ৰাষ্ট্ৰীয় পৰ্যায়ত স্বপ্ৰতিভাৰে উজলি উঠিছে কাৰ্বি আংলং জিলাৰ লাংহিনৰ জীয়ৰী ৰজলীন ব্ৰক্ষ্ম


হাওৰাঘাট,২১ এপ্ৰিল : কাৰ্বি আংলং জিলাৰ লাংহিন গনেশ পথাৰৰ নিৱাসী মাইকেল নলেন ব্ৰহ্ম আৰু চপলা নাৰ্জাৰীৰ সুযোগ্যা কন্যা তথা উত্তৰ প্ৰদেশৰ আগ্ৰাৰ যোগ প্ৰশিক্ষক ৰজলীন ব্ৰহ্মই স্ব-প্ৰতিভাৰে ক্ৰীড়া আৰু সৌন্দৰ্য প্ৰতিযোগিতাকে ধৰি কেইবাটাও বিষয়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি কাৰ্বি আংলং জিলা আৰু অসমৰ বাবে সুনাম অৰ্জন কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইপিনে ৰজলীন ব্ৰহ্মৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ যোগেদি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াবলৈ আনিবলৈ সক্ষম হোৱাত সমগ্ৰ কাৰ্বি আংলং জিলাৰ লগতে লাংহিনবাসীকো আনন্দ আৰু উল্লসিত কৰি তুলিছে। অলপতে এডুকেচন ৱৰ্ল্ড ইণ্ডিয়াই আয়োজন কৰা ভাৰতৰ কো-এড ডে-কম-বৰ্ডিং স্কুলৰ ভিতৰত ৰজলীন ব্ৰহ্মই যথাক্ৰমে আগ্ৰাত প্ৰথম, ইউ পিত অষ্টম আৰু ভাৰতত ৫৯ নম্বৰ স্থান লাভ কৰিছে। ৰজলীন ব্ৰহ্মই ৰাজস্থানৰ লাডনুনৰ পৰা জৈন বিশ্ব ভাৰতী গণ্য বিশ্ববিদ্যালয়ৰ পৰা যোগ আৰু জীৱিত বিজ্ঞানত এম.এ আৰু ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়, জবলপুৰ, মধ্যপ্ৰদেশৰ পৰা গ্ৰাম্য উন্নয়নত এম.এ. ডিগ্ৰী অৰ্জন কৰিছে। বৰ্তমান তেওঁ উত্তৰ প্ৰদেশৰ আগ্ৰাৰ মাহি ইণ্টাৰনেশ্যনেল স্কুলৰ এগৰাকী দুঃসাহসিক আৰু নিপুণ যোগ প্ৰশিক্ষক হিচাপে কৰ্মৰত। ইতিমধ্যে যোগ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ লগতে চফ্টবল ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ আৰু আন্তঃবিশ্ববিদ্যালয় চফটবল আৰু এম্প্ৰেছ ইউনিভাৰ্ছ ইণ্টাৰনেশ্যনেল সৌন্দৰ্য প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ তেওঁ পাৰদৰ্শিতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। তেওঁ যোগৰ জগতখনৰ পৰা আহৰণ কৰা অভিজ্ঞতা আৰু বিশেষজ্ঞতাৰে ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপেও সুদক্ষতাৰে পৰিচালনা কৰি ভূয়সী প্ৰশংসা বুটলিছে। তদুপৰি প্ৰতিযোগিতাৰ উচ্চতম মানদণ্ড ৰক্ষা কৰাৰ ঐকান্তিক প্ৰচেষ্টা অব্যাহত থকাৰ লগতে তেওঁ যোগাভ্যাসৰ জৰিয়তে শাৰীৰিক আৰু মানসিক সুস্থতা বৃদ্ধিৰ প্ৰতি নিজকে উৎসৰ্গিত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে মিছ পেটিট হিচাপে চিটি বিজয়ী, লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠান এন ই আৰ চি গুৱাহাটী, অসমৰ পৰা ডিগ্ৰী আৰু ভূপালৰ বৰকট্টুল্লাহ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে ৰজলীন ব্ৰহ্মই।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment