গুৱাহাটীৰ এপ'ল' হাস্পতালত চি.টি. ভি.এছ ইউনিটৰ শুভাৰম্ভ
গুৱাহাটীস্থিত এপ'ল' হাস্পতালে ইয়াৰ নিজা চি.টি. ভি. এছ চেণ্টাৰ মুকলি কৰে। যাৰ দ্বাৰা নিয়মীয়াকৈ মিলিমেলি ইনভেছিভ কৰ্ডিয়াক অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হৈ আহিছে। ইয়াৰ ফলস্বৰূপে মাৰ্চ মাহত হাস্পতালে প্ৰথমটো অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয়। এই মিনিমেলি ইনভেছিভৰ বিষয়ে ৰাইজক বহুলভাৱে জনোৱাৰ উদ্দেশ্যে হাস্পতালখনৰ উদ্যোগত গুৱাহাটীত এখন সংবাদমেলৰ আয়োজন কৰা হয়। এই সংবাদ মেলত উপস্থিত থাকি এপ'ল' হাস্পতালৰ মুখ্য কাৰ্ডিয় চিকিৎসক ডাঃ জ্যোতি প্ৰসাদ কলিতাই কয়"-আমাৰ হাস্পতালত উন্নতমানৰ অত্যাধুনিক যন্ত্ৰপাতি থকাৰ লগতে লগতে উন্নত মানৰ প্ৰযুক্তিৰে আমি অস্ত্ৰোপচাৰ সম্পন্ন কৰো।এই এম .আই .চি এছ হৈছে এক উন্নত মানৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ। এই প্ৰক্ৰিয়াৰ জৰিয়তে ৰোগীৰ চেষ্ট ৱাল নকটাকৈ চেষ্টৱালত ছিদ্ৰ কৰি তাৰ দ্বাৰা অস্ত্ৰোপচাৰ কৰা হয়। এই অস্ত্ৰোপচাৰ প্ৰধান সুবিধা সমূহৰ ভিতৰত প্ৰথমেত ক'ব লাগিব ইয়াৰ দ্বাৰা সংক্ৰমণ আশংকা কম থাকে। তাৰোপৰি অস্ত্ৰোপচাৰ সময়ত ৰক্তক্ষৰণ কম পৰিমাণে হয় আৰু অস্ত্ৰোপচাৰৰ পিচত বিষ কম পৰিমাণে হয়। তাৰ বাহিৰেও ৰোগীজনে সোনকালে অৰ্থাৎ তিনি মাহৰ ভিতৰত আৰোগ্য লাভ কৰিবলৈ সক্ষম হয়। তাৰোপৰি ডাঃ কলিতাই আৰ্থিক ভাৱে দুৰ্বল ৰোগীসকলক উদ্দেশ্যি মন্তব্য কৰি লগতে কয়" এতিয়াৰ পৰা চৰকাৰী আঁচনিৰ অন্তৰ্গত অটল অমৃত, আয়ুষ্মান ভাৰত, আদিৰ দৰে স্বাস্থ্য সেৱা কাৰ্ডৰ সুবিধা এপ'ল' হাস্পতালত সম্পূৰ্ণ বিনামূলীয়াকৈ লব পাৰিব। আনহাতে, এপ'ল হাস্পতালৰ আন এজন বিশিষ্ট চিকিৎসক ডাঃ বিনয় দাসে সংবাদমেলত উপস্থিত থাকি এনে সুবিধা বোৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীসকলক লাভাম্বিত কৰিব বুলি মন্তব্য কৰে"। উল্লেখযোগ্য যে, বৰ্তমান ১৫ টা মিনিমেলি অস্ত্ৰোপচাৰ হাস্পতালখনে সফলতাৰে সম্পন্ন কৰিছে। তাৰোপৰি বিভিন্ন ধৰণৰ অস্ত্ৰোপচাৰ যেনে, শিশুসকলৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ, হাৰ্ট ভালভ অস্ত্ৰোপচাৰ, বাইপাছ অস্ত্ৰোপচাৰ আদিও হাস্পতাল খনে সফলতাৰ সম্পন্ন কৰিছে।
0 Comments:
Post a Comment