হাওৰাঘাটৰ ৰংকুট গণেশপুৰ গাঁৱত ৭৯ সংখ্যক মাঘীপূৰ্ণিমা পাৰ্বণ উদযাপন


হাওৰাঘাট,৩১ জানুৱাৰী : কাৰ্বি আংলং জিলা দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ উদ্যোগত ৰংকুট গণেশপুৰ গাঁৱৰ ব্ৰহ্ম যজ্ঞ মন্দিৰ প্ৰাংগণত ৩১ জানুৱাৰী, ১ আৰু ২ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা কাৰ্যসূচীৰ আজি প্ৰথম দিন। কাৰ্যসূচী অনুসৰি বিয়লি তিনি বজাত ভক্ত প্ৰতিনিধিসকলৰ আগমণ । ইয়াৰ পিছতে  মুখ্য তোৰণ উদ্বোধন কৰে সমাজকৰ্মী জামিন বসুমতাৰীয়ে । প্ৰতিনিধি শিবিৰ মুকলি কৰে নৰেন বসুমতাৰীয়ে । সন্ধিয়া মাংগলিক যজ্ঞ শুভাৰম্ভ কৰে পুৰোহিত মহেশ্বৰ খাখলাৰীয়ে । ইয়াত বহু সংখ্যক ব্ৰহ্ম ভক্ত আই বাবা সকলে যজ্ঞ আহুতিত অংশগ্ৰহণ কৰে । ইয়াৰ পিছতে দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ ব্ৰহ্মৰ সভাপতিত্বত বিষয় বাচনি সভা অনুষ্ঠিত কৰা হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment