ভবাতকৈ বেছি আসন লাভ কৰিব বিজেপি মিত্রজোঁটে : দিলীপ শইকীয়া


গুৱাহাটী,১০ এপ্ৰিল : "বিজেপি মিত্ৰজোঁটে এইবাৰ ভবাতকৈ আৰু বেছি আসন লাভ কৰাৰ সম্ভাৱনা আছে। তৃতীয় বাৰৰ বাবে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত।" - এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। বৃহস্পতিবাৰে ৰাজ্যত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত পূৰ্বৰ অভিলেখ ভংগ কৰি প্ৰায় ৮৬ শতাংশ ভোটদান হয়। এই সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত বিজেপিৰ এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াই ৰাজ্যৰ শেহতীয়া ভোটদান প্ৰক্ৰিয়া সম্পৰ্কে নিজৰ মতামত প্ৰকাশ কৰে। তেওঁ কয়, "এইবাৰৰ ভোটদানত সমাজৰ সকলো শ্ৰেণীৰ ৰাইজে অতি উৎসাহেৰে আৰু সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। বিশেষকৈ ৰাজ্যৰ যুৱ প্ৰজন্মই এইবাৰ ভোটদানত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এইবাৰ প্ৰায় ৭২ লাখ ভোটাৰ ৩০ বছৰৰ তলৰ আছিল, তাৰ ভিতৰত প্ৰায় ৭ লাখে প্ৰথমবাৰৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। এইসকল যুৱ ভোটাৰে উৎসাহ আৰু দায়িত্ববোধেৰে ভোটদান কৰাৰ বাবে তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।"

তেওঁ লগতে কয়, "অসমৰ আইমাতৃ নাৰী শক্তিয়েও এইবাৰ নিৰ্বাচনত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে। অসমৰ নিৰ্বাচনী ইতিহাসত ইমান বৃহৎ পৰিমাণে মহিলাৰ ভোটদান আগতে দেখা পোৱা নাই। নাৰী শক্তিৰ এই সক্ৰিয় অংশগ্ৰহণে ৰাজ্যৰ গণতান্ত্ৰিক ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিছে। সকলো ভনী-বাইদেউসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। জ্যেষ্ঠ নাগৰিকসকলৰ অংশ গ্ৰহণো উল্লেখযোগ্য। ৮৫ বছৰৰ ওপৰৰ বহু জ্যেষ্ঠ নাগৰিকে ঘৰতেই ভোটদানৰ সুবিধা লৈছে আৰু ৬০ বছৰৰ ওপৰৰ বহু নাগৰিকে ভোটকেন্দ্ৰলৈ গৈ নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিছে। এইবাৰ ৰাজ্যত সামগ্ৰিক ভোটদানৰ হাৰ প্ৰায় ৮৬ শতাংশ পাইছে, যি পূৰ্বৰ নিৰ্বাচন সমূহতকৈ অধিক। এই উচ্চ ভোটদানৰ হাৰে স্পষ্টভাৱে দেখুৱাইছে যে অসমৰ ৰাইজে গণতন্ত্ৰৰ প্ৰতি গভীৰ বিশ্বাস আৰু দায়িত্ববোধ প্ৰকাশ কৰিছে।"

তেওঁ কয়, "কেৱল গ্ৰামাঞ্চলতেই নহয়, নগৰাঞ্চলতো এইবাৰ ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ পৰা স্পষ্টভাৱে বুজা যায় যে সকলো শ্ৰেণীৰ ৰাইজে এই নিৰ্বাচনত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিছে। এই উচ্চ ভোটদানৰ ফলত এন ডি এ মিত্ৰজোঁটে ইতিবাচক ফলাফল লাভ কৰিব আৰু ৰাজ্যত কমেও ২৫ খন অধিক আসনত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে।"


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment