গণেশগুৰিত দুষ্ট চক্ৰই কিয় ফালিলে সুদৰ্শন থিয়েটাৰৰ বৃহৎ বেনাৰ

গণেশগুৰিত দুষ্ট চক্ৰই কিয় ফালিলে সুদৰ্শন থিয়েটাৰৰ বৃহৎ বেনাৰ 

  নাট্যকাৰ পবন পল্লবে          " বিষ্ণু যজ্ঞ " নামৰ নাটকখনৰ জৰিয়তে  দেশৰ এচাম ধুৰন্ধৰ ৰাজনীতিকিৰ মুখাৰ আঁৰৰ মুখ সমাজৰ আগত নগ্নৰূপত উদঙাই দিয়া বাবে এক দুষ্ট চক্ৰৰ আক্ৰোষৰ বলি হ'ব লগা হৈছে সুদৰ্শন থিয়েটাৰ ।
কাৰিকৰী কৌশলৰ চমক সমৃদ্ধ এই নাটখন চাবলৈ উজনি -নামনিৰ বহু পেণ্ডেলত নাট্যপ্ৰেমী ৰাইজে হেতা - ওপৰা লগোৱাৰ উপৰি ধুৰন্ধৰ ৰাজনীতিকৰ চৰিত্ৰক লৈয়ো সৰৱ হৈ পৰা দেখা গৈছিল ।
    পবন  পল্লবৰ এই নাটখনিয়ে অহা 24/25/26  অক্টোবৰত সুদৰ্শন থিয়েটাৰৰ গণেশগুৰিৰৰ পেণ্ডেলতো ব্যাপক খলকনি তোলাৰ সম্ভাবনা  আছে । দিছপুৰৰ ৰাজনৈতিক মহলতো নাটক খনক লৈ চলিছে সৰৱ আলোচনা । ইয়াতে ভয় খাই নিজৰ চৰিত্ৰ ওলাই পৰাৰ ভয়ত এক দুষ্ট চক্ৰই সুদৰ্শন থিয়েটাৰক গণেশগুৰিত নাট প্ৰদৰ্শনত বাধা দিয়াৰ অভিপ্ৰায়েৰে থিয়েটাৰ খনে প্ৰচাৰৰ বাবে ব্যবহাৰ কৰা কেবাখনো বেনাৰ - পোষ্টাৰ নিশাৰ ভাগত  ফালি পেলোৱাৰ লগতে উঠাই লৈ যায় ।  গণেশগুৰিত লগোৱা সুদৰ্শন থিয়েটাৰৰ বৃহৎ বেনাৰ এখনো আজি নিশাৰ ভাগত দুষ্ট চক্ৰই উঠাই নিয়ে ।
এই ঘটনাত সুদৰ্শন থিয়েটাৰ গোষ্ঠীয়ে দুখ প্ৰকাশ কৰাৰ লগতে ঘটনাটোৱে নাটকখনৰ জনপ্ৰিয়তাকে সুচাইছে বূলি উল্লেখ কৰে । আনহাতে কাৰো ৰঙা চকুলৈ ভয় নকৰি অহা 25  অক্টোবৰত গণেশগুৰিৰ পেণ্ডেলত বিষ্ণুযজ্ঞ নাটক খন তিনিটাকৈ দৰ্শনীত প্ৰদৰ্শন কৰা হব বুলিয়ো থিয়েটাৰ গোষ্ঠীয়ে জানিব দিছে ।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment