গুৱাহাটী,২৫ এপ্ৰিল : দেশৰ বহু চৰ্চিত অভি-নীল গণপ্ৰহাৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত নগাঁও সত্র ন্যায়াধীশৰ আদালতে ২০ জন দোষীক যাবজ্জীৱন কাৰাদণ্ড প্ৰদান কৰাৰ লগতে প্ৰতিজন দোষীক ২০ হাজাৰ টকাৰ জৰিমনা বিহে। সাত বছৰ দহ মাহ দিন আইনী প্ৰক্ৰিয়াৰ অন্তত আদালতে শুকুৰবাৰে এই গুৰুত্বপূৰ্ণ ৰায় আৰু শাস্তি ঘোষণা কৰে। ইয়াৰ পূৰ্বে ২০ এপ্ৰিলত একে আদালতে এই ২০ জন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল। ২০১৮ চনৰ ৮ জুনত সংঘটিত হোৱা গণ প্ৰহাৰৰ নৃশংস ঘটনাই ৰাজ্যৰ লগতে সমগ্ৰ দেশ জোকাৰি গৈছিল। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পাণজুৰি গাঁৱত এক উন্মত্ত জনতাই দুই যুৱক অভিজিত আৰু নীলক নিৰ্মমভাৱে গণপ্ৰহাৰ কৰি হত্যা কৰিছিল। এই ঘটনাই দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল। সাত বছৰ দহ মাহৰ অন্তত অৱশেষত নগাঁও আদালতে অভি-নীল হত্যাকাণ্ড গোচৰৰ ঐতিহাসিক ৰায় ২০ এপ্ৰিলত প্ৰদান কৰিছিল। উল্লেখযোগ্য যে এই নৃশংস হত্যাকাণ্ডৰ লগত জড়িত থকা ২০ জনক দোষী সাব্যস্ত কৰে আদালতে। ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হোৱা এই লোমহৰ্ষক হত্যাকাণ্ডৰ মুঠ ৪৮ জন অভিযুক্তৰ তিনিজন নাবালক হিচাপে পৰিগণিত হোৱাত মুঠ ৪৫ জন অভিযুক্তৰ বিৰুদ্ধে নগাঁও আদালতত চলি আছিল বিচাৰপ্ৰক্ৰিয়া। ৪৫ জনকৈ অভিযুক্তৰ ২০ জনক ২০ এপ্ৰিল তাৰিখে দোষী সাব্যস্ত কৰাৰ বিপৰীতে ২৫ জনক দোষমুক্ত ঘোষণা কৰিছিল নগাঁও আদালতে। অভি-নীল হত্যাকাণ্ডৰ দোষী সাব্যস্ত হোৱাসকল হৈছে ক্ৰমে বিশ্বৰাম স্বৰ্গীয়ৰী, পংঠেং বসুমতাৰী, অলফাজুজ তিমুং, ইনচেন ইংতি, ৰাইকম তিমুং, ৰত্নেশ্বৰ তেৰাং ফুকন লেকতে, আনছ তিমুং, প্ৰেছ তিমুং, ৰূপছিং ক্ৰ’, ধন’ মেছ, বাবু সিং ক্ৰ’, বিক্ৰম হাঞ্চে, চিকাৰী ৰংপি, বাবু ৰংপি, বিদ্যাছিং ৰংপি, মেনছিং ক্ৰ’, দ্বীপজ্যোতি বসুমতাৰী, ৱাৰেছ ৰংপি আৰু অনদা মেছ। সাত বছৰ দহ মাহ ধৰি চলা ন্যায়িক প্ৰক্ৰিয়াৰ অন্তত অভি-নীলৰ দুয়োটা পৰিয়ালে ন্যায় লাভ কৰা বুলিব পাৰি।
ইফালে আদালতৰ এই ৰায়দানক আদৰণি জনাই উৰা বাতৰি আৰু অন্যান্য অন্ধবিশ্বাস সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়োজন বুলি কোৱাৰ লগতে অধিকাংশ জনতাই এই ঘটনাত দোষীৰ মৃত্যুদণ্ড কামনা কৰা বুলি উল্লেখ কৰি দেশৰ অন্ধবিশ্বাস বিৰোধী আগশাৰী নেতা বিশিষ্ট মানৱধিকাৰ তথা সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই সময়ে সময়ে মুকৰ্দ্দমা অনুসৰি ন্যায়পালিকা কঠোৰ হোৱা উচিত বুলি কোৱাৰ লগতে তেওঁ চৰকাৰ তথা প্ৰশাসনৰ লগতে সাধাৰণ ৰাইজ উৰা বাতৰি আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে ওলাই আহিব লাগে বুলি উল্লেখ কৰে।

0 Comments:
Post a Comment