ডুগডুগীৰ চতুৰ্থ সংখ্যক শাৰদীয় দুৰ্গাপূজাৰ
ষ্টাফৰিপৰ্টাৰ, ৪ অক্টোবৰ : নগাঁও জিলাৰ ৰণথলীৰ উৎপল বনিয়াৰ বাসগৃহত ডুগডুগীৰ চতুৰ্থ সংখ্যক শাৰদীয় দুৰ্গাপূজাৰ আয়োজন কৰা হৈছে। এই সম্পৰ্কে ডুগডুগীৰ স্বত্বাধিকাৰী উৎপল বনিয়াই কয় "দুৰ্গাপূজাৰ প্ৰাৰম্ভিক কাৰ্যসূচী ২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে। এই পূজাভাগ ৮ অক্টোবৰলৈ চলিব। দুৰ্গাপূজাৰ মণ্ডপ পাহাৰৰ গুহাৰ আৰ্হিত সজোৱা হৈছে । দেৱী দুৰ্গা, লক্ষ্মী আৰু সৰস্বতীৰ প্ৰতিমাত অসমীয়া গহনাৰে অলংকৃত কৰা হৈছে। পূজাত অসমৰ নিভাঁজ গাঁৱলীয়া পৰিবেশ দিয়াৰ লগতে পৰিস্কাৰ আৰু পৰিচন্নতাত অধিক গুৰুত্ব দিয়া হৈছে। পূজা উপলক্ষে প্ৰতিদিনে বৰ্ণাঢ্য কাৰ্যসূচী থকাৰ লগতে ৬ অক্টোবৰত সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।" ডুগডুগীৰ এই দুৰ্গাপূজাৰ কাৰ্যসূচীত সকলোৰে উপস্হিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উৎপল বনিয়াই।
0 Comments:
Post a Comment