শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ বিধায়িকা আঙুৰলতা ডেকা
ষ্টাফৰিপৰ্টাৰ, ২৩ অক্টোবৰ : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। বিধায়িকা ডেকাই ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জনাই কয় "এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে মই সাংঘাটিক সুখ অনুভৱ কৰিছো। কিয়নো গুৰুজনাৰ নামকৰণেৰে থকা এই অনুষ্ঠানটোত কাম কৰাৰ সুযোগ লাভ কৰিম। বৃহৎ অনুষ্ঠানটোৰ জৰিয়তে কেনেদৰে জাতিটোক আগবঢ়াই লৈ যাব পাৰি তাৰ বাবে সকলোৰে দিহা-পৰামৰ্শ প্ৰয়োজন আছে।"
0 Comments:
Post a Comment