আবাহন থিয়েটাৰৰ উদ্যোগত বৰ্ণিল শোভাযাত্ৰা
ষ্টাফৰিপৰ্টাৰ ১৮ অক্টোবৰ : স্বদেশ আৰু স্বজাতিৰ বাবে সাহস আৰু প্ৰেৰণাৰ প্ৰতীক বিৰাঙ্গনা "মূলগাভৰু"ক শ্ৰদ্ধাৰে সোঁৱৰাৰ উদ্দেশ্যে শুকুৰবাৰে আবাহন থিয়েটাৰৰ উদ্যোগত বৰ্ণিল শোভাযাত্ৰা অনুষ্ঠিত হয়। মহানগৰীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা গণেশগুৰিৰ গণেশ মন্দিৰৰ প্ৰাংগণত সামৰণি পৰে। অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসে উদ্বোধন কৰা এই শোভাযাত্ৰাত হাতীত বীৰাংগনা মূলগাভৰুৰ পোছাকত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে যাত্ৰা কৰে। শোভাযাত্ৰাত আবাহন থিয়েটাৰৰ শিল্পী কলা-কুশলী সকল, সমন্বয় ক্ষেত্ৰৰ এটা বিহু দল, বড়ো জনগোষ্ঠীৰ এটা সাংস্কৃতিক দল, আৰু বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মা, কৰিঅ'গ্ৰাফাৰ উদয় শংকৰ, সংগীত পৰিচালক অজয় ফুকনৰ লগতে প্ৰায় শতাধিকলোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে আবাহন থিয়েটাৰে এই বীৰংগনা গৰাকীৰ ত্যাগ, বীৰত্বৰ অপূৰ্ব নিদৰ্শনক ভ্ৰাম্যমাণৰ মঞ্চৰ জৰিয়তে সকলোৰে আগত জীৱন্ত ৰূপ দিয়াৰ এক চেষ্টাৰে এইবাৰ "মূলগাভৰু" শীৰ্ষক নাটক মঞ্চস্থ কৰা হ'ব।
0 Comments:
Post a Comment