অনলাইন সাংবাদিতাৰ ভৱিষ্যত উজ্জ্বল ,কিন্তু ই অধ্যাৱসায় সাপেক্ষ

অনলাইন সাংবাদিতাৰ ভৱিষ্যত উজ্জ্বল ,কিন্তু ই  অধ্যাৱসায় সাপেক্ষ



  ষ্টাফৰিপৰ্টাৰ, ১৮ অক্টোবৰ : "সমগ্ৰ পৃথিৱীৰ মুখ্যধাৰাৰ সংবাদ মাধ্যমক প্ৰত্যাহ্বান জনাই অনলাইন মাধ্যমে  কৌটি কৌটি পাঠকক তথ্যৰ যোগান ধৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিকল্প সংবাদ ৰূপেও পৰিচিত এই মাধ্যমে ইণ্টাৰনেটৰ সহায়ত পৃথিৱীৰ চুকে কোনে পাঠক আৰু দৰ্শকক  সংযোজিত কৰিছে।সেয়ে মানৱ জাতিৰ বাবে ই পৰিণত হৈছে ভৱিষ্যতৰ 
সংবাদ মাধ্যমৰূপে ।
গুৱাহাটী প্ৰেছ ক্লাবৰ মিট দ্যা প্ৰেছ অনুষ্ঠানত  নতুন দিল্লীৰ পৰা ভিডিও কনফাৰেন্স যোগে সাংবাদিকৰে  বার্তালাপ কৰি  জ্যেষ্ঠ সাংবাদিক যশৱন্ত সিঙে শুকুৰবাৰে এই মন্তব্য কৰে । অনলাইন সংবাদিক ৰূপে খ্যাতি লাভ কৰা সিঙে  ভাৰতৰ সংবাদ পত্ৰ আৰু নিউজ চেনেল সমূহৰ বেছিভাগেই ৰাইজৰ হিতৰ কথা বাদ দি নিজৰ মূনাফাৰ বাবে কাম কৰা বুলি অভিযোগ কৰে ।একপক্ষীয় আৰু বহুসময়ত পক্ষপাতদুষ্ট  বাতৰি যোগানৰ জৰিয়তে মূল সূতিৰ সংবাদ মাধ্যমে প্ৰায়ে সমাজৰ অনিষ্ট সাধন কৰি আহিছে। সাধাৰণ পাঠকে সেইবাবে  সামাজিক মাধ্যমৰ জৰিয়তে  নিজৰ মত প্ৰকাশৰ  স্বাধীনতা উপভোগ কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া এনে  এক পৰিৱেশৰ সৃষ্টি হৈছে যে মূল সূতিৰ সংবাদ মাধ্যমে  অনলাইন মাধ্যমৰ পৰা তথ্য আহৰণ কৰিব লগা হৈছে। তদুপৰি একপক্ষীয় বাতৰিৰ  বিৰুদ্ধে ছ'চিয়েল মিডিয়াত ক্ষোভৰ উমান পাই বহুসময়ত নিউজ চেনেলে ক্ষমা খুজিব লগা পৰিস্হিতিৰো সৃষ্টি হৈছে। ইণ্টাৰনেটৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ ফলত বাতৰি কাকত  আৰু নিউজ চেনেলে এই মাধ্যমৰ ওচৰত নিৰ্ভৰশীল হ'ব লগা হৈছে। ভাৰতৰ দৰে দেশত এতিয়াও বহু সংবেদনশীল বাতৰি কাকতৰ পাঠক আছে।কিন্তু তেওঁলোকৰ চাহিদা পূৰণৰ বাবে বাতৰি কাকতে নিজক সমৃদ্ধ নকৰিলে ভৱিষ্যত সংকট- পূৰ্ণ হব পাৰে। অনলাইন মাধ্যমত এতিয়া যিহেতু প্ৰায় সকলো ধৰণৰ সংবাদ পোৱা যায় ,বাতৰি কাকত- নিউজ চেনেলে তাৰ নিৰপেক্ষ পৰ্যালোচনাত গুৰুত্ব দিব পাৰে। নতুন প্ৰজন্মৰ সাংবাদিক সকলক উদ্দেশ্যি তেওঁ কয় " সাংবাদিকতাৰ ধাৰা সলনি হলেও ই সদায় জীয়াই থাকিব। সাংবাদিক সকলে যি মাধ্যমতে কাম নকৰক কিয় নিজক প্ৰতিষ্ঠা কৰিবলৈ অধ্যাৱসায় কৰিবই লাগিব।অনলাইন মাধ্যমৰ সুবিধা লৈ পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ নিজৰ তথ্য আৰু ধ্যান-ধাৰণা  প্ৰচাৰেৰে উদীয়মান সকলে নিজৰ পৰিচয়  নিশ্চিত কৰিব বুলিও সিঙে  আশা প্ৰকাশ কৰে।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment