কয়লাৰ কলা সাম্ৰাজ্যৰ সম্ৰাট প্ৰদুৎ বৰদলৈ

কয়লাৰ কলা সাম্ৰাজ্যৰ সম্ৰাট প্ৰদুৎ বৰদলৈ


 ষ্টাফৰিপৰ্টাৰ, ৩ অক্টোবৰ : অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে আজি এখন সাংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেল সম্বোধন কৰি তেওঁ কয় - "১৫ বছৰীয়া কয়লাৰ কলা সাম্ৰাজ্যৰ সম্ৰাট আছিল প্ৰদুৎ বৰদলৈ। বৰদলৈয়ে  কোৱাৰ ধৰণে কয়লা খনিত শ্ৰমিকৰ মৃত্যু হলে সাংবাদিকে এক লাখ টকাকৈ লাভ কৰে বুলি যি ব্যক্তব্য ৰাখিছে সেয়া অতি উদ্বেগজনক। সাংবাদিকৰ দৰে পবিত্ৰ বৃত্তিটোক প্ৰদুৎ বৰদলৈয়ে কালিমা সানিছে। বৰদলৈয়ে স্পষ্ট কৰক- কি সূত্ৰৰ পৰা কোন কোন শ্ৰমিকৰ মৃত্যুত কোন  সাংবাদিকে কিমান টকা লাভ কৰিছিল। কয়লাৰ কলা সাম্ৰাজ্যৰ সম্ৰাট হিচাপে কোন সাংবাদিকক কিমান টকা দিছিল? কয়লাৰ মোহ এৰিব পৰা নাই বৰদলৈয়ে। তেওঁৰ মন মগজুত এতিয়াও কয়লাৰ কলা সাম্ৰাজ্যৰ স্মৃতিয়ে দোল দি আছে। কয়লা - তুমি মোৰ মাথো মোৰ । এই কয়লা সম্ৰাট গৰাকীয়ে এ পি এছ চি কেলেংকাৰী, গড় হত্যা আদি বিষয়ত কিন্তু কোনো মাত মতা নাছিল। মাৰ্ঘেৰিটাৰ জনসাধাৰণে মাৰ্ঘেৰিটাৰ পৰা নিৰ্বাসিত কৰাৰ পিছত গড় হত্যাৰ অভিযোগত ৰাজহুৱা অভিযোগেৰে অভিযুক্ত এগৰাকীৰ সহায়ত নগাঁৱত খুপনি পুতি নিজকে প্ৰবজিত মুছলমানৰ কোলাৰ কেচুৱা বুলি প্ৰতিপন্ন কৰিছে। প্ৰদ্যুত বৰদলৈয়ে যিমানেই আস্ফালন নকৰক কিয় মূখ্যমন্ত্ৰীৰ নিকা ভাৱমূৰ্তিত কেতিয়াও চেকা লগাব নোৱাৰে। মূখ্যমন্ত্ৰীৰ ভ্ৰমণসূচীলৈ উদ্বিগ্ন হৈ থকা প্ৰদ্যুত বৰদলৈ মূখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সহায়কাৰী হিচাপে  যোগদান কৰাৰ ইচ্ছা থাকিলে আমাক জনালে তেওঁক নিযুক্তিৰ ব্যৱস্থা কৰিম। 
আৱালে লগতে  কয়  - "বৰদলৈয়ে কোৱাৰ ধৰণে প্ৰতিদিনে শ শ খন এজাহাৰ coal India Limited ৰ তৰফৰপৰা থানাত দিয়া হোৱা নাই। লেখাপানী থানাত ১৫টা আৰু মাৰ্ঘেৰিটা থানাত ৮৪টা কয়লা সম্পৰ্কীয় গোছৰ পঞ্জীয়ন হৈছে।"
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment