গীতা নগৰ মহাকাল মহাভৈৰবী মন্দিৰৰ ৰুপালী
জয়ন্তী
ষ্টাফৰিপৰ্টাৰ, ২০ অক্টোবৰ : গীতা নগৰ মহাকাল মহাভৈৰবী মন্দিৰৰ ৰুপালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি চলিছে। বৃহত্তৰ গীতানগৰ মহাকাল মহাভৈৰব মন্দিৰ নিৰ্মাণ পৰিচালনা সমিতিৰ উদ্দ্যোগত ২৫ অক্টোবৰৰ পৰা ২৭ অক্টোবৰলৈ তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে ৰুপালী জয়ন্তী উদযাপন কৰা হব ৷ উদযাপন সমিতিৰ সভাপতি নৱ কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক দুৰ্লভ শৰ্মাই এক বিবৃতি যোগে কয় " ৰুপালী জয়ন্তীৰ কাৰ্যসূচী অনুসৰি ২৫ অক্টোবৰৰ পুৱা ৯ বজাত ধৰ্ম পতকা উত্তোলন কৰিব সভাপতি নৱ কুমাৰ শৰ্মাই ৷ পুৱা ৯ '১৫ বজাত বন্তি প্ৰজ্বালন কৰিব সমাজ কৰ্মী অনিৰ্বান চৌধুৰীয়ে, ১০ গছপুলি ৰোপন, ১১ বজাত মহিলাৰ দিহা নাম প্ৰতিযোগিতা, সন্ধিয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হব। ২৬ অক্টোবৰত ৮ '৩০ ভেশচন প্ৰতিযোগিতা, ১০ বজাত খেল ধেমালি ’দিনৰ ২ বজাত সম্বৰ্ধনা আৰু সদস্য সন্মিলন ’৩বজাত স্মৃতিগ্ৰন্থ উন্মোচন’ ৪ বজাত আধুনিক নৃত্য প্ৰতিযোগিতা ৷ ২৭অক্টোবৰত ধৰ্মীয় শোভাযাত্ৰা ৷শুভাৰম্ভ কৰিব সমাজকৰ্মী দুৰ্গা প্ৰসাদ ডেকাই ৷১০বজাত চিএাংকন প্ৰতিযোগিতা ’৩ বজাত ধৰ্মলোচনা সভা অনুষ্ঠিত হ'ব৷ আলোচনা সভাত আলোচক কামৰুপ একাডেমিৰ প্ৰাক্তন অধ্যক্ষ তিলক চন্দ্ৰ শৰ্মা আৰু সংকৃত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৃপেন্দ্ৰ নাথ শৰ্মা উপস্থিত থাকিব ৷সন্ধিয়া ৬ বজাত দীপান্বিতা ’ বন্তি প্ৰজ্বলন ৭ বজাত মহিলাৰ দ্বাৰা কালি লোকগীতৰ নাম অনুষ্ঠিত হ'ৱ৷ উল্লেখ্য অনুষ্ঠানত অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা উপস্হিত থাকিব ৷"
0 Comments:
Post a Comment