জনজাতিসকলৰ পাঠদানৰ বাবে প্ৰযোজ্য ভাষা নীতি শীঘ্ৰে প্ৰৱৰ্তনৰ দাবী জনজাতি ছাত্ৰ সন্থা আইটছা'ৰ

জনজাতিসকলৰ পাঠদানৰ বাবে প্ৰযোজ্য ভাষা নীতি শীঘ্ৰে প্ৰৱৰ্তনৰ দাবী জনজাতি ছাত্ৰ সন্থা আইটছা'ৰ

সোণোৱাল চৰকাৰ কেবিনেটৰ আত্মঘাটী জনসংখ্যা নীতি বাতিলৰ দাবী

ষ্টাফৰিপৰ্টাৰ ২৩ অক্টোবৰ : অসমৰ অনুসূচীত জনজাতিসকলৰ ভাষা শিক্ষা প্ৰচলন, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত তথা শিক্ষাৰ অধিকাৰ আইন ২০০৯ উলংঘন কাৰ্যকলাপ অতি শীঘ্ৰে বন্ধ কৰি বড়ো, মিচিং, তিৱা, ৰাভা, সোণোৱাল, দেউৰী, কাৰ্বি, ডিমাচা, মান টাই ইত্যাদি ত্ৰি-চতুৰ্থ ভাষাৰ নীতি প্ৰচলন কৰিবলৈ টানি দাবী উত্থাপন কৰিছে অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেন্টছ এচচিয়েশ্যন আসাম (আইটছা)ৰ উপদেষ্টা অৰিন্দম প্ৰিন্স পাংগিঙে। অলপতে সোণোৱাল চৰকাৰে কেবিনেটত থ্ৰী-লেংগুৱেজ পলিচি আৰু জনজাতি ছাত্ৰ-ছাত্ৰীসকলৰ মাতৃভাষাত শিক্ষা গ্ৰহণৰ যি অধিকাৰ সম্পৰ্ক আলোচনা কৰে যদিও চৰকাৰে ইয়াৰ কাৰ্যকৰীকৰণত কিয় পিছহোহকাৰ দৰে মনোভাৱ ল'ব লগাটো দুৰ্ভাগ্যজনক বুলিও আশ্চৰ্য প্ৰকাশ কৰিছে আইটছাৰ উপদেষ্টা অৰিন্দম প্ৰিন্স পাংগিঙে।   তদুপৰি এক বিশেষ সূত্ৰে গমপোৱা অনুসৰি কেবিনেটৰ আলোচনাকালত বড়ো মিচিং তিৱা দেউৰী ৰাভা ইত্যাদিৰ লগত কাৰ্বি আৰু ডিমাচা ভাষাক অন্তৰ্ভুক্ত নকৰি এচচিআৰটি'ৰ গাফিলতিক দোহাই দি থ্ৰী লেংগুৱেজ পলিচি ঘোষণাৰ ক্ষেত্ৰত দায়সৰা কাৰ্যক ধিক্কাৰ দিছে অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেন্টছ এচচিয়েশ্যন আসাম (অাইটছা) সভাপতি বাবুৰাভা হাকাচামে। লগতে অসমৰ জনজাতিৰ ভাষা নীতিত বৈষম্য আৰু অৱহেলাৰ মনোবৃত্তি প্ৰকাশ কৰা এচ চি আৰটিৰ সঞ্চালকগৰাকীৰ কাণ্ডগ্যানীতাৰ বাবে তেওঁক অতি শীঘ্ৰ পদচ্যুত কৰাৰ লগতে বিভাগীয়ভাৱে শাস্তিপ্ৰদানৰো দাবী জনাইছে আইটছাৰ সভাপতি বাবুৰাভাই। ইপিনে বিজেপি সন্মিলিত অসম চৰকাৰে খিলঞ্জীয়া অসমবাসীৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে দুটি সন্তানৰ মাজত সীমাবদ্ধতা বান্ধি কাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আত্মঘাটী জনসংখ্যা নীতি ঘোষণা কৰিবলৈ আহিছ বুলিও সৌচ্চাৰ হৈ পৰিছে আইটছাৰ উপসভাপতি বিক্ৰম হান্সেই। এনে কাণ্ডগ্যানহীন চৰকাৰী টোগলকী কাণ্ড অসমবিদেষী অাৰু অসমৰ বাবে বিপদজনক। যিহেতু অসমৰ থলুৱাৰ জনসংখ্যা প্ৰতিৰোধ কৰি আকৌ সেই একে চৰকাৰে হিন্দু জনসংখ্যা বঢ়াবলৈ  নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰে হিন্দু বাংলাদেশী আনিবলৈ উঠিপৰি লাগিছে গতিকে এনে অসমবিৰোধী কুচক্ৰান্ত  সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈয়ো দাবী জনাইছে আইটছাৰ উপসভাপতি বিক্ৰম হান্সেই। ইয়াৰোপৰি মানৱ অধিকাৰ উলংঘনকাৰী দুটি সন্তানৰ নীতি অসমৰ অনুসূচীত জনজাতিৰ ক্ষেতত এশ শতাংশই ৰেহাই আৰু ইয়াক কোনোপধ্যে জাপি নিদিবলৈয়ো সকিয়নি প্ৰদান কৰিছে আইটছাৰ কেন্দ্ৰীয় নেতৃবৃন্দই।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment