৩৪৮০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অনুমোদন : সাংসদ ভুৱনেশ্বৰ কলিতাৰ প্ৰশ্নৰ উত্তৰত পথ পৰিবহন মন্ত্ৰীৰ ঘোষণা ।

৩৪৮০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অনুমোদন : সাংসদ ভুৱনেশ্বৰ কলিতাৰ প্ৰশ্নৰ উত্তৰত পথ পৰিবহন মন্ত্ৰীৰ ঘোষণা ।

           কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ভাৰতমালা পৰিযোজনাৰ অধীনত প্ৰথম পৰ্যায়ত ৩৪৮০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ৫ লাখ ৩৫ হাজাৰ কৌটি পূজি আৱন্টন দিছে । ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি এই তথ্য সদনক অৱগত কৰে । ভাৰতমালা পৰিযোজনাৰ প্ৰথম পৰ্যায়ৰ এই ধনেৰে মুঠ ১৪.২ কৌটি কৰ্মসংস্হাপনৰ দিন সৃষ্টি কৰিব পৰা যাব বুলিও মন্ত্ৰীজনে আশা ব্যক্ত কৰে ।
     আনহাতে ইজৰাইলৰ এটা কোম্পানীয়ে মদৰ বটলত জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো ব্যৱহাৰ কৰা সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ এক পত্ৰৰ উত্তৰত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে জনাই যে কোম্পানীটোৱে ইতিমধ্যে ভাৰতৰ জনসাধাৰণ আৰু ভাৰত চৰকাৰৰ ওচৰত ক্ষমা বিচাৰিছে আৰু তেওলোকৰ উৎপাদন আৰু যোগান বন্ধ ৰাখিছে । লগতে ইজৰাইলৰ কোম্পানীটোৱে মহাত্মা গান্ধীৰ ফটো সম্বলিত মদৰ বটল সমূহ বজাৰৰ পৰা আতৰাবলৈ সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি ভাৰতীয় কূটনৈতিক বিষয়া সকলক জনোৱা বুলিও মন্ত্ৰীজনে সাংসদ কলিতাক অৱগত কৰে ।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment