*তথ্য আৰু জনসংযোগ বিভাগৰ সাংবাদিক স্বাস্থ্য কল্যাণ আঁচনি : শিৱসাগৰৰ সাংবাদিকক আৰ্থিক অনুদানৰ চেক অৰ্পণ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ*

*তথ্য আৰু জনসংযোগ বিভাগৰ সাংবাদিক স্বাস্থ্য কল্যাণ আঁচনি : শিৱসাগৰৰ সাংবাদিকক আৰ্থিক অনুদানৰ চেক অৰ্পণ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ*

ষ্টাফৰিপৰ্টাৰ ২৯ অক্টোবৰ : ৰাজ্য চৰকাৰৰ 'সাংবাদিক স্বাস্থ্য কল্যাণ আঁচনি'ৰ অধীনত শিৱসাগৰ জিলাৰ  সাংবাদিক এগৰাকীলৈ আৰ্থিক অনুদান আগবঢ়াইছে তথ্য আৰু জনসংযোগ বিভাগে। 

আজি বিয়লি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই আমাৰ অসম কাকতৰ সাংবাদিক মনোজ কুমাৰ গগৈক আনুষ্ঠানিক ভাৱে এই অনুদানৰ অন্তৰ্গত ২০ হাজাৰ টকাৰ এক চেক প্ৰদান কৰে। 

উক্ত অনুষ্ঠানত শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাচনাহানা, শিৱসাগৰ জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি খলিলুৰ ৰহমান হাজৰিকাকে প্ৰমুখ্যে কৰি কেইবাগৰাকী সাংবাদিক উপস্থিত থাকে।

উল্লেখ্য যে, ৰাজ্যৰ সাংবাদসেৱী সকলক নিজৰ তথা পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ তথ্য আৰু জনসংযোগ বিভাগৰ জৰিয়তে আৰ্থিক অনুদান আগবঢ়াবলৈ এই আঁচনিখন ৰূপায়ণৰ ব্যৱস্থা কৰি আহিছে অসম চৰকাৰে। 

উপস্থিত সাংবাদিক সকলৰ সৈতে মতবিনিময় কৰা কালত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ জনস্বাৰ্থজৰিত বিষয়সমূহৰ বিষয়ে সাংবাদিকসকলৰ পৰা আভাষ লয়। তেওঁ শিৱসাগৰ জিলাৰ দ্ৰুত উন্নয়ন আৰু শিৱসাগৰবাসীৰ কল্যাণৰ দিশত জিলা প্ৰশাসনে সম্পূৰ্ণ আন্তৰিকতাৰে প্ৰচেষ্টা চলাব বুলি দোহাৰি এইক্ষেত্ৰত সাংবাদিকসকলৰ পৰা ইতিবাচক সহযোগিতা কামনা কৰে। জিলাখনৰ ৰাজহুৱা স্বাৰ্থজৰিত বিষয়সমূহত সংবাদসেৱীসকলৰ মতামত জিলা প্ৰশাসনে অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব বুলিও তেওঁ মত প্ৰকাশ কৰে।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment