গুৱাহাটী,১ এপ্ৰিল : নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাই গুৱাহাটীৰ ৰাজীৱ ভৱনত বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ ইস্তাহাৰক লৈ 'লাই ডিটেক্টৰ টেষ্ট' কৰে। সংবাদিকৰ সন্মুখত প্ৰতীকী লাই ডিটেক্টৰ মেচিন স্থাপন কৰি পৱন খেৰাই বিজেপি দলৰ ইস্তাহাৰ আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিক লৈ প্ৰশ্ন সোধে। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে লাই ডিটেক্টৰৰ ৰেড লাইট জ্বলিছিল। ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি পৱন খেৰাই বহু প্ৰশ্ন কৰে প্ৰতীকী লাই ডিটেক্টৰক। মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীক বাণ্টী আৰু বাবলি আখ্যা দি পৱন খেৰাই অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বিজেপিৰ লাই ডিটেক্টৰ টেষ্ট কৰে। ইফালে বিজেপিয়ে প্ৰকাশ কৰা ইস্তাহাৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা উল্লেখ নথকাত বিজেপিক তীব্ৰ আক্ৰমণ কৰে পৱন খেৰাই। পৱন খেৰাই প্ৰতিটো কথাতে বিজেপিয়ে মিছা প্ৰতিশ্ৰুতি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।
সংবাদমেলত খেৰাই কয়, "যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদীক নিজৰ গুৰু মানিছে তেতিয়াৰ পৰা সঁচা কথা ক’বলৈ পাহৰি গৈছে। মই আমাৰ নেতাসকলক সুধিছো আৰু অসমৰ অন্যান্য লোকক সুধিছো যে হিমন্ত বিশ্ব শৰ্মাই সত্য কথা কেতিয়াবা কৈছেনে। সকলোৱে হাত উজান দি কৈছে যে হিমন্ত বিশ্ব শৰ্মাই সঁচা কথায়েই নকয়। হিমন্তই মিছা কথা কোৱাৰ ক্ষেত্ৰত গুৰু নৰেন্দ্ৰ মোদীকো চেৰাই গৈছে। মানুহক বাৰে বাৰে মূৰ্খ সজাই থাকিব নোৱাৰি। আজি অসমত বাণ্টি আৰু বাবলীৰ চৰকাৰ চলি আছে। অসমত বাণ্টি আৰু বাবলিৰ পাৰ্ট-ৱান চলি আছে। এতিয়া অসমবাসীয়ে সিদ্ধান্ত ল’ব লাগে যে বাণ্টি আৰু বাবলিৰ পাৰ্ট-টু আহিব নালাগে। এইখন চিনেমা অসমত আৰু মুক্তি পাব নালাগে। এওঁলোকক অসমৰ পৰা বাহিৰ কৰিব দিব লাগে।"
হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নাম নোলোৱাকৈ পৱন খেৰাই বাণ্টি-বাবলি আখ্যা দি কয়, "অসমৰ মানুহে জানে বাবলি আৰু বাণ্টি কোন। বিজেপিয়ে ২০১৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত দুখন ইস্তাহাৰ প্ৰকাশ কৰিছে। এবাৰ লোকসভা নিৰ্বাচন আৰু পঞ্চায়তৰো নিৰ্বাচন অনুষ্ঠিত হৈছে। প্ৰতিবাৰেই নিৰ্বাচনত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰতিবছৰে অসমত ভয়াৱহ বানপানী হয়। বছৰি বানে কৃষি ভূমি, ঘৰ-দুৱাৰ অনিষ্ট কৰে। বিজেপিয়ে প্ৰতিটো নিৰ্বাচনত বানমুক্ত অসম কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে। এইবাৰো একেটা প্ৰতিশ্ৰুতিকে দিছে। অসমত বছৰি ৮ হাজাৰ হেক্টৰ ভূমি নদীত জাহ যায়। বছৰি ৮ৰ পৰা ১০ লাখ লোক প্ৰভাৱিত হয়। বিজেপিয়ে বাৰে বাৰে কয় পুনৰ বানৰ পৰা ক্ষতি নহয়। কিন্তু বিজেপিৰ ডাবল ইঞ্জিন, ত্ৰিপ’ল ইঞ্জিনৰ চৰকাৰে বানমুক্ত অসম কৰিব নোৱাৰিলে। এয়া সত্য নে অসত্য আমি লাই ডিটেক্টৰ মেচিনৰ পৰা জানিব খুজিম।" পৱন খেৰাই এই প্ৰশ্ন সোধাৰ পিছতে ৰেড লাইট জ্বলি উঠে।
খেৰাই কয়, "আমি মাথো আজি ৫টা বা ছয়টা মিথ্যাচাৰ পৰীক্ষা কৰিম। কিয়নো এওঁলোকে নিতৌ মিছা কথা কয়। অসমৰ মানুহ আৰু অসমৰ সাংবাদিকে এই কথাৰ বিষয়ে অৱগত। বিজেপিয়ে কৈছিল যে অসমক দুৰ্নীতিমুক্ত আৰু ভ্ৰষ্টাচাৰমুক্ত কৰিব। বিপৰীতে হৈছে কি, অসমত মুক্ত চিণ্ডিকেটৰাজ চলি আছে।" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিমুক্ত হয় নে নহয় সেই প্ৰশ্ন লাই ডিটেক্টৰ মেচিনক সোধে খেৰাই। উত্তৰত মেচিনত ৰেড লাইট জ্বলি উঠে।
খেৰাই লগতে কয়, "নিবনুৱাক সংস্থাপন দিম বুলি কৈ মিছা কৈছে বিজেপিয়ে। বিজেপিয়ে কৈছিল যে অসমৰ নিবনুৱাই অসমৰ পৰা বাহিৰলৈ কামৰ বাবে যাব নালাগিব। কিন্তু আজি অসমৰ মাথো ১৯ শতাংশ লোকৰ হাতত স্থায়ী দৰমহা পোৱা সংস্থাপন আছে। ইমান ধুনীয়া আৰু শ্ৰম কৰিব পৰা ৰাজ্যখনৰ এনে তথ্য দাঙি ধৰি আমাৰ লাজ লাগিছে। এনে এখন ৰাজ্যত মাথো ১৯ শতাংশ লোকৰ হাতত নিয়মীয়া পাৰিশ্ৰমিক লাভ কৰা কাম আছে। আজি অসমৰ চহৰীয়া এলেকাত নিবনুৱাৰ সংখ্যা হৈছে ২৫ শতাংশ। ৩ বছৰ পূৰ্বে ২১ লাখ লোকে নিয়োগ কেন্দ্ৰত নাম পঞ্জীয়ন কৰিছিল। এতিয়া আৰু বৃদ্ধি পাইছে। কিয়নো এইখন চৰকাৰে তথ্য ৰাজহুৱা নকৰে। বিজেপিৰ দিনত নিবনুৱাৰ আত্মহত্যাৰ সংখ্যা তিনি শতাংশ বৃদ্ধি পাইছে। ২১ লাখ পঞ্জীকৃত নিবনুৱাৰ ভিতৰত ২০৯৫ জন লোকে সংস্থাপন লাভ কৰিছে।" নিবনুৱাক সংস্থাপন দিয়াত চৰকাৰ বিফল নে সফল এই প্ৰশ্নও লাই ডিটেক্টৰ মেচিনক সোধাত ৰেড লাইট জ্বলে।
খেৰাই পুনৰ কয়, "বিজেপিয়ে চাহ বাগিচাৰ শ্ৰমিকক পাৰিশ্ৰমিক বৃদ্ধি কৰাৰ কথা কয় যদিও ১০ বছৰ পিছতো সেয়া বৃদ্ধি নহ’ল। আজিও প্ৰতিশ্ৰুতি পূৰণ নহ’ল। নতুন শ্ৰম আইনে শ্ৰমিকক ধ্বংস কৰি পেলাইছে। চাহ শ্ৰমিকৰ স্থিতি আজি ধ্বংস হৈছে। চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক বৃদ্ধিৰ ক্ষেত্ৰত বিজেপি চৰকাৰ সফল নে বিফল তাৰ উত্তৰ লাই ডিটেক্টৰ মেচিনে দিব। উত্তৰত ৰেড লাইটে জ্বলিল।"
বিদেশী বহিস্কাৰৰ প্ৰসংগত খেৰাই কয়, "বিদেশী বহিস্কাৰৰ ক্ষেত্ৰত বিজেপিয়ে যি প্ৰতিশ্ৰুতি দিছিল সকলো ওলোটা হৈছে৷ ১৯৮৫ চনৰ অসম চুক্তি আমাৰ বাবে গীতা, বাইবেল, কোৰাণ, গুৰুগ্ৰন্থ চাহেব। অসম চুক্তিক সকলোৱে ধৰ্মগ্ৰন্থ বুলিয়েই গণ্য কৰে। ২০০৫ চনৰ পৰা ২০১৩ চনলৈ মনমোহন সিঙৰ চৰকাৰত ৮৮,৭৯২ জন বিদেশীক দেশৰ পৰা বহিস্কাৰ কৰা হৈছে। বিজেপিৰ দিনত গৃহ মন্ত্ৰালয়ে দিয়া তথ্য মতে ২৫৬৬ জন বিদেশীক দেশৰ পৰা বহিস্কাৰ কৰা হৈছে। বিজেপিয়ে কেৱল ভোটৰ বাবে বাংলাদেশ বাংলাদেশ কৰি থাকে। হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ কথা কয় যদিও তেওঁ নিজেই ঢাকাৰ দৰগাহত গৈ মৌলানাৰ পৰামৰ্শত বিজেপিত যোগদান কৰিছিল। কংগ্ৰেছ এৰি ঢাকালৈ গৈ মৌলানাৰ সন্মুখত ‘চিজদা’ কৰে আৰু মৌলানাক হিমন্তই সুধিছিল যে মই এতিয়া কি কৰিম। মৌলানাই তেতিয়াই কৈছিল বিজেপিলৈ যোৱাৰ কথা। ঢাকাৰ মৌলানাৰ কথাত বিজেপিত যোগদান কৰা হিমন্তই এতিয়া কথাই প্ৰতি বাংলাদেশ বাংলাদেশ কৰি থাকে।"
খেৰাই আৰু কয়, "বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল যে প্ৰতিখন জিলাত ৫০০ বিছনাযুক্ত হাস্পতাল নিৰ্মাণ কৰা হ’ব। ২০১৬ আৰু ২০২১ চনত এই প্ৰতিশ্ৰুতি দিছিল। আজি অসমৰ স্বাস্থ্য খণ্ডৰ অৱস্থা জৰাজীৰ্ণ৷ সাধাৰণ ৰোগীয়ে আজি হাহাকাৰ কৰিবলগীয়া হৈছে। ৯৭ শতাংশ চাৰ্জনৰ অভাৱ। য’ত ১০০ জন চাৰ্জন লাগে তাত মাথো ৩ জন আছে। চিকিৎসক য’ত ১০০ জন লাগে তাত চিকিৎসক আছে মাথো ৬ জন। ৯৪ শতাংশ চিকিৎসকৰ অভাৱ। অসমত আমাৰ চৰকাৰ থকাৰ সময়ত ৭০ শতাংশ এনিমিয়া নিয়ন্ত্ৰণ হৈছিল। এয়া আমাৰ কৰ্তব্য আছিল। আজি অসমত জন্মগ্ৰহণ কৰা ৪৩ শতাংশ শিশুৰ বিকাশ নৰ্মেল নহয়। অনাগত ভৱিষ্যত প্ৰজন্মক আমি কি দিবলৈ গৈ আছো এয়া চিন্তাৰ বিষয়। ১৭ শতাংশ শিশুৰ ওজনৰ সমস্যা আছে। মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো সমস্যা আছে। অসমত ২০১৬ চনৰ পৰা এতিয়ালৈকে ৮ হাজাৰ স্কুল বন্ধ কৰি দিয়া হৈছে। নতুন বিদ্যালয় স্থাপন কৰাটো দূৰৰ কথা, প্ৰাথমিক স্কুলো বন্ধ কৰি দিয়া হৈছে।"
অসমৰ মন্ত্ৰী-বিধায়কৰ সম্পত্তিৰ প্ৰসংগত খেৰাই কয়, "বিজেপিয়ে দুৰ্নীতিৰ বিৰুদ্ধে কথা কয়। কিন্তু বিধায়ক মানৱ ডেকাৰ পত্নীৰ সম্পত্তি ৭৬৩ শতাংশ সম্পত্তি বৃদ্ধি পাইছে। মানৱ ডেকাৰ সৈতে সকলোৱে সম্পত্তিৰ তুলনা কৰি চাব। মন্ত্ৰী বিধায়কসকলৰ সম্পত্তি কিছু বৃদ্ধি পাইছে নাইবা কমিছে। কিন্তু সকলোৰে পত্নীৰ সম্পত্তি ব্যাপক হাৰত বৃদ্ধি পাইছে। সেইকাৰণে আমি কৈছো এইখন বাণ্টি আৰু বাবলিৰ চৰকাৰ। কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ পত্নীৰ সম্পত্তি ৩১৮৫ শতাংশ বৃদ্ধি পাইছে। এয়া কেনেকৈ সম্ভৱ হৈছে। ইয়াৰ উত্তৰ দিয়ক। মন্ত্ৰী কৌশিক ৰায়ৰ পত্নীৰ সম্পত্তি ২২৮১ শতাংশ সম্পত্তি বৃদ্ধি পাইছে। মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ পত্নীৰ সম্পত্তি ৫০৪ শতাংশ বৃদ্ধি পাইছে। বাকী মন্ত্ৰী-বিধায়কৰ ক্ষেত্ৰত শৰ্মা অলপ পিছ পৰিছে৷ ধৰ্মেশ্বৰ কোঁৱৰ, তৰংগ গগৈৰ সম্পত্তি বৃদ্ধি পাইছে। সকলোৰে পত্নীৰ সম্পত্তি বৃদ্ধি পাইছে। সকলোৰে ঋণ বৃদ্ধি পাইছে। ঋণ লৈ সকলো কৰা বুলি দেখুওৱা হৈছে। এই তথ্য প্ৰতিটো পৰিয়াললৈ যাব লাগে। যাতে ৰাইজে তুলনা কৰি চাব পাৰে যে তেওঁৰ পৰিয়ালৰ উপাৰ্জন বৃদ্ধি হৈছে নে নাই। নিৰ্বাচনৰ পূৰ্বে তুলনা কৰিলে ৪ মে’ৰ পূৰ্বে ফলাফল ওলাই পৰিব৷ বিজেপিৰ এইসকল নেতাৰ নিৰ্বাচনত জয়ী হোৱাৰ অধিকাৰ দূৰৈৰে কথা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰো অধিকাৰ নাই। লজ্জাজনকভাৱে সম্পত্তি বৃদ্ধি পোৱাৰ পিছত এওঁলোকে ভোট বিচাৰি যাবই নালাগে। এইসকল নেতাই এবাৰ মিছা কথা কৈ নিজকে লজ্জানত কৰিছে, কিন্তু বাৰে বাৰে মিছা কথা কৈ জনতাক লজ্জানত কৰিছে। অসমবাসী লজ্জানত হোৱাৰ দৰকাৰ নাই। এইবাৰ শিক্ষা দিয়াৰ সময়। বিজেপিয়ে অসমক কেৱল এ টি এম মেচিন গণ্য কৰিছে। কেৱল অসমক লুটিছে।"
কংগ্ৰেছ নেতাগৰাকীয়ে আৰু কয়, "আমি ১৯৭১ চনৰ বিদেশী বহিস্কাৰৰ সময়সীমা কাৰ্যকৰী কৰিম। তাৰ দ্বাৰা অসমৰ বিদেশী বহিস্কাৰ কৰা হ’ব।" গৌৰৱ গগৈৰ সম্পত্তিক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত খেৰাই কয়, "কেন্দ্ৰ আৰু ৰাজ্যত কাৰ চৰকাৰ আছে। যদি গৌৰৱ গগৈৰ কিবা ভুল আছে তেন্তে তদন্ত কৰক আৰু গৌৰৱ গগৈক জেলত ভৰাওক। বাধা কোনোৱেও কৰা নাই। যদি গৌৰৱে কিবা ভুল কৰিছে গ্ৰেপ্তাৰ কৰি শাস্তি দিয়ক। যদি বিজেপিয়ে মিছা মাতিছে তেন্তে ৰাইজে বিজেপিক এসেকা দিবলৈ ৰৈ আছে। মই স্পষ্টকৈ ক’ব খোজে যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ লুটৰাজ চলোৱা, চিণ্ডিকেট, মাফিয়াৰ চৰকাৰ। এনে এজন মানুহে গৌৰৱ গগৈৰ বিৰুদ্ধে কি অভিযোগ আনিব। অসমত বাণ্টি-বাবলিৰ চৰকাৰৰ বাণ্টিয়ে ১২ হাজাৰ বিঘা মাটি চুৰি কৰিছে। বাণ্টিৰ কথা আজি সমগ্ৰ দেশে জানে।"
জুবিন গাৰ্গৰ বিষয়টোক লৈ কংগ্ৰেছে ৰাজনীতি কৰা বুলি মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগৰ উত্তৰত খেৰাই কয়, "জুবিন গাৰ্গৰ ন্যায় কোনে নিবিচাৰিব। কাৰ ভাল লাগিছে যে আদালতত দুৰ্বল চাৰ্জশ্বিট দিয়া হৈছে। যাৰ বাবে মুখ্য অভিযুক্তৰ বেংক একাউণ্ট খুলি দিয়া হ’ল। আমি ন্যায়ৰ কথা ক’লে তেওঁলোক বিৰোধ কৰিবলৈ কোন। হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো তেন্তে বিজেপিক ভোট নিদিব। এতিয়া বিজেপিয়ে কিয় ভোট ভিক্ষা কৰি আছে। কিছুদন পূৰ্বে মই অসমলৈ আহোতে জুবিন ক্ষেত্ৰলৈ গৈছিলো। জুবিন ক্ষেত্ৰৰ অৱস্থা তথৈবছ। চৰকাৰৰ লজ্জা নাই। এটা টেণ্ট ভালকৈ লগাব নোৱাৰিলে। এইবোৰ দেখি আমি মুখবন্ধ কৰিব লাগে নেকি। যদি আমি ন্যায়ৰ দাবী নকৰো, যদি জুবিন ক্ষেত্ৰৰ অৱস্থা দেখি একো নকও তেন্তে সেয়া দুৰ্ভাগ্যজনক হ’ব। আমি ৰাজনীতি কিয় কৰিছো। আমি ৰাইজলৈ ওচৰলৈ যাম কিয়। এয়া আমাৰ নৈতিক দায়িত্ব। আমি প্ৰাণৰ শিল্পীৰ ৰহস্যজনক মৃত্যুৰ তথ্য ফাদিল হোৱাটো বিচাৰো। আমি চৰকাৰক হেঁচা দিবই লাগিব।
উল্লেখ্য যে সংবাদমেলৰ আৰম্ভণিতে পৱন খেৰাই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ জন্মদিন উপলক্ষে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ সমন্বয়ক মহিমা সিং, এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ কোঁৱৰ আৰু মিডিয়া বিভাগৰ ৰাজ্যিক সমন্বয়ক গোপাল শৰ্মা উপস্থিত আছিল।

0 Comments:
Post a Comment