মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ ফাইল খুলিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে
গুৱাহাটী,৪ ফেব্ৰুৱাৰীঃ "হু ইজ হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মা কোন?" - বুধবাৰে ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেত অসমবাসীৰ সমুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বৰূপ উদঙাই দিয়ে প্ৰদেশ কংগ্ৰেছে। এই অনুযায়ী চত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নিৰ্বাচনী পৰ্যবেক্ষক ভূপেশ ৱাঘেল, অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলৰ আৰম্ভণিতে ''হু ইজ হিমন্ত বিশ্ব শৰ্মা’’ শীৰ্ষক এটি ভিডিঅ’ মুকলি কৰা হয়। ভিডিঅ’ মুকলিৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিষয়ে ৰাজ্যবাসীয়ে সহজে জানিব পৰাকৈ প্ৰকাশ কৰি উলিওৱা QR কোডযুক্ত 'টেম্পপ্লেট’ উন্মোচন কৰা হয়। ভিডিঅ’টোত হিমন্ত বিশ্ব শৰ্মাৰ ৭টা স্বৰূপ দাঙি ধৰা হৈছে। সেয়া হৈছে অভদ্ৰ আৰু অংহকাৰী মুখ্যমন্ত্ৰী, পাৰিবাৰিক ব্যৱসায় আৰু ভূমি দখলকাৰী, আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী, জাতি-জনগোষ্ঠীক প্ৰতাৰণা কৰা প্ৰতাৰক, বিশ্বাসঘাতক ৰাজনীতিবিদ, সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী আৰু অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক অপমান কৰা মুখমন্ত্ৰী। ভিডিঅ’ আৰু 'টেম্পপ্লেট’ৰ লগতে ৰাজহুৱা অভিযোগনামা মুকলিৰ পিছতে সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পত্নী আৰু পৰিয়ালৰ আন সদস্যৰ নামত অসমৰ চুকে-কোণে ইমানেই মাটি-সম্পত্তি ক্ৰয় কৰিছে যে তাৰ প্ৰকৃত পৰিমাণ আজিও ভালকৈ জানিব পৰা হোৱা নাই। ইয়াৰ বাবে ৰাইজৰ সৈতে লগলাগি কংগ্ৰেছৰ এটা বিশেষ গোটে অনুসন্ধান অব্যাহত ৰাখিছে বুলিও সংবাদমেলত সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। এই অনুসন্ধান ক্ষিপ্ৰতৰ হ’বৰ বাবে উক্ত সংবাদমেলতে whoishbs.com শীৰ্ষক এটি ৱেবছাইটো মুকলি কৰা হয়। ৱেবছাইট মুকলি কৰি গগৈয়ে কয়, ''এই ৱেবছাইটযোগে অসমৰ ৰাইজে নিজ নিজ অঞ্চলত হিমন্ত বিশ্ব শৰ্মাই ক্ৰয় কৰা সম্পত্তিৰ কোনো তথ্য পালে সেয়া আপলোড কৰিব পাৰিব। তেতিয়া আমি নিজে গৈ সেয়া চাই আহিম আৰু ৰাইজৰ সমুখত গোটেইখিনি তথ্য ফাদিল কৰিম।’’ মুখ্যমন্ত্ৰীৰ বেনামী সম্পত্তিৰ বিষয়ে কোনো তথ্য পালে সেয়া যাতে ফোনযোগে জনাব পাৰে তাৰবাবে এটি নম্বৰো ৰাজহুৱা কৰা হয়। এই নম্বৰটো হৈছে ৯১৩৩৪০০২০০। সংবাদমেলত গগৈয়ে কয়, ''এয়া পৰিৱৰ্তনৰ সময়। পৰিৱৰ্তন হ’লেহে মাটি সুৰক্ষিত হৈ থাকিব আৰু জাতি সুৰক্ষিত হৈ থাকিব। লগতে অসমৰ ৰাজনীতিৰ যি মূল্যবোধ সেয়া ৰক্ষা পৰিব।’’ তেওঁ আৰু কয় যে বৰ্তমানলৈ যিমানবোৰ তথ্য আহিছে সেই অনুযায়ী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে নিজৰ নামত নিয়ম উলংঘা কৰি অসমৰ চুকে-কোণে প্ৰায় ১২ হাজাৰ বিঘা মাটি হস্তগত কৰি লৈছে। মাটি ক্ৰয় কৰিবৰ বাবে কেনেকৈ নিয়ম উলংঘা কৰি কৃষিভূমিক উদ্যোগভূমিলৈ সলনি কৰিছে সেই সকলো তথ্য অনাগত সময়ত ৰাজহুৱা কৰা হ’ব বুলিও সদৰী কৰে সভাপতি গগৈয়ে। তেওঁ আৰু কয়, ''বাৰম্বাৰ মিছা কথা কোৱা ব্যক্তিক অসমৰ ৰাইজে এইবাৰ মুঠেই নিবিচাৰে। অসমৰ ৰাইজে এতিয়া মিছলীয়া মুখ্যমন্ত্ৰীৰ প্ৰকৃত স্বৰূপ বুজি পাইছে। ৰাইজে এতিয়া আৰু ভয় নকৰে। ৱেবছাইট, ফোনকলযোগে ৰাইজে এইবাৰ সাহসেৰে দুৰ্নীতিপৰায়ণ হিমন্ত বিশ্বৰ মুখা খুলি দিব।’’ সংবাদমেলত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলে হিমন্ত বিশ্ব শৰ্মাক মহাঠগ আখ্যা দি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ এনে এগৰাকী ঘনিষ্ঠ নাই যাক ঠগা নাই৷ ৱাঘেলে কয়, ''হিমন্ত বিশ্বই সকলোকে ঠগাইছে আৰু পত্নী সহিতে এটা গেঙে অসমত লুণ্ঠনৰাজ চলাইছে৷ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ আঁৰত থাকি অসমক বিক্ৰী কৰিবলৈ উঠিপৰি লাগিছে৷’’ এপষ্টেইন ফাইলৰ প্ৰসংগ উল্লেখ কৰি ভূপেশ ৱাঘেলে কয় যে প্ৰথমে এখন চিনেমা আহিছিল কাশ্মীৰ ফাইলছ, তাৰ পিছত আন এখন চিনেমা আহিছিল সেইখনৰ নাম আছিল কেৰালা ফাইলছ৷ বিজেপিৰ মানুহবোৰে ফাইলছ নামৰ চিনেমাৰ প্ৰচাৰত লাগি গৈছিল৷ কিন্তু এতিয়া বিশ্বজুৰি চৰ্চিত এপষ্টেইন ফাইলছ আহিছে৷ কিন্তু এপষ্টেইন ফাইলছৰ কথা চৰ্চা কৰিব নোখোজে বিজেপিয়ে৷ আজি হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী এপষ্টেইন ফাইলৰ বিষয়ে মুখ খুলিবলৈ সাজু নহয়৷ এপষ্টেইন ফাইলছত প্ৰধানমন্ত্ৰীৰ নাম সাঙোৰ খোৱাৰ পিছদিনাই আমেৰিকাৰ সৈতে চুক্তি সম্পন্ন হয়৷ ৫০ শতাংশ শুল্কৰ পৰা ২৫ শতাংশ কৰিলে৷ এতিয়া আকৌ ১৮ শতাংশ কৰিলে৷ ৱাঘেলে আৰু কয়, ''এয়া এপষ্টেইন ফাইলৰ সফলতা যে ৰাছিয়াৰ পৰা কম দামত সাৰুৱা তেল কিনাটো বন্ধ হ’ল, অপাৰেচন সিন্দূৰ বন্ধ হ’ল৷ এয়া এপষ্টেইন ফাইলৰ সফলতা যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সিদ্ধান্ত লৈছে যে ভাৰতে এতিয়াৰ পৰা ৰাছিয়াৰ পৰা নহয় ভেনিজুৱালাৰা পৰা তেল ক্ৰয় কৰিব লাগিব৷ ট্ৰাম্পে ঘোষণা কৰিছে যে ভাৰতে ১৮ শতাংশ শুল্ক দি তেল ক্ৰয় কৰিব৷’’ ট্ৰাম্পৰ সৈতে কৰা নতুন চুক্তিৰ ফলত ভাৰতৰ কৃষকৰ অৱস্থা তথৈবছ হৈ পৰিব বুলিও কয় ৱাঘেলে। ''আমেৰিকাৰ কৃষকৰ উৎপাদিত সামগ্ৰী ভাৰতলৈ আহিব আৰু ভাৰতৰ কৃষকে কষ্ট কৰিলেও জীৱন দুৰ্বিসহ হৈ পৰিব৷ সেইকাৰণে আমাৰ নেতা ৰাহুল গান্ধীয়ে কৈছে যে প্ৰধানমন্ত্ৰীয়ে আপোচ কৰিছে৷ অসমত যি কাম হিমন্ত বিশ্বই কৰিছে সেই একেই কাম দিল্লীত নৰেন্দ্ৰ মোদীয়ে কৰিছে৷ দুয়োজনৰে এটাই কাম৷ সকলো সম্পত্তি আম্বানি-আদানিক দিয়ক আৰু জনতাৰ জীৱন বিপদত পেলাওক৷’’ ৱাঘেলে কয়। এইখন ‘ডাবল’ ইঞ্জিনৰ চৰকাৰ নহয়, এইখন ‘ট্ৰাবোল’ দিয়া চৰকাৰ বুলি উল্লেখ কৰি ৱাঘেলে কয় যে এইখন চৰকাৰ সলনি কৰাৰ সময় আহি গ’ল৷ আজি সংবাদমেলত কংগ্ৰেছে যিবোৰ অভিযোগ উত্থাপন কৰিছে সেই লৈ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য দিব নে নাই সেই কথাৰ প্ৰতি অসমৰ জনতাই দৃষ্টি দি আছে বুলিও কয় ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷ সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে হিমন্ত বিশ্ব শৰ্মাই অসমক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে৷ গৌৰৱ গগৈৰ দৰেই জিতেন্দ্ৰ সিঙে 'হু ইজ হিমন্ত বিশ্ব শৰ্মা’ বুলি আক্ৰমণ কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাই অসমক বিক্ৰী কৰিছে৷ অসমক বিক্ৰী কৰি ব্যৱসায় কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালে৷ হিমন্ত বিশ্ব শৰ্মা অসমৰ জনতাৰ শত্ৰু৷ মামা-মামী, তেওঁৰ পৰিয়ালে ১২ হাজাৰ বিঘা ভূমি নিজৰ নামত কৰি লৈছে৷ পৰিয়ালৰ নামত ১৭টা কোম্পানী গঠন কৰি লৈছে৷ ৪০ হাজাৰ বিঘাতকৈ বেছি মাটি আদানি-আম্বানি, পতঞ্জলিক বিক্ৰী কৰিছে৷ হিমন্ত বিশ্ব শৰ্মা কাৰোৰে আপোন হৈ থাকিব নোৱাৰে৷ তেওঁ যাৰ ঘনিষ্ঠ হৈছে তাকেই পিঠিত ডেগাৰ মাৰিছে৷ তেওঁ কাৰোৰে আপোন নহয়৷ ৰাজনৈতিক গুৰু প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈৰ পিঠিত ডেগাৰ মাৰিছে৷ তৰুণ গগৈ মন্ত্ৰীসভাৰ তেওঁ মন্ত্ৰী আছিল৷ তেওঁ আছুৰো ঘনিষ্ঠ হ’ব নোৱাৰিলে৷ এনে এজন লোকক অসমৰ মানুহে ভৰষা কৰিব পাৰে নে বুলিও জিতেন্দ্ৰ সিঙে প্ৰশ্ন কৰে। ''তেওঁ অসম আৰু অসমৰ মানুহক বিক্ৰী কৰিছে৷ তেওঁ অসমত এইচবিএছ টেক্স লগাইছে৷ ৰাস্তাত সেঁতু নিৰ্মাণ কৰিলে এইচবিএছ টেক্স দিব লাগে৷ অট্টলিকা নিৰ্মাণ কৰিলে এইচবিএছ টেক্স দিব লাগে৷ অসমৰ ডাঙৰ ৫ গৰাকী ঠিকাদাৰৰ সৈতে লগলাগি আছে হিমন্ত বিশ্ব শৰ্মা৷ সেই ৫গৰাকী ঠিকাদাৰে সকলো ঠিকা লাভ কৰে৷ হিমন্ত বিশ্ব শৰ্মা কোন বুলি পুনৰ প্ৰশ্ন কৰি জিতেন্দ্ৰ সিঙে কয় যে হিমন্ত বিশ্বৰ বিৰুদ্ধে লুই বাৰ্জাৰ, সাৰদা কেলেংকাৰী, পিএম সম্পাদা, উত্তৰ-কাছাৰ পৰিষদৰ কেলেংকাৰী কৰিছে৷’’-সিঙে কয়। তেওঁ অসমৰ নাম কিহৰ বাবে বিখ্যাত কৰিছে বুলি প্ৰশ্ন কৰি সিঙে কয় যে তেওঁক দেশৰ মানুহে জানে যে তেওঁ দেশৰ ভিতৰতে সকলোতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী৷ মুখ্যমন্ত্ৰীৰ বাবে অসমীয়াই আজি লজ্জানত হ’বলগীয়া হৈছে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে৷ জনজাতিকৰণৰ কথা ঘোষণা পত্ৰত উল্লেখ আছিল৷ কিন্তু ছয় জনগোষ্ঠীক বিশ্বাসঘাতকতা কৰিছে৷ উজনি অসমৰ জনজাতীয় নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক্ষমতাৰ বাবে মুখ্যমন্ত্ৰীৰ চকী আজুৰি লৈ আহে বুলিও কয় জিতেন্দ্ৰ সিঙে৷ অসমৰ প্ৰতিগৰাকী লোকে আজি নিজকে প্ৰতাৰিত হোৱা বুলি ভাবে৷ নিবনুৱাই সংস্থাপন নাপায়৷ স্কুলবোৰ বন্ধ কৰি থকা হৈছে৷ চাহ বাগান বিক্ৰী হৈ আছে৷ তেওঁ আৰু কয় যে হিমন্ত বিশ্ব শৰ্মাৰ কুকীৰ্তি উদঙাই দিয়াতো ৰাইজ তথা সাংবাদিক সমাজৰ দায়িত্ব। আনহাতে, সংবাদমেলত অংশগ্ৰহণ কৰি অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সাংগোপাংগোসকলে তেওঁৰ বিষয়ে যিমানেই প্ৰচাৰ নকৰক কিয় অসমৰ ৰাইজে প্ৰকৃত কথাবোৰ ভালকৈয়ে জানে৷ শইকীয়াই কয়, ''হিমন্ত বিশ্ব শৰ্মা প্ৰকৃততে কোন সেই কথা আজি মুকলি কৰা ভিডিঅ’ত প্ৰচাৰ কৰা হৈছে৷ অনাগত দিনত বহু তথ্য জাৰি কৰা হ’ব৷ সকলো তথ্য ৰাইজৰ ওচৰলৈ লৈ যাম৷ ৰাইজে নিজেই সিদ্ধান্ত লওক৷ ২৫ বছৰে বিভিন্ন চৰকাৰত মন্ত্ৰী হৈ থাকি সফল মন্ত্ৰী হ’ব পাৰিছে নে নাই সেয়া ৰাইজে জানে। নিজৰ কথা নিজে প্ৰচাৰ কৰি মুখ্যমন্ত্ৰীয়ে নিজকে সফল কৰিব খোজে। অসমৰ যি আজি দুৰৱস্থা হৈছে তাৰ বাবে মুখ্যমন্ত্ৰী দায়ী৷ আজি হিমন্ত বিশ্ব শৰ্মাই ‘কা’ৰ জৰিয়তে বিদেশী মাতি আনিলে৷ নিজৰে লোক নিৰ্মাণ বিভাগত দুৰ্নীতি হোৱাৰ কথা তেওঁ নিজেই স্বীকাৰ কৰিছে৷’’ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে বুলিও কয় বিৰোধী দলপতিগৰাকীয়ে। ইফালে, সাংবাদিকে পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰীয়ে কৰি অহা অভিযোগ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, ''যদি কথাবোৰ ইমানেই গুৰুত্বপূৰ্ণ আছিল তেন্তে ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰি ইমান মাহ কি কৰি আছে? তেওঁৰ কথাত এতিয়া আৰু কোনেও গুৰুত্ব নিদিয়ে।’’ হিমন্ত বিশ্ব শৰ্মাই এইকেইদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বহুবাৰ অসমলৈ মাতিলে যদিও এবাৰো কিয় জুবিন ক্ষেত্ৰলৈ যাবলৈ অনুৰোধ নকৰিলে বুলিও প্ৰশ্ন কৰে গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক প্ৰাণৰ শিল্পীগৰাকীৰ পৰিয়ালৰ কাষলৈ গৈ এবাৰ সমবেদনা জনাই মনৰ বেদনাৰ বুজ ল’বলৈ অনুৰোধ জনোৱা উচিত আছিল বুলিও কয় গৌৰৱ গগৈয়ে। উল্লেখ্য যে আজিৰ সংবাদমেলত সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ ৰকিবুল হুছেইন, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহঃ তত্ত্বাৱধায়ক ক্ৰমে পৃথ্বীৰাজ প্ৰভাকৰ সাথে, মনোজ চৌহান, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিধায়ক শিৱামণি বৰা, ৱাজেদ আলী চৌধুৰী, একে ৰশ্বিদ, আব্দুছ ছোৱাহন আলী সৰকাৰকে ধৰি কেবাগৰাকী জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে। সংবাদমেলখনৰ আঁত ধৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।

0 Comments:
Post a Comment