আণ্ডাৰ ৰাইটৰ্চ লেবটৰীজে আয়োজন কৰা নেশ্যনেল ছেফটি চাইঞ্চ কুইজৰ বিজয়ী ঘোষণা।।

আণ্ডাৰ ৰাইটৰ্চ লেবটৰীজে আয়োজন কৰা নেশ্যনেল ছেফটি চাইঞ্চ কুইজৰ বিজয়ী ঘোষণা।।

 ষ্টাফ ৰিপোৰ্টাৰ,,,,২৩ অক্টোবৰ।।। জনসাধাৰণৰ সুৰক্ষা বৃদ্ধিৰ কাৰণে উৎসৰ্গিত সুৰক্ষা বিজ্ঞান সংস্থা আণ্ডাৰ ৰাইটাৰ্চ লেবৰেটৰীজে মঙলবাৰে নেশ্যনেল ছেফটি চায়েঞ্চ কুইজৰ বিজয়ী ঘোষণা কৰিলে। অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাত মহৰ্ষি বিদ্যা মন্দিৰ বিদ্যালয়ৰ পুণ্যভট্ট গোস্বামী আৰু পীয়ুষ প্ৰহৰাজে প্ৰথম স্থান দখল কৰে। কটন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আঞ্চলিক পৰ্যায়ৰ প্ৰতিযোগিতা খনত এন পি এছ আন্তৰাষ্ট্ৰীয় বিদ্যালয়ৰ অনুৰাগ বৰুৱা আৰু অৰিত্ৰ পালে ৰানাৰ্চ আপৰ খিতাপ দখল কৰে। গুৱাহাটীৰ লগতে বেংগালুৰু, চেন্নাই, দিল্লী, মুম্বাই, হাইদৰাবাদ, কলকাতা আদিতো নেশ্যনেল ছেফটি চাইঞ্চ কুইজ অনুষ্ঠিত হয়। কুইজৰ উপৰিও নেশ্যনেল ছেফটি চাইঞ্চ কেপ্তেইনে সুৰক্ষা বিষয়ৰ ওপৰত চতুৰ্থৰ পৰা সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ মাজত অনলাইন পোষ্টাৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে,নেশ্যনেল ছেফটি চাইঞ্চে ইতিমধ্যে ভাৰতত দুৰ্ঘটনা প্ৰশমন কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment