ৰাষ্ট্ৰীয় বাণিজ্য মেলাত সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন
উদ্যোগী মহিলা সন্থাৰ উদ্যোগত আৰু অসম চৰকাৰৰ বাণিজ্য বিভাগৰ অধীনত তথা অসম দক্ষতা বিকাশ যোজনাৰ সহযোগত ১৩ ৰ পৰা ২২ অক্টোবৰলৈ ৰাষ্ট্ৰীয় বাণিজ্য মেলা ২০১৯ অনুষ্ঠিত হৈছে। মহানগৰীৰ খানাপাৰাৰ গণেশ মন্দিৰ ইন্দোৰ ষ্টেডিয়ামৰ প্ৰাংগণত অনুষ্ঠিত এই মেলাৰ লগত সংগতি ৰাখি মঙলবাৰে এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। সম্বৰ্ধনা অনুষ্ঠানত "আকাশ চুবৰ মন" শীৰ্ষক অনুষ্ঠানৰ ১০ গৰাকী শিল্পীক উদ্যোগী মহিলা সন্থাৰ সদস্য সকলে একোখন ফুলাম গামোচা আৰু একোটা উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানত সম্বৰ্ধনাৰ গ্ৰহণ কৰি শিল্পী সকলে গীত আৰু নৃত্য পৰিবেশন কৰে বুলি সন্থাৰ সাধাৰণ সম্পাদক দিকুমণি শইকীয়া ডেকাই এক বিবৃতি যোগে জনায়।
0 Comments:
Post a Comment