বৃহৎ কেলেংকাৰী : পাকা বেতবাৰী উন্নয়ন খণ্ডত বিষয়াৰ কোটি কোটি্ টকা আত্মসাৎ

দুৰ্নীতিগ্ৰস্থ খণ্ড উন্নয়ন বিষয়া বিবেকানন্দ নাথক বিভাগে অপসাৰণ কৰাৰ পিছতো চৰকাৰী নীতি নিয়ম ভৰিৰে মোহাৰি চৰকাৰী ধনৰ নিজৰ পৈতৃক সম্পত্তি দৰে ব্যৱহাৰ : জনৰোষৰ পৰা বাচিবলৈ মোবাইল বন্ধ কৰি পলাই থকাৰ অভিযোগ

কয়াকুছি : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে ব্যাপক আৰ্থিক অনিয়ম তথা কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ অনুসৰি খণ্ড উন্নয়ন বিষয়া বিবেকানন্দ নাথে এমজিএনৰেগা আঁচনি ৰূপায়ণৰ কৰাৰ বাবে তথাকথিত নুৰ এণ্টাৰপ্ৰাইজ নামৰ এক দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰা দেখুৱাই কেবা কোটি টকা আত্মসাৎ কৰে !


উল্লেখ্য যে কোনো উদ্যোগ বা দোকানৰ পৰা সামগ্ৰী আজি লৈকে এক টকাৰ ক্ৰয় নকৰাকৈয়ে তথাকথিত নুৰ এন্টাৰপ্ৰাইজৰ গৰাকীৰ সৈতে বুজাবুজিৰে ব্যৱসায়িক প্ৰতিষ্ঠানটিৰ পৰা সামগ্ৰী ক্ৰয় কৰা বুলি দেখুৱাই এনে ভয়ংকৰ অনিয়ম সংঘটিত কৰিছে৷ ফলত তথাকথিত নুৰ ত্রন্টাৰপ্ৰাজ নামৰ প্ৰতিষ্ঠান জন্ম হোৱা মাত্ৰকে বহু কৌটি টকাৰ মালিক হবলৈ সক্ষম হৈছে৷
উল্লেখ্য যে শেহতীয়া বাবে পাকাবেতবাৰী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া পদৰ পৰা বিবেকানন্দ নাথ অপসাৰিত কৰাৰ পিছতো চৰকাৰী নীতি নিয়ম ভৰিৰে মোহাৰি চৰকাৰী ধনৰ নিজৰ পৈতৃক সম্পত্তি দৰে ব্যৱহাৰ কৰি প্ৰায় ১ কৌটি ৭০ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অবিযোগ পোৱা গৈছে৷ স্থানীয় ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰে সৈতে মিলি এই বৃহৎ দুৰ্নীতি কৰিবলৈ সক্ষম হৈছে৷
ইপিনে বৰপেটা ডি আৰ ডি এ কাৰ্যালয়ত এ পি অ’ হিচাপে কৰ্মৰত হোৱাৰ পিছত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক তৈলমৰ্দন কৰি অতিৰিক্তভাৱে পাকাবেতবাৰী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হিচাপে দ্বায়িত্ব লয়! দায়িত্ব লোৱাৰ পিছতেই প্ৰথমে কেইখন পঞ্চায়তৰ কেইজনমান ব্যক্তিক বাছি লৈ সেই কেইজন ব্যক্তিৰ সহযোগত ধাৰাবাহিকভাবে এনেধৰণৰ দুৰ্নীতি সংঘটিত কৰি আহিছে৷
বিভিন্ন সময়ত বিষয়াগৰকীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ দুৰ্নীতিৰ অভিযোগ অহাৰ পিছতেই সংশ্লিষ্ট বিভাগে বিষয়া বিবেকানন্দ নাথৰ যোৱা ৬ মাৰ্চত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া পদৰ পৰা অপসাৰিত কৰিবলৈ এক নিৰ্দেশ দিয়ে৷ সেই মৰ্মে বৰপেটা ডি আৰ ডি এৰ প্ৰকল্প সঞ্চালকে পাকা বেতবাৰীৰ উন্নয়ন খণ্ডৰ পৰা অব্যাহতি দিয়ে৷
আশ্চৰ্যজনক কথা হৈছে যে নাথক অব্যাহতি দিয়াৰ পিছতে ৯ আৰু ১১ মাৰ্চত প্ৰায় এক কৌটি সত্তৰ লাখ টকা ধাৰাবাহিক বাবে কাৰ্যালয়ত অনুপস্থিত থাকি ভাড়াতীয়া কম্পিউটাৰ সহায়ক এজনৰ সহায়ত খৰচ কৰি একাউন্ট শূন্য কৰি দিয়ে৷ ফলত প্ৰকৃততে কাম কৰা শ্ৰমিকে প্ৰাপ্য পৰা বঞ্চিত হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইফালে কামৰ লগত জড়িত থকা ব্যক্তিসকলে অভিযোগ কৰা মতে বিষয়াজনৰ কেইজন মান বিশেষ ব্যক্তিৰ ভূৱা আঁচনিৰ নামতো ৪০-৬০ শতাংশ হিচাপে ভাগবাটৰা কৰি এই দুৰ্নীতি সংঘটিত কৰিছে৷
আনহাতে আঁচনিৰ ধন মোকলাই দিয়াৰ নামত বিষয়া জনে বহুতৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি সেই সকলক বঞ্চিত কৰি সম্পূৰ্ণ টকা ভাগ বতৰা কৰি খোৱাৰ পিচৰ পৰাই জনৰোষৰ পৰা বাচিবলৈ মোবাইল বন্ধ কৰি পলাই থকা বুলি জানিব পৰা গৈছে৷
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment