পোহৰৰ উৎসৱত ছনী ইণ্ডিয়াৰ সামগ্ৰী সমুহত বিশেষ অফাৰ

পোহৰৰ উৎসৱত ছনী ইণ্ডিয়াৰ সামগ্ৰী সমুহত বিশেষ অফাৰ


ষ্টাফৰিপৰ্টাৰ, ২৩ অক্টোবৰ : ছনী ইণ্ডিয়াই দেশত ইয়াৰ প্ৰিমিয়াম ব্ৰেণ্ডৰ অৱস্থা সুদৃঢ় কৰিবলৈ ইয়াৰ প্ৰডাক্ট সমূহৰ এক শক্তিশালী লাইন আপ আকৰ্ষণীয় কনজিউমাৰ আৰু ফাইনেন্স অফাৰৰ সৈতে মুকলি কৰিছে। এই উপলক্ষে বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেল যোগে ছনী ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সুনীল নায়াৰে কয় " ছনী ইণ্ডিয়াই সদায় গুণগত মানত সদায় গুৰুত্ব আৰোপ কৰি আহিছে। পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰিমিয়াম টেলিভিছন খণ্ডত এশ শতাংশ, সকলো টেলিভিছন ব্যবসাযত ১৫ শতাংশ, ডিজিটেল ইমেজিঙত ৮০ শতাংশ, চাউণ্ডবাৰত ৪০ শতাংশ, পাৰ্টি স্পীকাৰত ৬০ শতাংশ আৰু হেডফোন কেটেগৰিত ৯০ শতাংশ, বিগত বৰ্ষৰ (ছেপ্টেম্বৰ-নৱেম্বৰ) সংশ্লিষ্ট সময়ছোৱা বনাম, এই উৎসৱৰ বতৰত বৃদ্ধিৰ লক্ষ্য আমি হাতত লৈছোঁ। এই উৎসৱৰ সময়ত গ্ৰাহকক অধিকতম সন্তুষ্টি প্ৰদানৰ সৈতে সকলো কেটেগীৰৰ উদ্ভাৱন প্ৰডাক্ট সমুহৰ এক ব্যাপক পৰিসৰ আৰু দৰৰ পইণ্ট সমুহ ঘোষণা কৰা হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলত আমি ব্যৱসায়ত যথেষ্ট সুফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। চলিত বছৰত আমি  অসম তথা উত্তৰ পূৰ্বাঞ্চলত ১৬০ কোটি টকাৰ ব্যৱস্যায় কৰিবলৈ সক্ষম হৈছোঁ।"
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment