শ্ৰী শংকৰদেৱ নেত্ৰালয়ত নেত্ৰদান পষেক সম্পৰ্কীয় বিশেষ অনুষ্ঠান
নেত্ৰদান মহান দান। ই এনে এক পূণ্য় যাক কোনো বিশেষণেৰে বুজাব নোৱাৰি। প্ৰতিবছৰৰ দৰে এই বছৰো শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ প্ৰংগণত আড়ম্ৱৰপূৰ্ণভাৱে এটা দিন এই বিশেষ কাৰ্যসূচীৰ বাবে ৰখা হয়। আজি অৰ্থাৎ ২৮ আগষ্টত তাৰিখে শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ যোগেদি চকু দান কৰা লোকসকলক শ্ৰদ্ধাঞ্জলী জনাবৰ বাবে এক বিশেষ অনুষ্ঠনৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত চকু দান কৰা লোকসকলৰ পৰিয়ালবৰ্গৰ লগতে মূখ্য় অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ মূখ্য় ন্য়ায়াধীশ শ্ৰীযুত অৰূপ গোস্বামীদেৱ। আনহাতে বনবাসী বন্ধু পৰিষদৰ উপাধ্য়ক্ষ শ্ৰী অৰুণ বাজাজ,অন পি চি বিৰ প্ৰোগেম অফিচাৰ ড: কুমুদ লাল শইকীয়া আৰু অসমৰ বিশিষ্টাঅভিনেত্ৰী জেৰিফা ৱাহিদো অনুষ্ঠানত ব
বিশেষ অতিথি হিচাপে উপস্থিত থাকে। নেত্ৰদান কৰা লোকসকলৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনোৱাৰ লগতে তেখেতলোকে ভাষণো প্ৰদান কৰে। মূখ্য় অতিথি শ্ৰীযুত অৰূপ গোস্বামীদেৱে হস্পিতালৰ এই বিশেষ পদক্ষেপ দেখি সন্তুষ্টি প্ৰকাশ কৰে। বাকী উপস্থিত লোকসকলেও শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসা ব্য়ৱস্থাৰ শলাগ লয় আৰু এনেধৰণৰ সেৱাই হস্পিতালখনক সুদূৰ দিশে আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰে।
0 Comments:
Post a Comment