ভোটযুদ্ধ : ১২৬ টা সমষ্টিৰ ৭২২ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় কৰিব ২৫০৫৪৪৬৩ গৰাকী ভোটাৰে

 

গুৱাহাটী,৯ এপ্ৰিল : ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত অৱতীৰ্ণ হোৱা মুঠ ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ণয় কৰিব মুঠ ২৫০৫৪৪৬৩ গৰাকী ভোটাৰে। ইয়াৰ ভিতৰত আছে ১২৫৩১৫৫২ জন পুৰুষ, ১২৫২২৫৯৩ গৰাকী মহিলা আৰু ৩১৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে হৈছে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। পুৱাই প্ৰতিটো ভোটকেন্দ্ৰতে ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যত মুঠ ৩১৪৯০ টা ভোটকেন্দ্ৰত সম্পন্ন হ'ব ভোটদান প্ৰক্ৰিয়া। গ্ৰাম্যাঞ্চলত আছে ২৭৭১৫ টা ভোটকেন্দ্ৰ আৰু নগৰীয়া অঞ্চলত আছে ৩৭৭৫ টা ভোটকেন্দ্ৰ। আদৰ্শ ভোটকেন্দ্ৰ আছে ১২৬ টা আৰু মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ হৈছে ৪০২১ টা। সেইদৰে বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ সংখ্যা হৈছে ১৫ টা। ইফালে সকলো ভোটকেন্দ্ৰৰ ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। 


এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ১৮-১৯ বছৰ বয়সৰ ৬৪২৩১৪ গৰাকী ভোটাৰে। আনহাতে ছাৰ্ভিচ ভোটাৰ আছে ৬৩,৪২৩ গৰাকী। সেইদৰে ৮০ বছৰৰ উৰ্দ্ধৰ  ২,৫০,০০৬ গৰাকী, বিশেষভাৱে সক্ষম ২,০৫,০৮৫ গৰাকী আৰু শতায়ু গৰকা ২৪৬৬ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। অৱশ্যে ৮৫ বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক আৰু নিৰ্বাচনী তালিকাত চিহ্নিত দিব্যাংগ ভোটাৰসকলৰ বাবে ঘৰৰ পৰাই পোষ্টেল বেলট যোগে ভোটদান কৰাৰ ঐচ্ছিক সুবিধা ইতিমধ্যে নিৰ্বাচন আয়োগে প্ৰদান কৰিছে। সেই অনুসৰি ৰাজ্যখনত মুঠ ২৬,০৩২ গৰাকী ৮৫ বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক আৰু ৮,৩৭৩ গৰাকী দিব্যাংগ ভোটাৰে ঘৰৰ পৰাই পোষ্টেল বেলট যোগে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিছে।


ইফালে ভোটগ্ৰহণ মুক্ত, নিকা আৰু নিৰাপদভাৱে অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। আইন-শৃংখলা, ব্যয় আদি সকলো দিশতে নিৰীক্ষণ কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে ইতিমধ্যে কেন্দ্ৰীয় পৰ্যবেক্ষক নিয়োগ কৰিছে। ৰাজ্যখনৰ মুঠ ৩১,৪৯০ টা ভোট গ্ৰহণ কেন্দ্ৰৰ প্ৰতিটোতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ভিতৰত আছে ৩১,৪৮৬ টা মূল ভোটকেন্দ্ৰ আৰু ৪ টা সহায়ক ভোটকেন্দ্ৰ। ভোটকেন্দ্ৰসমূহৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানৰ গোট মোতায়েন কৰা হৈছে। আনহাতে প্ৰতিটো ভোটকেন্দ্ৰতে খোৱাপানী, জিৰণি কোঠা, শৌচালয়, দিব্যাংগসকলৰ বাবে হুইল চেয়াৰকে আদি কৰি ন্যূনতম সা-সুবিধা সুনিশ্চিত কৰা হৈছে। সেইদৰে ভোটাৰৰ বাবে বহিব পৰাকৈ বেঞ্চৰ ব্যৱস্থা কৰাৰ উপৰি মোবাইলসমূহ ৰখাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে।এই নিৰ্বাচনত মুঠ ১,৫১,১৩২গৰাকী ভোটগ্ৰহণ বিষয়া নিয়োগ কৰা হৈছে। আনহাতে ভোট গ্ৰহণৰ বাবে ৪১,৩২০ টা বেলট ইউনিট, ৪৩,৯৭৫ টা কণ্ট্ৰোল ইউনিট আৰু ৪৩,৯৯৭ টা ভিভিপিএটি মেচিনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ভিতৰতে জৰুৰীকালীনভাৱে ব্যৱহাৰ কৰিবলগীয়া বেলট ইউনিট, ক’ণ্ট্ৰোল ইউনিট, ভিভিপিএটি মেচিন অন্তৰ্ভুক্ত হৈ আছে। আনহাতে প্ৰয়োজনত নিয়োগ কৰিবলৈ ভোটগ্ৰহণ বিষয়াও সষ্টম কৰি ৰখা হৈছে।


নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ৭২২ গৰাকী প্ৰাৰ্থী ভিতৰত আছে ৬৬৩ জন পুৰুষ আৰু ৫৯ গৰাকী মহিলা প্ৰাৰ্থী। ১২৬ টা সমষ্টিত ‍অৱতীৰ্ণ হোৱা মুঠ ৭২২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে বিজেপিৰ ৯০ গৰাকী, কংগ্ৰেছৰ ৯৯ গৰাকী, অগপৰ ২৬ গৰাকী, আপৰ ১৮ গৰাকী, এ আই ইউ ডি এফৰ ৩০ গৰাকী, বি পি এফৰ ১১ গৰাকী, ইউ পি পি এলৰ ১৮ গৰাকী তৃণমূল কংগ্ৰেছৰ ২২ গৰাকী, অসম জাতীয় পৰিষদৰ ১০ গৰাকী, ৰাইজৰ দলৰ ১৩ গৰাকী, অল ইণ্ডিয়া ফ'ৰৱাৰ্ড ব্লকৰ দুই গৰাকী, অগ্নি জনতা পাৰ্টীৰ দুইগৰাকী, ভাৰতীয় গণ পৰিষদৰ ৪ গৰাকী, চি পি আইৰ ৩ গৰাকী, চি পি আই এম এলৰ ৩ গৰাকী, চি পি আই এমৰ দুই গৰাকী, গণ সুৰক্ষা পাৰ্টীৰ ১০ গৰাকী, গোণ্ডৱানা গণতন্ত্র পাৰ্টীৰ ৩ গৰাকী, ঝাৰখণ্ড মুক্তি মৰ্চাৰ ১৬ গৰাকী, এন পি পিৰ দুইগৰাকী, ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ ১০ গৰাকী, ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া আঠাৱালেৰ ৪ গৰাকী আৰু ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলৰ ১৭ গৰাকী প্ৰাৰ্থী। আনহাতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে ২৫৮ গৰাকী প্ৰাৰ্থী।


এইবাৰৰ নিৰ্বাচনত সৰ্বাধিক ১৫ গৰাকী প্ৰাৰ্থী থকা সমষ্টি হৈছে আলগাপুৰ-কাটলিচেৰা আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টি। সেইদৰে সৰ্বনিম্ন দুইগৰাকী প্ৰাৰ্থী থকা সমষ্টি হৈছে ৰঙিয়া, জাগীৰোড, হোজাই, নদুৱাৰ, জোনাই, ডুমডুমা, মাহমৰা, টিয়ক আৰু লক্ষীপুৰ।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment