয়া তথ্য আৰু যোগাযোগৰ ব্যৱধান সংকুচিত কৰাত সহায়ক হোৱাৰ লগতে আমাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন নতুন সুযোগৰ দ্বাৰ মুকলি হ’ব। উদ্যোগিক বিপ্লৱৰ নতুন ধাৰাৰ ফলশ্ৰুতিত আমাৰ ছাত্ৰ-ছাত্ৰীসকলক কৰ্মৰ সন্ধান আৰু সুযোগৰ ক্ষেত্ৰত এই সন্মিলনখনিয়ে এক আশাৰ বতৰা কঢ়িয়াই আনিব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই সন্মিলনখনিতে বিভিন্ন উচ্চ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত ১৫ খনকৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়। উচ্চ শিক্ষা বিভাগে এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে সকলোৰে সহায়-সহযোগিতাক শলাগ লয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment