*ব্যতিক্ৰমী গঠনমূলক পদক্ষেপেৰে এককালীন ব্যৱহৃত প্লাষ্টিক বৰ্জনৰ অভিযান আৰম্ভ কুসুমকুঞ্জ অৰ্গেনিকচৰ*

*ব্যতিক্ৰমী গঠনমূলক পদক্ষেপেৰে এককালীন ব্যৱহৃত প্লাষ্টিক বৰ্জনৰ অভিযান আৰম্ভ কুসুমকুঞ্জ অৰ্গেনিকচৰ*

 
ষ্টাফৰিপৰ্টাৰ ১৯অক্টোবৰ, গুৱাহাটী: সমগ্ৰ দেশতে বৰ্তমান এককালীন ব্যৱহৃত প্লাষ্টিক বৰ্জনৰ বাবে চলি থকা সজাগতা অভিযানৰ মাজতে আজিৰে পৰা কুসুমকুঞ্জ অৰ্গেনিকচে আৰম্ভ কৰিলে এককালীন ব্যৱহৃত প্লাষ্টিক বৰ্জন অভিযান!গুৱাহাটীৰ লগতে অসমৰ অন্য প্ৰান্তৰ বিদ্যাৰ্থীসকলৰ মাজত এককালীন ব্যৱহৃত প্লাষ্টিক বৰ্জনৰ বিষয়ে সজাগতা সৃষ্টিৰ এক অভিযানৰ শুভাৰম্ভ কৰি কুসুমকুঞ্জ অৰ্গেনিকচে অভিযানৰ প্ৰথম অনুষ্ঠান হিচাপে গুৱাহাটীৰ হেঙেৰাবাৰীস্থ শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক সজাগতামূলক ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰে য'ত এককালীন ব্যৱহৃত প্লাষ্টিকৰ বটলসমূহৰ পুনৰব্যৱহাৰেৰে পৰিবেশ সংৰক্ষণৰ বিষয়ে শিক্ষাৰ্থীসকলক সজাগ কৰাৰ লগতে নিৰ্মান কৰা হয় এখন "সেউজ দেৱাল!" ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিবেশ সংৰক্ষণ আৰু প্লাষ্টিক বিৰোধী শ্লোগান প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়,য'ত বিশিষ্টা সমাজসেৱী তথা হেঙেৰাবাৰী অঞ্চলৰ সৰবৰহী মহিলা লাৱণ্য দেৱী বিচাৰক হিচাপে উপস্থিত থাকে!প্লাষ্টিক বৰ্জন কৰি এক সুস্থ-সুন্দৰ পৰিবেশৰ লক্ষ্যৰে কুসুমকুঞ্জ অৰ্গেনিকচে আৰম্ভ কৰা এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে অনুষ্ঠানক বিশিষ্ট অতিথি হিচাপে উপস্থিত প্ৰাগ নিউজৰ জ্যেষ্ঠা সাংবাদিক ৰঞ্জিতা ৰাভা আৰু শংকৰদেৱ বিদ্যা নিকেতন,হেঙেৰাবাৰীৰ প্ৰধানআচাৰ্য তপন শৰ্মাই!শিক্ষাৰ্থীসকলক এক সুন্দৰ পৰিবেশৰ সৃষ্টিৰে এখন সুন্দৰ সমাজ গঠনৰ বাবে সজাগ কৰিবলৈ আজি আৰম্ভ হোৱা এই অনুষ্ঠান অনাগত সময়ত গুৱাহাটীৰ লগতে অসমৰ আন আন শিক্ষানুষ্ঠানতো অনুষ্ঠিত কৰা হ'ব বুলি এক প্ৰেছ বিবৃতিযোগে জনায় উদ্যোগী যুৱতী তথা কুসুমকুঞ্জ অৰ্গেনিকচৰ প্ৰতিষ্ঠাতা শিখা হাতীবৰুৱাই!অনুষ্ঠান নিকেতনৰ আচাৰ্য-আচাৰ্যাৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক উপস্থিত থাকে!দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এককালীন ব্যৱহৃত প্লাষ্টিক বৰ্জনৰ জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনায় আজিৰে পৰা অভিযান আৰম্ভ কৰা কুসুমকুঞ্জ অৰ্গেনিকচে অনাগত প্ৰতিটো ক্ষণত এক প্লাষ্টিকমুক্ত পৰিবেশৰ বাবে কাম কৰি যাবলৈ বদ্ধপৰিকৰ বুলি জনায় সংস্থাটোৰ আন এজন সদস্য নীহাৰেন্দ্ৰ শৰ্মাই!
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment