প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ বাবে মণিপুৰী বস্তি নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত সজাগতা সভা
প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ বাবে বুধবাৰে গুৱাহাটীৰ মণিপুৰী বস্তি নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আৰু অসম ষ্টেট আৰবান লাইভলী হুদছ মিছন ছচাইটি , স্বচ্ছ ভাৰত মিছন , আদিৰ সহযোগত অনুষ্ঠিত হোৱা সজাগতা সভা খনত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰবক্তা ৰঘুনাথ গোস্বামী, আৰ্য্য পাঠশালাৰ প্ৰধান শিক্ষক হেমন্ত দাস, জি এম চিৰ চি আৰ পি মণিকা মেধি আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত আজিৰে পৰা প্লাষ্টিক মুক্ত দেশ গঢ়াৰ বাবে উপস্থিত সকলোকে সহযোগিতা আগবঢ়বলৈ বিশিষ্ট ব্যক্তি সকলে আহ্বান জনায়। সভাত প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে।
0 Comments:
Post a Comment