উচ্চতম ন্যায়ালয়ত এন আৰ চি সম্পৰ্কীয় গোচৰৰ শুনানী
ষ্টাফৰিপৰ্টাৰ, ১৮ অক্টোবৰ : এন আৰ চি ৰ চুড়ান্ত তালিকা প্ৰকাশৰ পিছত উচ্চতম ন্যায়ালয়ত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে এন আৰ চি সম্পৰ্কীয় গোচৰ ডব্লিউ পি (চি) নং :২৭৪ /২০০৯ ৰ শুনানী অনুষ্ঠিত হয়। গতানুগতিক দুজনীয়া খণ্ড বিচাৰপীঠৰ সলনি শুকুৰবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছ এ ববড়ে আৰু ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত এই শুনানী অনুষ্ঠিত হয়। আদালতে এন আৰ চি ৰ ৰাজ্যিক সমন্বয়ক শ্র প্রতীক হাজেলাক এন আৰ চি ৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ লগতে অসমৰ পৰা মধ্যপ্ৰদেশলৈ বদলিৰ নিৰ্দেশনা প্ৰদান কৰে। বিভিন্ন দল সংগঠনে দাখিল কৰা আবেদন তথা এন আৰ চি ৰ প্ৰক্ৰিয়া সম্পৰ্কীয় বাকী বিষয় সমূহ পৰবৰ্তী শুনানীত নিস্পত্তি কৰিব বুলি মত প্ৰকাশ কৰি ২৬ নৱেম্বৰত পৰবৰ্তী শুনানীৰ দিন ধাৰ্য্য কৰে। আনহাতে পৰবৰ্তী শুনানী দেশৰ হ'ব লগা নতুন মুখ্য ন্যায়াধীশ এছ এ ববড়ে আৰু ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত অনুষ্ঠিত হব। এন আৰ চি ৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক কিয় বদলিৰ নিৰ্দেশনা দিছে বুলি বিচাৰপীঠক দেশৰ এটৰ্ণি জেনেৰেল বেনুগোপালে প্ৰশ্ন কৰাত বিচাৰপীঠে মন্তব্য কৰে যে আদালতে কোনো কাৰন নোহোৱাকৈ কোনো সিদ্ধান্ত নিদিয়ে।
0 Comments:
Post a Comment