স্বেচ্ছাসেৱী অনুষ্ঠান "হেঁপাহ"ৰ উদ্যোগত প্লাষ্টিক বৰ্জনৰ এক অভিযান আৰম্ভ
স্বেচ্ছাসেৱী অনুষ্ঠান "হেঁপাহ"ৰ উদ্যোগত বুধবাৰে প্লাষ্টিক বৰ্জনৰ এক অভিযান আৰম্ভ হয়। মহানগৰীৰ গণেশগুৰিৰ বি. কে টাৱাৰৰ বিপৰীতে পাচলি বজাৰৰ কাষত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰখ্যাত চিত্ৰকাৰ তথা ভাস্কৰ্য শিল্পী ননী বৰপুজাৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি "হেঁপাহ"ৰ কাপোৰৰ মোনা ৰাইজৰ বাবে মুকলি কৰে। অনুষ্ঠানত বিশিষ্ট অতীথিৰ ভাষণ প্ৰদান কৰি শিল্পী গৰাকীয়ে কয় --"আমি আমাৰ চৌদিশ পৰিষ্কাৰ পৰিচন্নকৈ ৰাখিব লাগে। কিয়নো পৰিষ্কাৰ পৰিচন্নতাই আমাৰ দেহ মন সুস্থ কৰি ৰখাত সহায় কৰে। সেয়েহে নৱ প্ৰজন্মকো আমি চৌদিশ পৰিষ্কাৰ কৰি ৰখাৰ বাবে উৎসাহ জনাব লাগে। আমাৰ চৌদিশ পৰিষ্কাৰ হৈ থাকিলেহে আমাৰ সমাজখন পৰিষ্কাৰ হব আৰু সমাজখন পৰিষ্কাৰ হৈ থকা মানে আমাৰ দেশখন পৰিষ্কাৰ হৈ থাকিব"। অনুষ্ঠানত অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক চন্দন কুমাৰ দুৱৰাই কয় --"প্লাষ্টিকে আমাৰ বহু ক্ষতি কৰি আহিছে। কাৰণ প্লাষ্টিক কেতিয়াও পঁচি নাযায় আৰু প্লাষ্টিক জ্বলাই দিলে প্লাষ্টিকৰ পৰা বিষাক্ত ধোঁৱা নিৰ্গত হয়। যি আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। সেয়েহে আমি প্লাষ্টিকৰ ব্যৱহাৰৰ পৰা দূৰত থাকিব লাগে। প্লাষ্টিকৰ সামগ্ৰীৰ পৰিবৰ্তে মাটিৰ পাত্ৰ, কাপোৰৰ মোনা আদি ব্যৱহাৰ কৰিব লাগে। হেঁপাহৰ সদস্য নয়ন জ্যোতি ভূঞা আৰু হেঁপাহৰ প্ৰচাৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক আলিয়াছ আহমেদে আঁতধৰা এই অনুষ্ঠান পৰিচালনা কৰে হেঁপাহৰ সভাপতি সৰোজ কুমাৰ নাথে। সভাৰ আৰম্ভণি তে বিশিষ্ট অতিথি ননী বৰপূজাৰী, জ্যেষ্ঠ সাংবাদিক চন্দন কুমাৰ দুৱৰা আৰু "আমাৰ অসম"ৰ সাংবাদিক অনুপমা ডেকাক হেঁপাহৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। শেষত উপস্থিত ৰাইজৰ মাজত হেঁপাহৰ কাপোৰৰ মোনা বিৱৰণ কৰা হয়। সভাত
ব্যাসকুছি হাইস্কুলৰ প্ৰধান শিক্ষক ধৰ্মেন্দ্ৰ পাটোৱাৰীৰ, হেঁপাহৰ সাধাৰণ সম্পাদক শুভ শংকৰ তালুকদাৰ লগতে হেঁপাহৰ সদস্য সহ অৰ্ধ শতাধিক লোক উপস্থিত থাকে।
0 Comments:
Post a Comment