গুৱাহাটীত সৰ্বপ্ৰথম বাৰৰ বাবে যকৃৎ সংৰোপনৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন

গুৱাহাটীত সৰ্বপ্ৰথম বাৰৰ বাবে যকৃৎ সংৰোপনৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন 


ষ্টাফৰিপৰ্টাৰ, ২২ অক্টোবৰ : উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটীত সৰ্বপ্ৰথম যকৃত সংৰোপণৰ অস্ত্ৰপ্ৰচাৰৰ বাবে  হায়দৰাবাদৰ যশোদা হাস্পাটালছ আৰু গুৱাহাটীৰ ডাউন-টাউন হাস্পতালৰ এদল চিকিৎসকে মঙলবাৰে এক অনুষ্ঠানৰ জৰিয়তে  ভাৰতৰ যকৃৎ সংৰোপন হোৱা প্ৰথমজন ব্যক্তি জয়দেৱ দাসক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে,বিগত মাহত হায়দৰাবাদৰ যশোদা হাস্পাতাল আৰু গুৱাহাটীৰ ডাউন টাউন হাস্পতালৰ যুটীয়া সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত সৰ্বপ্ৰথম বাৰৰ বাবে যকৃৎ সংৰোপনৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল। তাৰ ফলস্বৰূপে বিগত দুই বছৰৰ ক্ৰ'নিক লিভাৰ ডিজিজ'ত ভুগি থকা জয়দেৱ দাস নামৰ ৫৬ বছৰীয়া ৰোগীজনৰ দেহত যকৃৎ সংৰোপন কৰা হ'য়।যশোদা যকৃৎ সংৰোপণ  দলৰ নিৰ্দেশনা অনুসৰি  তেওঁৰ পত্নী ৰঞ্জু দাসে যকৃতৰ এক অংশ জয়দেৱ দাসক দান কৰে। চলিত বছৰৰ ১৪ ছেপ্টেম্বৰত গুৱাহাটীৰ ডাউন টাউন হাস্পতালত ১০ ঘন্টীয়া জোৰা অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয়। যশোদা হাস্পতালৰ যকৃৎ সংৰোপণ অস্ত্ৰোপচাৰৰ মুৰব্বী ডাঃ পি বালাচন্দ্ৰণ মেনন আৰু ডাউন টাউন হাস্পতালৰ যকৃৎ সংৰোপণ ছার্জন ডাঃ প্ৰাঞ্জল ডেকাই এই অস্ত্ৰোপচাৰৰ নেতৃত্ব বহন কৰে। সেই উদ্দেশ্যে আয়োজন কৰা মঙলবাৰৰ অনুষ্ঠানত ডাউন টাউন হাস্পতালৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ এন এন দত্তই কয়"-আমি চাৰি বছৰ আগতে লিভাৰ সংৰোপণ অস্ত্ৰোপচাৰ কক্ষ এটিৰ ব্যৱস্থা কৰিছিলো। কিন্তু, তাতে আমি এই জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ সক্ষম হোৱা নাছিলোঁ। আমি এইবাৰ দলীয় প্ৰচেষ্টাৰ জৰিয়তে এই জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিলোঁ। মই জয়দেৱ দাসক আমাৰ হাস্পাতালত অস্ত্ৰোপচাৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি দুয়ো খন হাস্পাতালে ইতিমধ্যে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছোঁ আৰু এই সুবিধাৰ  দ্বাৰা অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীয়ে উপকৃত হ'ব পাৰিব"। আনহাতে, হাইদবাদৰ যশোদা হাস্পতালৰ মুখ্য যকৃৎ চার্জন ডাঃ পি বালাচন্দ্ৰণে কয়-" বৰ্তমান ভাৰতত কমেও ৩০,০০০ যকৃৎ সংৰূপনৰ প্ৰয়োজন কিন্তু এবছৰত মাত্ৰ ২০০০ৰ অধিক ৰোগীৰহে সংৰোপণ সম্ভৱ হৈছে। যিহেতু জীৱন্ত যকৃতৰ পুনৰ সৃষ্টি হোৱাৰ প্ৰৱণতা আছে গতিকে সংৰোপণ প্ৰণালী সকলোৰে গ্ৰহণযোগ্য আৰু সফল"। আনহাতে ডাউন টাউন হাস্পতালৰ যকৃৎ সংৰোপন চার্জন প্ৰাঞ্জল ডেকাই কয়-স্থায়ীয়ভাৱে চিকিৎসা প্ৰদান হৈছে নিৰাময়ৰ সুযোগ প্ৰদানৰ শ্ৰেষ্ঠ পন্থা। ইয়াৰ দ্বাৰা ৰোগীয়ে বহুতো সুবিধা পোৱাৰ লগতে ব্যয়ৰ  পৰিমাণো হ্ৰাস পায়"। আনহাতে ডাউন টাউন হাস্পতালৰ কাৰ্যবাহী সঞ্চালিকা ময়ূৰাক্ষী দত্তই কয়"-আমি ইয়াৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীসকলক প্ৰয়োজনীয় এল ডি এল টি সেৱা আগবঢ়াবলৈ হায়দৰাবাদৰ যশোদা হাস্পতাল আৰু গুৱাহাটীৰ ডাউন টাউন হাস্পতালৰ সহযোগিতাৰ বিষয়ে ঘোষণা কৰি আমি অতি আনন্দিত হৈছো"। যশোদা হাস্পাতালৰ জি এছ ৰাওই ব্যক্তব্য আগবঢ়ায়। আনহাতে, যশোদা হাস্পাতালৰ কাৰ্যবাহী ভি পি ডাঃ চন্দ্ৰশেখৰ  ৰামামূৰ্তিয়ে যশোদা হাস্পতালৰ যকৃত ৰোগৰ বিষয়ে বিভিন্ন সজাগতাৰ সৃষ্টিষ্টি কৰাৰ কথা উল্লেখ কৰে। উল্লেখযোগ্য যে, আজিৰ অনুষ্ঠানত জয়দেৱ দাস আৰু তেওঁৰ পত্নী উপস্থিত থাকি চিকিৎসকৰ দলটোক ধন্যবাদ জ্ঞাপন কৰে।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment