গুৱাহাটীত আৰ্লিচাল্ডহুড ৰাষ্ট্ৰীয় সন্মিলন - বটা প্ৰদান ২০১৯ অনুষ্ঠান

গুৱাহাটীত আৰ্লিচাল্ডহুড ৰাষ্ট্ৰীয় সন্মিলন - বটা প্ৰদান ২০১৯ অনুষ্ঠান




ষ্টাফৰিপৰ্টাৰ, ২০ অক্টোবৰ : আৰ্লি চাইল্ড ডেভেলপমেণ্ট ফৰাম চমুকৈ ইচিডি এফৰ উদ্দ্যোগত দেওবাৰে মহানগৰ নেডফি হাউছ প্ৰেক্ষাগৃহত উত্তৰ পূৱ ভাৰতৰ প্ৰথম খন প্ৰাক শৈশৱ শিক্ষা সন্মিলনখন অনুষ্ঠান অনুষ্ঠিত হয় ৷ "আজিৰ শিশু কালিৰ ভবিষ্যত, নৱ প্ৰজন্মৰ সৃষ্টিত" শীৰ্ষক মুল বিষয় বস্তু হিচাপে লৈ আয়োজন কৰা এই সন্মিলনৰ সৈতে সংগতি ৰাখি পিনাকল এডুকেচন এৱাৰ্ড ২০১৯ ৰো আয়োজন কৰা হয় ৷ শিশু আৰু মহিলা কল্যানৰ বাবে গঠন কৰা ডি এন আচৰ্য্য ফাউণ্ডেচনৰ এক অভিন্ন অশং এই আৰ্লি চাইল্ডহুড ডেভেলপমেণ্ট ফৰামৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ শিক্ষা মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় " আজিৰ পৰিস্থিতিত অতি গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাজৰ উন্নয়নৰ লগে লগে অন্তোদয় শ্ৰেণীৰ পৰা শিশুৰ উন্নয়ন জৰুৰী। শিশুৰ ক্ষেত্ৰত সামগ্ৰিক ভাৱে উন্নয়ন কৰিব লাগিব।" বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মানব অধিকাৰ আয়োগৰ সদস্য ড০ দ্যনেশ্বৰ মনোহৰ মুলে ৷উল্লেখ সন্মিলনৰ একাধিক বিষয়ৰ ভিতৰত অন্যতম আছিল ক্ৰমে শিশুৰ শিক্ষাৰ সময়ছোৱাত মাংসম্পন্ন শিক্ষাৰ গুৰুত্ব, শৈশৱত গুৰুত্ব, শৈশৱত মানসিক স্বাস্থ্য, আবেগিক-সামাজিক 
শিকণ, নীতি শিক্ষা, বিদ্যালয়ত হোৱা কাজিয়া, নীতি শিক্ষাৰ গুৰুত্ব।
 আৰ্লিচাল্ডহুড ৰাষ্ট্ৰীয় সন্মিলন আৰু বটা প্ৰদান অনুষ্ঠানত সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ অহা ১৮ গৰাকীতকৈ বক্তা উপস্থিত থাকে ৷ আৰ্লি চাইল্ডহুড ডেভেলপমেণ্ট ফৰামৰ অধ্যক্ষা তথা প্ৰতিষ্ঠাতা ড০ বাসৱী আশ্চৰ্য বৰাই এই পদক্ষেপৰ উদ্দেশ্য চমুকৈ বাখ্যা কৰে। শিশু শিক্ষাৰ জড়িত লোকৰ পৰা আৰম্ভ কৰি’ বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ শিক্ষা উদ্যোগী চিকিৎসকে ধৰি ভালে সংখ্যক গন্য মান্য লোকে অংশ গ্ৰহন কৰে ৷
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment