পহিলা নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব ২১ সংখ্যক উত্তৰ পূব গ্ৰন্থ মেলা
ষ্টাফ ৰিপ'ৰ্টাৰ,,,৩১ ছেপ্টেম্বৰ। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত '২১ সংখ্যক উত্তৰ- পূব গ্ৰন্থমেলাখন পহিলা নৱেম্বৰৰ পৰা ১২ নৱেম্বৰ লৈ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজন কৰা হৈছে। বৃহস্পতি বাৰে চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত এখন সংবাদ মেলযোগে এই বিষয়ে সদৰী কৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে। তেওঁ কয়-"এইবছৰৰ গ্ৰন্থমেলাখন বিশিষ্ট শিক্ষাবিদ টাবু ৰাম টাইৰ পবিত্ৰ সোৱৰণত উৎসৰ্গিত কৰা হৈছে। গ্ৰন্থমেলাৰ মূল মঞ্চ খন উৎসৰ্গা কৰা হৈছে বিশিষ্ট সমাজকর্মী জি. এল আগৰৱালা আৰু বিশিষ্ট শিল্পী বেণু মিশ্ৰৰ স্মৃতিত । শংকৰী সংস্কৃতিৰ সাধক পূৰ্ণ ব্ৰত দেৱগোস্বামী আৰু মুক্তি যুঁজাৰু ৰমেশ চন্দ্ৰ শর্মাৰ স্মৃতিত সাংস্কৃতিক সন্ধিয়া উৎসৰ্গিত কৰা হ'ব। নৃতত্ববিদ গৱেষক অন্নদাচৰণ ভাগৱতীৰ স্মৃতিত ২১ সংখ্যক গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহটো উৎসৰ্গিত হোৱাৰ বিপৰীতে অধ্যাপক দিলীপ কুমাৰ দত্তৰ সোঁৱৰণত এই গ্ৰন্থমেলাৰ সভাঘৰটো উৎসৰ্গা কৰা হ'ব। মহিলাৰ দিন সাহিত্যিক পূৰবী বৰমুদৈ আৰু বয়োজ্যেষ্ঠ সকলৰ অনুষ্ঠান লোক সংস্কৃতিক গৱেষণক পণ্ডিত প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ নামত উৎসৰ্গা কৰা হ'ব। তেওঁ লগতে কয়-"উত্তৰ পূব গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠান কাইলৈ নৱেম্বৰৰ বিয়লি চাৰি বজাত অনুষ্ঠিত হ'ব।অনুষ্ঠানত মুখ্য অতিথি আৰু উদ্বোধক হিচাপে উপস্থিত থাকিব ভাৰতৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু। তদুপৰি অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সর্বানন্দ সোনোৱাল, ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। তাৰোপৰি এইবাৰৰ গ্ৰন্থমেলাত প্ৰায় ২৭০ খন বিপনী থাকিব আৰু এই গ্ৰন্থমেলাত অংশ লোৱাৰ উদ্দেশ্যে দেশৰ আগশাৰীৰ কেইবাখনো প্ৰকাশন পৰিষদে যোগদান কৰিছে। তাৰ ভিতৰত দিল্লী, কলকাতা, লুধিয়ানা, অসমকে ধৰি আন বহুতো প্ৰতিষ্ঠান উল্লেখযোগ্য। তিনি নৱেম্বৰত বিশিষ্ট শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰীয়ে আৰম্ভ কৰিব "কিতাপ পঢ়োঁ আহক" শীৰ্ষক অনুষ্ঠান। গ্ৰন্থমেলাৰ প্ৰত্যেক দিনে এই অনুষ্ঠান চলি থাকিব। উল্লেখযোগ্য যে,এইবাৰ গ্ৰন্থমেলাত ডেৰ শতাধিক বিবিধ বিষয়ক বাচকবনীয় অসমীয়া গ্ৰন্থ উন্মোচন কৰা হ'ব। আজিৰ অনুষ্ঠানত সদৌ অসম বিক্ৰেতা সংস্থাৰ সভাপতি ইমৰাণ আহমেদ, সদৌ অসম বিক্রেতা সংস্থাৰ প্ৰাক্তন সভাপতি অজিত কুমাৰ বৰ্মন, বিক্রেতা সংস্থাৰ ৰাজহুৱা উপদেষ্টা সমিতিৰ সভাপতি দয়ানন্দ পাঠক, ৰাজহুৱা উপদেষ্টা সমিতিৰ উপ সভাপতি ৰাণী গোহাঁই কে ধৰি কেইবাজানো ব্যক্তি উপস্থিত থাকে।
0 Comments:
Post a Comment