অসমৰ বিলুপ্তপ্ৰায় চৰাই হাড়গিলাক লৈ নিৰ্মাণ কৰা তথ্যচিত্ৰ মুকলি

অসমৰ বিলুপ্তপ্ৰায় চৰাই হাড়গিলাক লৈ নিৰ্মাণ কৰা তথ্যচিত্ৰ মুকলি


ষ্টাফৰিপৰ্টাৰ, ২২ অক্টোবৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তেওঁৰ সভাকক্ষত অসমৰ বিলুপ্তপ্ৰায় চৰাই হাড়গিলাক লৈ নিৰ্মাণ কৰা এখন তথ্যচিত্ৰ মুকলি কৰে। আমেৰিকাৰ Cornell Universityৰ এটা গৱেষক দলে নিৰ্মাণ কৰা এই তথ্যচিত্ৰখন মুকলি কৰি মুখ্যমন্ত্ৰী সোনোৱালে এইক্ষেত্ৰত কাম কৰি অহা 'হাড়গিলা আৰ্মী’ৰ প্ৰতিষ্ঠাপক ড০ পূৰ্ণিমা দেৱী বৰ্মনৰ লগতে গোটেই দলটোকে ভূয়সী প্ৰশংসা কৰে। তেওঁ অনুষ্ঠানত উপস্থিত থকা কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যক হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত ড০ দেৱীক সহযোগিতা কৰিবৰ বাবে বন বিভাগৰ সৈতে লগ হৈ জিলাখনৰ দদৰা, পচৰীয়া আৰু শিঙিমাৰী অঞ্চলত গছৰ পিয়ল আৰু জৰীপ কৰিবলৈ আহ্বান জনায়। এয়া সঁচাকৈয়ে ৰাজ্যখনৰ প্ৰকৃতিপ্ৰেমীসকলৰ বাবে এক সুখবৰ। তথ্যচিত্ৰখন মুকলি হোৱাত এক বিবৃতি যোগে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় "আমিও সন্তোষ ব্যক্ত কৰিছো। এইছেগতে আমি মুখ্যমন্ত্ৰী সোণোৱালক  বিশ্ববিদ্যালয়খনৰ গৱেষক দলটোৰ লগতে ড০ দেৱীক পুনৰবাৰ ধন্যবাদ জনাইছো। জিলাখনৰ উপায়ুক্তৰ সৈতে লগ হৈ মুখ্যমন্ত্ৰীৰ  নিৰ্দেশ আৰু আহ্বানক কাৰ্যকৰী কৰিবলৈ আমাৰ বন বিভাগ প্ৰতিটো মুহূৰ্ততে সাজু হৈ আছে। এইক্ষেত্ৰত সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰী হিচাপে আমিও সাজু আছো। কিয়নো পৰিৱেশ আৰু প্ৰকৃতিক ৰক্ষা কৰাটোৱে হৈছে আমাৰ মূলমন্ত্ৰ।"
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment