প্ৰতিদিন সংবাদ গোষ্টীৰ কাৰ্যালয় আক্ৰমণৰ ঘটনাক মানৱধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ গৰিহণা


গুৱাহাটী,১০ এপ্ৰিল : অসমৰ আগশাৰীৰ বাতৰি কাকত প্ৰতিদিনৰ  লখিমপুৰ সংস্কৰণৰ কাৰ্যালয়ত নিশা দুস্কৃতিকাৰীয়ে শিলাবর্ষণ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে গীতিকাৰ,  যুক্তিবাদী চিন্তাবিদ, অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। ডঃ দিব্যজ্যোতি শইকীয়াই এই ঘটনাক সংবাদ মাধ্যমৰ স্বাধীনতাক শাসক পক্ষই ভয়-ভাবুকিৰে দমন কৰিবলৈ বৃথা প্ৰচেষ্টা চলোৱা বুলি উল্লেখ কৰে।  প্ৰতিদিন সংবাদ গোষ্ঠীয়ে বিৰোধী পক্ষত থাকি বাতৰি পৰিবেশন কৰি অহাৰ বাবেই সন্দেহ জনক বিজেপি কৰ্মী তথা শাসক পক্ষৰ দ্বাৰা এনে ঘটনা সংঘটিত কৰা বুলি ডঃ দিব্যজ্যোতি শইকীয়াই আশংকা প্ৰকাশ কৰাৰ লগতে কয় যে ভাৰতৰ দৰে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবাদ মাধ্যমক ভয় ভাবুকি প্ৰদান তথা আক্ৰমণ কৰি দমন কৰিবলৈ চলোৱা বৃথা কাৰ্য অতিকে ঘৃণনীয়। তেওঁ শীঘ্ৰে দোষীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment