অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ অভিলাষি অচনিৰ শুভৰাম্ভ

অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ অভিলাষি অচনিৰ শুভৰাম্ভ 
 
  পলাশবাৰীত 'হাইমাষ্ট লাইট' আচঁনিৰ শুভ-উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

ষ্টাফৰিপৰ্টাৰ ৩  অক্টোবৰ 
 অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগে অসমৰ ৯৬ খন নগৰৰ বাবে গ্ৰহণ কৰিছে অভিলাষি আচনি । ৭৬ কৌটি টকাৰে অসমৰ ৯৬ খন নগৰৰ পৌৰ সভা এলেকাত ১৪৩৮ টা হাইমাষ্ট এল এ ডি লাইট স্থাপন আচনিৰ শুভৰাম্ভ কৰা হয় ।   মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে  দুই অক্টোবত কামৰূপ জিলাৰ  পলাশবাৰী পৌৰসভা এলেকাত 'হাইমাষ্ট লাইট' আচঁনিৰ এটা লাইট জ্বলাই আনুষ্ঠানিকভাৱে অচনি খনৰ শুভ-উদ্বোধন কৰে। উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰী সোণোৱালে  গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি   এই জনহিতকৰ আচনি খন মুকলি সুখী বুলি মন্তব্য কৰি    অসমৰ প্ৰতিখন চহৰ পোহোৰাই তোলাৰ সংকল্পৰে এই আচনিখন চৰকাৰে গ্ৰহণ কৰা বুলি মন্তব্য কৰে । অসমৰ  পৌৰসভা নগৰ সমূহ  প্ৰদূষণ মুক্ত তথা সৰ্বাঙ্গ সুন্দৰ কৰি গঢ়ি তুলিবলৈ  নগৰ উন্নয়ন বিভাগে পৰিকল্পিত ভাবে আগবঢ়িছে আৰু নতুন নতুন পৰিকল্পনা গ্ৰহন কৰিছে  । পৌৰ সভা সমূহত নিশা পোহৰৰ ব্যৱস্থা হলে অপৰাধ মূলক কাৰ্য প্ৰতিৰোধ হোৱাৰ লগতে নাগৰিক সকলোৰো যাতায়তৰ ক্ষেত্ৰত  সুবিধা হব । মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজক নিজৰ নিজৰ নগৰ সমূহ পৰিস্কাৰ পৰিচন্ন কৰি ৰাখিবলৈ পৌৰ প্ৰশাসনক  সহযোগ কৰিবলৈ আহ্বান জনাই কয়  ডাষ্টবিনৰ সৎব্যৱহাৰ কৰাৰ লগতে অসমৰ নগৰ চহৰ সমূহ প্লাষ্টিক মুক্ত কৰি গছ গছনি ৰোপনৰ জৰিয়তে সেউজীয়া পৰিৱেশৰ গঢ়িবলৈ  আগবাঢ়ি আহিবলৈ নাগৰিক সকলোক  অনুৰোধ  ।  পানী সংৰক্ষণৰ বিষয়ে উল্লেখ কৰি বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ সমষ্টিৰ বিধায়ক, পৌৰপতি, প্ৰতিজন ৱাৰ্ড মেম্বাৰ সকলোক  পৰিকল্পনা লবলৈ  আহ্বান জনায় । নগৰ উন্নয়ন বিভাগে ৰাইজৰ বাবে গ্ৰহণ কৰা অভিলাষি আচনীক আৰু মন্ত্ৰী পিযুষ হাজৰিকাৰ প্ৰয়াসক প্ৰশংসা কৰে । ইয়াৰ পূৰ্বে নগৰ উন্নয়ণ দপ্তৰৰ স্বতন্ত্ৰ মন্ত্ৰী পিযুজ হাজৰিকাই হাইমাষ্ট লাইট আঁচনিৰ জৰিয়তে  ৰাজ্যৰ ৯৬  খন নগৰ পোহৰাই তুলিবলৈ লোৱা আঁচনিৰ সবিশেষ কথা উল্লেখ কৰে। ইতিমধ্যে অসমৰ নগৰ হাইমাষ্ট লাইট স্থাপন আচনিৰ কাম দিনে ৰাতিয়ে চলি থকা বুলি উল্লেখ কৰি অচিৰেই নগৰ সমূহত ৰাইজে হাইমাষ্টৰ পোহৰ লাভ কৰিব । পলাশবাৰী নগৰত এই আঁচনিখন  শুভ-উদ্বোধন  পিছত অসমৰ নগৰ সমূহৰ  এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱা  বুলি ভাষণত  উল্লেখ কৰে । এই অভিলাষি আচনি ৰূপায়নৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই । অসমৰ নগৰ সমুহত সৰ্বানন্দ সোনোৱাল  চৰকাৰে বিভিন্ন উন্নয়নমূলক কামেৰে  পৰিবৰ্তন কৰিবলৈ বহু অচনি গ্ৰহণৰ কথা উল্লেখ কৰি   মন্ত্ৰী হাজৰিকাই অতি সোনকালে প্ৰায় ৪০০ কোটি টকা ব্যয়ৰে অসমৰ নগৰ সমুহৰ ৰাষ্ট্ৰা আৰু ড্ৰেইনৰ কাম কৰি পৰিবেশ আৰু যাতায়ত সূচল কৰাৰ বাবে পদক্ষেপ হাতত লোৱাৰ কথাও প্ৰকাশ কৰে । অসমৰ ৯ খন নগৰক  আদৰ্শ নগৰ ৰূপে গঢ়িবলৈ নগৰ উন্নয়ন বিভাগে গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত পলাশবাৰীকো অন্তৰ্ভুক্ত কৰি ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানেৰে ৰাইজৰ আশা পূৰণ কৰা হব বুলি ভাষণত উল্লখ কৰে মন্ত্ৰীজনে  । প্ৰায় পাচ হাজাৰ ৰাইজৰ উপস্থিতিত  অনুস্থিত এই উদ্বোধনী অনুষ্ঠানত মূখ্যমন্ত্ৰী আইনী উপদেষ্টা শান্তনু ভৰালী, বিভাগৰ সচিব নিৰোজ কুমাৰ দাস, জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য, পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতা, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ যুৱ সমাজকৰ্মী  হিমাংশু শেখৰ বৈশ্য  উপস্থিত থাকে । অনুষ্ঠাটোত শলাগৰ শৰাই আগবঢ়ায় পলাশবাৰী পৌৰসভাৰ পৌৰপতি ৰাতুল শৰ্মাই ।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment