উত্তৰ পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে বণিজ্যিক পক্ষী মেলাৰ আয়োজন
ষ্টাফৰিপৰ্টাৰ, ১৫ অক্টোবৰ :খানাপাৰাৰ অসম কৃষি বিশ্ববিদ্যালয় আৰু সদৌ অসম বাণিজ্যিক পক্ষী পালক আৰু ব্যৱসায়ী সন্থাৰ যৌথ উদ্যোগত ১৭, ১৮ আৰু ১৯ অক্টোবৰ'-ত গুৱাহাটী, খানাপাৰাত
পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত তিনিদিনীয়াকৈ এখন বাণিজ্যিক পক্ষী মেলাৰ *(poultry expo)* আয়োজন কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা উক্ত মেলাত ভাৰতৰ বিভিন্ন ঠাইৰ এই উদ্যোগত জড়িত বহুজাতিক কোম্পানী, গৱেষক, উদ্যোগী আৰু প্ৰগতিশীল হাঁহ কুকুৰা পালকৰ সমাগম হব।মেলাৰ বিশেষ আকৰ্ষণ বিভিন্ন প্ৰজাতিৰ বাণিজ্যিক পক্ষী ৰ প্ৰদৰ্শনী। তাৰোপৰি হাঁহ কুকুৰা পালনৰ লগত জড়িত যন্ত্ৰ পাতি, দানা, ঔষদ ইত্যাদিৰ প্ৰদৰ্শন হব।বাহিৰাজ্যৰ পৰা গুৱাহাটীলৈ দৈনিক প্ৰায় ৫০ লাখ কণীৰ আমদানি হয় যাৰ ফলত অসম এক বৃহৎ লোকচানৰ সন্মুখীন হৈ আছে।ঠিক একেই প্ৰতিচ্ছবি মাংস ৰ বজাৰতো। সেই সূত্ৰেই অসমত হাঁহ কুকুৰাৰ উপৰিও কুৱেইল,ইমূ ইত্যাদি চাহিদা আৰু জনপ্ৰিয়তা দিনক দিনে অত্যাধিক বৃদ্ধি হৈছে। ক্ৰমবৰ্ধমান চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই মেলাত কণী পৰা কুকুৰা আৰু বতা চৰাই পালন আৰু ব্যৱস্থাপনা ৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৰখা হৈছে য'ত সমল ব্যক্তি হিচাপে অংশ লব এই দিশত অভিজ্ঞ ভাৰতৰ আগশাৰীৰ গৱেষক, তথা বিভিন্ন কোম্পানীৰ বিষয়ববীয়াই। তাৰোপৰি পক্ষী পালনৰ আন দিশসমূহ সামৰি কেইবালানি আলোচনা চক্ৰ অনুষ্ঠিত হব। এই মেলা অসমৰ থলুৱা কৃষক, প্ৰগতিশীল আৰু উদ্যোগী ব্যক্তি তথা শিক্ষিত নিবনুৱাৰ বাবে উদ্যোগী মানসিকতা আৰু ব্যৱহাৰিক জ্ঞান লাভৰ এক মঞ্চ হব।
0 Comments:
Post a Comment