গুৱাহাটী,৩১ মাৰ্চ : "অসমৰ ৰাইজক মই ধন্যবাদ দিছো, কিয়নো ৰাইজে এইবাৰ কংগ্ৰেছক সমৰ্থন কৰিছে। আমাৰ নেতাৰ সভাবোৰত জনতাৰ ভিৰ বাঢ়িছে। আমি লাভ কৰা তথ্য মতে, অসমত কংগ্ৰেছৰ গ্ৰাফ এইবাৰ উৰ্ধগামী হৈছে।" - এই মন্তব্য কৰ্ণাটকৰ ৰাজ্যসভাৰ সাংসদ ড০ ছৈয়দ নাছেৰ হুছেইনৰ। মঙলবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি কৰ্ণাটকৰ কংগ্ৰেছী সাংসদগৰাকীয়ে এইদৰে কয়। বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত সাংসদগৰাকীয়ে কয়, "বিগত ১০ বছৰে চৰকাৰে সংঘটিত কৰা দুৰ্নীতি, সংঘৰ্ষৰ কথা, বিভাজনৰ কথা আলোচনা হৈছে। ২০১৬ চনত অসমৰ ৰাইজে বিশেষ পৰিৱৰ্তন কৰিব পাৰিব বুলি বিজেপিক শাসনলৈ আনিছিল। কংগ্ৰেছৰ ১৫ বছৰৰ শাসনৰ তুলনাত পৰিৱৰ্তন কৰিব বুলি ৰাইজে আশা কৰিছিল। কিন্তু প্ৰথম ৫ বছৰত বিজেপিয়ে একো কৰিব নোৱাৰিলে। পুনৰ ২০২১ চনত বিজেপিয়ে বহু প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰিলে। কিন্তু একোকে কৰিব নোৱাৰিলে।" তেওঁ কয়, "বিজেপিয়ে নিৰ্বাচন আহিলেই অবৈধ বিদেশীৰ কথা কয়। বিজেপিয়ে ৫ বছৰত অসমক বানমুক্ত কৰাৰ কথা কৈছিল। মই আজি অসমৰ জনতাক সুধিব বিচাৰো যে অসম বানমুক্ত হ’লনে। ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি কৈছিল, সেয়াও নকৰিলে। এনআৰচি উন্নীতকৰণ কৰিম বুলি কৈছিল। নকৰিলে, কিন্তু প্ৰায় ১৬০০ কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰিলে। নিবনুৱাক সংস্থাপন দিম বুলি কৈছিল। বিপৰীতে অসমৰ নিবনুৱাই দেশৰ প্ৰান্তে প্ৰান্তে গৈ কাম কৰিবলগীয়া হৈছে।"
তেওঁ লগতে কয়, "মোৰ ৰাজ্য কৰ্ণাটকৰ বেল্লাৰীত অসমৰ বহু যুৱকে শ্ৰমিক ৰূপে কাম কৰি আছে। ২০১৬ চনৰ দৰে ২০২১ চনতো বিজেপিয়ে একেই প্ৰতিশ্ৰুতি দিছিল। তেওঁলোকে অৰুণোদয় আঁচনিত মহিলাক ৩ হাজাৰ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ১২৫০ টকাহে দিছে। আমাৰ চৰকাৰ থকা তেলেংগানা, হিমাচল, কৰ্ণাটকত আমি প্ৰতিগৰাকী মহিলাক ২৫০০ টকাকৈ দিছো। আমি এগৰাকীও মহিলাক বাদ পৰিব দিয়া নাই। প্ৰতিমাহত কংগ্ৰেছ চৰকাৰবোৰে ২৫০০ টকাকৈ দিছে, কিন্তু অসমত ১২৫০ টকা দিয়া হয়। আমি অসমবাসীক প্ৰতিশ্ৰুতি দিছো যে অসমৰ মহিলাক ব্যৱসায় কৰিবলৈ ৫০ হাজাৰ টকা দিয়া হ’ব আৰু পূৰ্বে লাভ কৰা আঁচনিও লাভ কৰি থাকিব। বিজেপিয়ে ২০১৬ চন আৰু ২০২১ চনৰ দৰেই ২০২৬ চনতো একেই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।"
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি তেওঁ কয়, "আজি বিজেপিয়ে যিজনক মুখ্যমন্ত্ৰী পদত ৰাখিছে তেওঁ পূৰ্বে কংগ্ৰেছত আছিল। সেই সময়ত বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক সবাতোকৈ দুৰ্নীতিগ্ৰস্ত নেতা বুলি কৈছিল। কিন্তু বিজেপিয়ে তেওঁক পিছলৈ নিজ দললৈ নি মুখ্যমন্ত্ৰী পাতিলে। যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰ পৰা অসমত দুখন চৰকাৰ চলিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অফিচিয়েল মুখ্যমন্ত্ৰী আৰু চিণ্ডিকেট মাফিয়াৰো মুখ্যমন্ত্ৰী। চৰকাৰো মুখ্যমন্ত্ৰীয়ে চলায়, চিণ্ডিকেটো একেজন মুখ্যমন্ত্ৰীয়ে চলায়। চৰকাৰ চলাই থকাজনেই চিণ্ডিকেট চলায়। ভাৰতবৰ্ষৰ আৰু কতো ইমান চিণ্ডিকেট নচলে। কাঠ, শিল-বালি, কয়লা, গৰু, বাৰ্মিজ চুপাৰি, চিগাৰেট, মাছ সকলোৰে চিণ্ডিকেট চলায়। চিণ্ডিকেটৰ হিচাপ দি শেষ কৰিব নোৱাৰি। সেই কাৰণে ক’ব পাৰি যে হিমন্ত বিশ্ব শৰ্মাই দুখন চৰকাৰ চলায়। এখন অফিচিয়েল চৰকাৰ আৰু আনখন চিণ্ডিকেট মাফিয়াৰ চৰকাৰ। দুয়োখন চৰকাৰ একেজন মানুহেই চলাই আছে। চাৰিওফালে লুট-পাত চলাই আছে। আন্তঃগাঁথনি উন্নয়ন, নিৰ্মাণ, বিষয়া বদলিকে ধৰি সকলোতে টকা লুটিছে। এই কথা অসমৰ মানুহে জানে। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই বাবে এতিয়া ৰাইজে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে। প্ৰশ্ন কৰিলেই হিমন্ত বিশ্ব শৰ্মাই এটা সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা বিয়পাবলৈ আৰম্ভ কৰে, বিভাজন কৰিবলৈ ধৰে। সংঘৰ্ষ লগাবলৈ প্ৰয়াস কৰে। মুখ্যমন্ত্ৰীয়ে এনে নিকৃষ্ট মন্তব্য প্ৰদান কৰে যে কেৱল অসমতে নহয় সমগ্ৰ দেশত চৰ্চিত হয়। কেতিয়াবা মিঞাৰ কথা কয়, কেতিয়া এটা সম্প্ৰদায়ক টাৰ্গেট কৰি নিঃশেষ কৰাৰ কথা কৈ ভিডিঅ’ প্ৰস্তুত কৰে। বিগত কেইটামান দিনৰ ভিতৰত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ বাৰে বাৰে অসমলৈ আহি অনুপ্ৰৱেশকাৰীৰ কথা কৈছে। অনুপ্ৰৱেশকাৰীক বৃহৎ ইছ্যু কৰিব খোজে।"
তেওঁ কয়, "বিজেপিয়ে কেৱল অসমতে অনুপ্ৰৱেশকাৰী বিষয়টোক বৃহৎ ইছ্যু নকৰে। কৰ্ণাটক, পশ্চিমবংগ, বিহাৰ, কেৰালা, গুজৰাটৰ নিৰ্বাচনতো একেটা বিষয়কে ইছ্যু কৰে। দেশত য’তেই নিৰ্বাচন হয় তাতেই একেটা বিষয়ক লৈয়ে ভোট খোজে। অসম আৰু অসমৰ ৰাইজক বদনাম কৰি অনুপ্ৰৱেশকাৰীৰ সমস্যা দাঙি ধৰে। বাংলাদেশী মুছলমান বা ৰোহিংগীয়াৰ কথা কয়। মই আজি প্ৰশ্ন কৰিব খোজো যে বিগত ১২ বছৰে কেন্দ্ৰত আৰু বিগত ১০ বছৰে অসমত কাৰ চৰকাৰ আছে। সীমান্ত সুৰক্ষাৰ দায়িত্ব কাৰ। বিএছএফ কাৰ অধীনত আছে। বিএছএফ আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধীনত। সীমান্ত চোৱা-চিতাৰ কৰাৰ দায়িত্ব কাৰ। অনুপ্ৰৱেশকাৰী আহিছে নে নাই সেয়া চোৱাৰ দায়িত্ব অমিত শ্বাহৰ। সীমান্ত ছীল কৰিবলৈ হ’লে, চিচিটিভি কেমেৰা লগাবলৈ হ’লে, লগাব লাগিব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। এয়া ৰাজ্য চৰকাৰৰ কাম নহয়। এয়া কেন্দ্ৰীয় চৰকাৰ আৰু অমিত শ্বাহৰ দায়িত্ব। বিগত ১২ বছৰে এওঁলোকে কি কৰি আছে। অসমলৈ যদি অনুপ্ৰৱেশকাৰী আহি আছে আৰু অসমৰ পৰা অন্য ৰাজ্যলৈ গমন কৰি আছে তেন্তে তাৰ বাবে দায়ী কেন্দ্ৰীয় চৰকাৰ আৰু অমিত শ্বাহ। ১২ বছৰ আপোনালোকে কি কৰিলে। বিগত ১২ বছৰে দেশত কংগ্ৰেছৰ চৰকাৰ নাই। কংগ্ৰেছ অনুপ্ৰৱেশৰ বাবে দায়ী হ’ব কেনেকৈ। কংগ্ৰেছৰ নেতৃত্বত যেতিয়া ইউপিএ চৰকাৰ আছিল তেতিয়া ২০০৫ চনত ১৪,৯১৬ জন বিদেশী বিতাড়ণ কৰা হৈছিল। ২০০৬ চনত ১৩,৬৫২ জব বিদেশীক বিতাড়ন কৰিছে। ২০০৭ চনত ১২,১৩৫ জন বিদেশীক বিতাড়ণ কৰিছে। ২০০৮ চনত ১২,৬২৫ জন বিদেশীক বিতাড়ণ কৰিছে। ২০১৩ চনত ৫২৩৪ জন, ২০০৯ চনত ১০,৬০২ জন, ২০১০ চনত ৬৬৯০ জন, ২০১১ চনত ৬২৬১ জন আৰু ২০১২ চনত ৬৫৬৩ জন বিদেশীক কংগ্ৰেছ চৰকাৰে বহিস্কাৰ কৰিছে। ইউপিএৰ মুঠ ১০ বছৰত সৰ্বমুঠ ৮৮,৯৯২ জন বিদেশী বহিস্কাৰ কৰা হৈছে। কিন্তু ২০১৪ চনৰ পৰা ২০২৪ বৰ্ষলৈ বিজেপিয়ে ৩৯৩৯ জন বিদেশী বহিস্কাৰ কৰিছে। আমি এটা বছৰত যিমান বিদেশী বহিস্কাৰ কৰিছো বিজেপিয়ে ১০ বছৰত সিমান বিদেশী বহিস্কাৰ কৰিব পৰা নাই। এতিয়া মই প্ৰশ্ন কৰিব বিচাৰিছো যে বিদেশী দেশলৈ অহা আৰু ইয়াত থকাৰ বাবে কংগ্ৰেছ দায়ী নেকি। ইয়াৰ বাবে বিজেপিৰ চৰকাৰ দোষী।"
তেওঁ লগতে কয়, "বিদেশীক বিজেপিয়ে বহিস্কাৰ নকৰাৰ কাৰণ হৈছে বিদেশীৰ নামত যাতে বিজেপিয়ে ৰাজনীতি কৰি থাকিব পাৰে। বিজেপিয়ে বিচাৰে দেশত বিদেশী থাকক আৰু নিৰ্বাচন আহিলে বিদেশীৰ নামত ৰাজনীতি কৰিব পাৰে। বিদেশীৰ নামত বিভাজনৰ ৰাজনীতি কৰি থাকিব আৰু ভোট লৈ থাকিব। মই ভাবো বিজেপিয়ে চৰকাৰ চলোৱাত বিফল। বিজেপিয়ে ‘লাফাংগাবাজী’ কৰিব জানে, বৰ বৰ কথা ক’ব জানে আৰু শ্ল’গান দিব জানে। চৰকাৰ চলাব নজনা বিজেপিয়ে বিচাৰে বিদেশী ইয়াত থাকক, ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে ভাবুকি হৈ থাকক। তাৰ পিছতো বিজেপিয়ে বিদেশীৰ নামত নিৰ্বাচন জয়ী হৈ থাকিব খোজে। মই চিধাই চিধাই অভিযোগ আনিছো যে আজি দেশত যদি বিদেশী আছে হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহৰ বাবে আছে। নিৰ্বাচনত জয়ী হ’বৰ বাবে বিদেশীক লালন-পালন কৰিব খোজে বিজেপিয়ে।"
অসমৰ বহুৰঙী সভ্যতা, সংস্কৃতিক প্ৰশংসা কৰি তেওঁ কয়, "অসমৰ সংস্কৃতিক সমগ্ৰ দেশৰ মানুহে প্ৰশংসা কৰে। অসমত হিন্দু-মুছলমানৰ মাজত ভেদভাৱ নাছিল। কোনো জাতি, ভাষা-ভাষীৰ মাজত ভেদভাৱ নাছিল। ইয়াত বিজেপিৰ চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিভাজন, বুলডজাৰ ৰাজনীতি, দমন, বিতৰ্কিত মন্তব্য দিয়া হয়। মই অসমবাসীক আহ্বান জনাও যে অসমৰ সভ্যতা-সংস্কৃতিক ৰক্ষা কৰক। নিৰ্বাচনত জিকিবলৈ যিসকলে আপোনালোকৰ মাজত ঘৃণাৰ ৰাজনীতি কৰিছে সেইসকলৰ পৰা সতৰ্ক থাকক। আপোনালোকে কংগ্ৰেছক পুনৰ চৰকাৰলৈ আনক। কংগ্ৰেছে অসমৰ আত্মাক সজীৱ কৰি ৰাখিব। বৰাক-ব্ৰহ্মপুত্ৰত গৃহহীনৰ সংস্থাপন, উন্নয়ন হোৱা নাই, এই সকলো কংগ্ৰেছে কৰিব। এনআৰচি, জনজাতিকৰণ কংগ্ৰেছে দিব। জুবিন গাৰ্গক ন্যায় দিব লাগিলে কংগ্ৰেছে দিব। কঠোৰ তদন্ত কৰি হত্যাকাৰীক শাস্তি দিব কংগ্ৰেছে। আমি স্বাস্থ্য সুৰক্ষা যোজনা, মহিলাক ধন দিয়া, মাটিৰ পট্টা দিয়াৰ দৰে কাম কৰিম। কংগ্ৰেছ যি কয় তাকেই কৰে। আমি মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা, কৰ্ণাটকত কৰি দেখুৱাইছো। আমি নিশ্চিত যে অসমত এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ’ব। বিভিন্ন চাৰ্ভেই এই কথা কৈ আছে। অসমত বহু দুৰ্নীতি সংঘটিত হৈছে। অসমৰ জনতাই হিমন্ত বিশ্ব শৰ্মাক বিচৰা নাই। আজি অসমত সৰ্বানন্দ সোণোৱালৰ নামহে প্ৰচাৰ হৈ আছে। সোণোৱালৰ ফটো প্ৰচাৰ হ’ব ধৰিছে। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত পৰাজিত হোৱাৰ উমান পায় যি কোনো কথা ক’বলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে। নিৰ্বাচনৰ আগে আগে ফাষ্টট্ৰেক আদালত গঠন কৰিলে। মুখ্যমন্ত্ৰীয়ে কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি কৰিব জানে, মানুহক গৃহহীন কৰিব জানে, য’তে ত’তে সাম্প্ৰদায়িক কথা ক’ব জানে। কিন্তু পৃথিৱী বিখ্যাত গায়ক এজনৰ মৃত্যুৰ বাবে দোষী কোন সেইটো বিচাৰি উলিয়াব নোৱাৰিলে।" সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ সমন্বয়ক মহিমা সিং, এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা আৰু দিছপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰ উপস্থিত আছিল।

0 Comments:
Post a Comment