*শিশু শিক্ষা সমিতিৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত*
ষ্টাফৰিপৰ্টাৰ,২৯ অক্টোবৰ: শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত আজি গুৱাহাটীত এক কুইজ প্ৰতিযোগিতা আয়োজিত হয়। পণ্ডিত তথা অসমৰ প্ৰথমজন স্নাতক আনন্দৰাম বৰুৱাৰ নামত উতসৰ্গিত এই কুইজ প্ৰতিযোগিতা ৰাজ্যৰ শংকৰদেৱ শিশু তথা বিদ্যানিকেতনৰ বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
বিদ্যা ভাৰতীৰ সংবন্ধ শিশু শিক্ষা সমিতিয়ে পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই কুইজ প্ৰতিযোগিতাত শংকৰদেৱ শিশু তথা বিদ্যা নিকেতনসমূহৰদ্বাৰা অনুষ্ঠিত বিভিন্ন শিতানৰ কুইজ প্ৰতিযোগিতাৰ বিজয়ী হৈ অহা প্ৰতিযোগীসকলে আজিৰ এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বিশেষকৈ নিকেতন সমূহৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে এই কুইজত অংশগ্ৰহণ কৰে। এনে ২৪ টা ছাত্ৰ ছাত্ৰীৰ দলে আজি কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পূৰ্বে উপস্থিত ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰুসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় সম্পাদক ব্ৰহ্মাজী ৰাও, শিশু শিক্ষা সমিতি অসমৰ সভাপতি ড. নিৰ্মল বৰুৱা , এছ বি দেওৰা মহাবিদ্যালয়ৰ উপাধক্ষ্য ড. নিৰঞ্জন কলিতা আদি বিশিষ্ট ব্যক্তিসকলে। কুইজ প্ৰতিযোগিতা আৰম্ভণিৰ পূৰ্বে শিশু শিক্ষা সমিতিৰ তৰফৰ পৰা তিনিমহীয়া আলোচনী বিদ্যাভাৰতী সংবাদত ২০ বছৰে সেৱা আগবঢ়োৱা শশীপ্ৰভা দাসকো সম্বৰ্দ্ধনা জনোৱা হয়।
আজি পি ডব্লিউ ডি কনভেনচন আৰু ট্ৰেইনিং চেন্টাৰত অনুষ্ঠিত এই কুইজ প্ৰতিযোগিতা সন্দৰ্ভত সাংবাদিকৰ আগত মন্তব্য কৰি বিদ্যা ভাৰতী উত্তৰ অসমৰ প্ৰান্ত সংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে কয় যে ছাত্ৰ ছাত্ৰীসকলে কিতাপৰ শিক্ষাৰ লগতে যাতে অসমৰ কলা সংস্কৃতি, ইতিহাস, ভূগোলৰ সম্বন্ধেও জ্ঞাত হয় এই কুইজ প্ৰতিযোগিতাৰ জৰিয়তেদি তাৰেই প্ৰয়াস কৰা হৈছে। আনহাতে এই অনুষ্ঠানত উপস্থিত থাকি শিশু শিক্ষা সমিতি অসমৰ প্ৰান্ত প্ৰচাৰক শৈলেন্দ্ৰ পাণ্ডেই কয় শিশু সকলে নিজৰ ৰাজ্যখনক তথা দেশখনক যাতে আৰু অধিক ভালদৰে জানিব পাৰে তাৰ বাবেই এই প্ৰয়াস কৰা হৈছে। মঙল বাৰে গুৱাহাটীত অনুস্থিত এই ৰাজ্যিক কুইজ প্ৰতিযোগিতাৰ
*প্ৰথম পুৰস্কাৰ
শংকৰদেৱ বিদ্যা নিকেতন, বৰভাগ, নলবাৰীৰ মৃণাল লস্কৰ আৰু প্ৰজ্ঞাদীপ ভট্টাচায্যই
*দ্বিতীয় পুৰস্কাৰ
শংকৰদেৱ বিদ্যা নিকেতন , বনগাওঁ, মজুলীৰ
আশাদ্বীপ শইকীয়া আৰু হিমাদ্ৰী মুদৈ* আৰু
*তৃতীয় পুৰস্কাৰ
শংকৰদেৱ বিদ্যা নিকেতন, হাতীচোং , নগাওঁৰ
শুভলক্ষ্মী হাজৰীকা আৰু পৰাগ জ্যোতি শইকীয়াই* লাভ কৰে। অনুষ্ঠানৰ শেষত শিশু শিক্ষা সমিতি, অসমৰ সম্পাদক প্ৰধান কুলেন্দ্ৰ ভাগৱতী, বিদ্যা ভাৰতীৰ উত্তৰ অসম প্ৰান্ত সাংগঠনিক মন্ত্ৰী হেমন্ত ধিং মজুমদাৰ আৰু কুইজ প্ৰতিযোগিতাখনিৰ সঞ্চালকৰূপে পৰিচালনা কৰা শৈলেন বৈশ্যৰ উপস্থিতিত তিনিওটি দলকে প্ৰথম, দ্বিতীয় আৰু তৃতীয় বঁটা প্ৰদান কৰা হয়।
0 Comments:
Post a Comment