তৃতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

তৃতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ


ষ্টাফৰিপৰ্টাৰ, ৩১ অক্টোবৰ :
গুৱাহাটীৰ পাঞ্জাৱাৰিস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্রত বৃহস্পতি বাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ বন্তি প্ৰজ্জলনেৰে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। 
অসম চৰকাৰে জ্যোতি চিত্ৰবনৰ উদ্যোগত ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টেলিভিচনৰ সহযোগত আয়োজন কৰা তৃতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মহোৎসৱৰ সফলতা কামনা কৰে। এই মহোৎসৱত দেশ বিদেশৰ বহু খ্যাতনামা চলচ্চিত্ৰ নিৰ্মাতা,শিল্পী,কলা-কুশলী তথা চলচ্চিত্ৰ সমালোচকে অংশগ্ৰহণ কৰিছে।বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৬৫ খন দেশৰ প্ৰায় ১০০ৰো অধিক চলচ্চিত্ৰ এই মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব।তৃতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ সৰ্বতোপ্ৰকাৰৰ সাফল্যৰ বাবে সকলো চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সকলে।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment